কালান্তক ক’ৰোনাক লৈ সজাগ নহয় নাগৰিক, নলবাৰীত আৰক্ষীৰ অভিযান
নিয়মীয়া বাৰ্তা, ৮ ছেপ্টেম্বৰঃ ক’ৰোনাৰ প্ৰসংগত চৰকাৰে অনিচ্ছা সত্ত্বেও লকডাউন প্ৰত্যাহাৰ কৰিছে যদিও সামাজিক দূৰত্ব, মাস্ক আদি ক’ভিড প্ৰট’কল মানি চলিবলৈ ৰাইজক আহ্বান জনাইছিল। উচ্চ ন্যায়ালয়েও মাস্ক নিপিন্ধা লোকৰ ক্ষেত্ৰত জৰিমনা বিহাৰ নিৰ্দেশনা জাৰি কৰিছে। কিন্তু সাধাৰণ এখন মাস্ক নিপিন্ধাকৈ বহুসংখ্যক লোকে বিনাদ্বিধাই ঘূৰি ফুৰা দেখা গ’ল নলবাৰীত।
আজি নলবাৰী চহৰত আৰক্ষীয়ে চলোৱা অভিযানত ওলাই পৰে ক’ৰোনাক লৈ নাগৰিকৰ সজাগতাৰ নমুনা। কিয়নো বহুসংখ্যক বাহনৰ গৰাকীৰ পৰা নলবাৰী আৰক্ষীয়ে জৰিমনা আদায় কৰাৰ লগতে জৰিমনা দিব নোৱাৰা বহু বাহন জব্দ কৰে।
অভিযানকালত আৰক্ষীৰে বহু নাগৰিকে মাস্ক নিপিন্ধাৰ অজুহাত দেখুৱাই বাক-বিতণ্ডাতো লিপ্ত হোৱা দেখা যায়। ক’ৰোনা আক্ৰান্তৰ সংখ্যা প্ৰতিদনে বৃদ্ধি হৈ থকা সময়ত নাগৰিকৰ মাজত এতিয়াও সজাগতাৰ অভাৱ হোৱাটো অতি দুৰ্ভাগ্যজনক বুলি মত পোষণ কৰিছে সচেতন মহলে।