নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আছু, যুৱ–ছাত্রক বিজেপিবিৰোধী মহাজোঁটত অংশগ্রহণৰ আহ্বান ৰিপুণ বৰাৰ

নিয়মীয়া বাৰ্তা, ১২ ছেপ্টেম্বৰঃ নতুন আঞ্চলিক ৰাজনৈতিক দল গঠনৰ নেতৃত্ব লোৱা সদৌ অসম ছাত্র সন্থা আৰু অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদক বিজেপিবিৰোধী মহাজোঁটত অংশগ্রহণৰ আহ্বান জনাইছে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই৷

কালি নতুন দিল্লীত অনুষ্ঠিত এখন সংবাদ মেলত ছাত্র সন্থা আৰু যুৱ–ছাত্র পৰিষদে নতুন আঞ্চলিক দল গঠন সন্দর্ভত প্রতিক্রিয়া ব্যক্ত কৰি প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই কয়– ছাত্র সন্থা আৰু যুৱ–ছাত্র পৰিষদক আমি আমাৰ বিজেপিবিৰোধী মহাজোঁটত অংশগ্রহণ কৰিবলৈ আহ্বান জনাইছোঁ৷ কিয়নো আমি সকলোৱে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে আন্দোলন কৰি আহিছোঁ৷ ইফালে প্রদেশ কংগ্রেছৰ সভাপতিজনে পুনৰ ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসক সমালোচনা কৰে৷

প্রদেশ কংগ্রেছৰ সভাপতিজনে কয় যে দাসে আত্মবিশ্বাসতে অংক ভুল কৰিছে৷ তেওঁ প্রশ্ণকাকত নপঢ়াকৈ অংক কৰিব বিচৰা বাবে ভুল কৰিছে৷ কংগ্রেছ–এ আই ইউ ডি এফৰ মিত্রতা হ’লে উজনিত কংগ্রেছৰ দখলত থকা সাতখন আসনত বিজেপিয়ে জিকিব বুলি দাসে কৰা দাবী ভুল৷ প্রদেশ কংগ্রেছৰ সভাপতি বৰাৰ মতে নামনি অসমত এ আই ইউ ডি এফৰ বাবে বিজেপিয়ে ২০১৬ চনৰ নির্বাচনত ১৫খন আসন জিকিছিল৷ কিন্তু এইবাৰ মিত্রতা হ’লে সেই ১৫খন আসন কংগ্রেছৰ হ’ব৷

You might also like