নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রমোদ বড়ো হাৰিব, ৪০টা সমষ্টিতে জিকিব বিপিএফঃ হাগ্ৰামা মহিলাৰী

নিয়মীয়া বার্তা, ১২ ছেপ্টেম্বৰঃ বিটিচি নির্বাচনত প্রমোদ বড়ো জিকিব নোৱাৰে৷ প্রমোদ বড়োৱে দুটা সমষ্টিত নির্বাচন খেলিছে আৰু দুয়োটা সমষ্টিতে তেওঁ হাৰিব৷ –এই মন্তব্য বি পি এফপ্রধান হাগ্রামা মহিলাৰীৰ৷ কালি মথনগুৰি সমষ্টিৰ প্রার্থী বেগম আখতাৰা আহমেদ আৰু
শালবাৰী সমষ্টিৰ বি পি এফ প্রার্থী জয় মুছাহাৰীৰ হৈ বাগ্সাৰ জেংৰেংপাৰাত ৰাইজৰ সৈতে অনুষ্ঠিত মত বিনিময় সভাত অংশগ্রহণ কৰি হাগ্রামা মহিলাৰীয়ে লগতে কয় যে দুর্গাপূজাৰ আগে আগে বিটিচি নির্বাচন অনুষ্ঠিত হ’ব আৰু দুর্গাপূজাৰ পূর্বে বি পি এফৰ চৰকাৰো হ’ব৷

বি পি এফ চৰকাৰে আগন্তুক দিনত বড়োলেণ্ড দর্পণ আঁচনিৰে মন্দিৰ, মছজিদ, গির্জাৰ কাম কৰিব বুলিও মন্তব্য কৰে হাগ্রামাই৷ তেওঁ কয় যে ২০০৩ চনৰ ১০ ফেব্রুৱাৰীলৈকে সকলো শ্রেণীৰ লোক বিটিচিৰ বাসিন্দা৷ এইখিনি মানুহৰ জৰীপ চলাই মাটিৰ পট্টা প্রদান কৰা হ’ব৷ হাগ্রামাৰ দাবী– এইবেলি বিটিচি নির্বাচনত ৪০টা সমষ্টিৰ ৪০টাতেই বি পি এফ দল জয়ী হ’ব৷

‘মথনগুৰি আৰু শালবাৰী যথেষ্ট পিছপৰি আছে৷ উন্নয়ন হোৱা নাই এই দুটা সমষ্টিত৷ বিটিচিৰ মথনগুৰি আৰু শালবাৰী সমষ্টিৰ বাদে সকলো সমষ্টিত উন্নয়ন হৈছে৷ এইবেলি বি পি এফে চৰকাৰ গঠন কৰাৰ পাছতে মথনগুৰি আৰু শালবাৰী সমষ্টিত উন্নয়নৰ কাম কৰা হ’ব৷’ –তেওঁ কয়৷ এবছু মানে ইউ পি পি এল আৰু ইউ পি পি এল মানে এবছু বুলি উল্লেখ কৰি হাগ্রামাই কয়– বি পি এফে শান্তি বিচাৰে৷

কিন্তু অশান্তি বিচাৰে এবছুৱে৷ শালবাৰী জিলা বি পি এফৰ সভাপতি মিলন বড়োৰ পৌৰোহিত্যত অনুষ্ঠিত মত বিনিময় সভাখনত হাগ্রামা মহিলাৰীৰ সৈতে সভাত উপস্থিত থাকি জনপ্রিয় কৌতুক অভিনেতা বিপুল ৰাভাই বিগত ১৫ বছৰৰ বি পি এফৰ উন্নয়নমূলক কামৰ খতিয়ান দাঙি ধৰি হাগ্রামা মহিলাৰীৰ সলনি কোনো এজন নেতাই চৰকাৰ চলাব নোৱাৰে বুলি কয়৷ বিপুল ৰাভাই হাস্যমধুৰ ভাষাৰে ৰাইজক আকর্ষিত কৰি বি পি এফ দলক ভোটদান কৰি জয়ী কৰাৰ আহ্বান জনায়৷

You might also like