’২৪ত অসম হ’ব ‘হৰ ঘৰ জল’ ৰাজ্যঃ জলজীৱন অভিযানৰ পর্যালোচনা মুখ্যমন্ত্রীৰ
নিয়মীয়া বার্তা, ১২ ছেপ্টেম্বৰঃ গ্রামাঞ্চলৰ প্রতিঘৰলৈ খোৱাপানী যোগান ধৰি ২০২৪ চনৰ ভিতৰত আমাৰ ৰাজ্যখনক ‘হৰ ঘৰ জল’ ৰাজ্য হিচাপে পৰিগণিত কৰাৰ দিশত ৰাজ্য চৰকাৰ প্রতিশ্রুতিবদ্ধ৷– এই মন্তব্য মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ৷ মুখ্যমন্ত্রীয়ে জলজীৱন অভিযান ৰূপায়ণকাৰী সংস্থাসমূহক এই লক্ষ্য পূৰণৰ দিশত উপযুক্ত আন্তঃগাঁথনি সৃষ্টি কৰাৰ বাবে উৎসর্গিত মনোভাবেৰে কাম কৰাৰ বাবে নির্দেশ দিয়ে৷
কালি অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত ‘জলজীৱন অভিযান’ৰ কাম–কাজৰ অগ্রগতিৰ পর্যালোচনা কৰি মুখ্যমন্ত্রীয়ে এই নির্দেশ দিয়ে৷ মুখ্যমন্ত্রীয়ে লগতে কয় যে ‘জলজীৱন অভিযান’ স্বচ্ছ ভাৰত অভিযানৰ সৈতে ওতপ্রোতভাৱে জড়িত৷ কাৰণ পানী অবিহনে পৰিষ্কাৰ–পৰিচ্ছন্ন হৈ থকাৰ লক্ষ্যপ্রাপ্তি অসম্ভৱ৷ মুখ্যমন্ত্রীয়ে কয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বত ৰাজ্য চৰকাৰে লক্ষ্য লোৱা হিতাধিকাৰীসকলক নির্ধাৰিত সময়ৰ ভিতৰত পাইপেৰে পানী যোগানৰ বাবে দায়বদ্ধতাৰে কর্মত অগ্রসৰ হৈছে৷
মুখ্যমন্ত্রীয়ে জলসম্পদ বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব চৈয়দ্দিন আব্বাচীক জলজীৱন অভিযান ক্ষিপ্রভাৱে আৰু ফলপ্রসূভাৱে ৰূপায়ণৰ বাবে এই আঁচনিখনৰ দায়িত্বত থকা সকলো সংস্থাকে সক্রিয়ভাৱে কাম সম্পন্ন কৰাৰ পদক্ষেপ ল’বলৈ আজিৰ বৈঠকতে নির্দেশ দিয়ে৷ মুখ্যমন্ত্রীয়ে লগতে এই ৰূপায়ণৰ দায়িত্বত থকা বিভাগক প্রতিবছৰে ধার্য কৰা লক্ষ্য পূৰণৰ পদক্ষেপ ল’বলৈও নির্দেশ দিয়ে৷
ৰাজ্যখনৰ কিছুসংখ্যক জিলাৰ পানীত আর্ছেনিকৰ অৱস্থিতিৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রীয়ে এই অভিযানৰ অধীনত আর্ছেনিকমুক্ত পানী যোগানৰ দিশত উপযুক্ত তথা বিজ্ঞানসন্মত পদক্ষেপ ল’বলৈও নির্দেশ দিয়ে৷ ক’ভিড অতিমাৰীৰ প্রসংগ উল্লেখ কৰি মুখ্যমন্ত্রীয়ে লগতে কয় যে এই অতিমাৰী চলি থাকিলেও উন্নয়নমূলক কাম–কাজ সমান্তৰালভাৱে চলাই যাব লাগিব৷
মুখ্যমন্ত্রীয়ে এই অভিযান ৰূপায়ণৰ দায়িত্বত থকা বিষয়াবর্গক ডিচেম্বৰৰ ভিতৰতে সকলোবোৰ পৰিকল্পনা সম্পূর্ণ কৰাৰ বাবে নির্দেশ দিয়ে, যাতে অহা বর্ষত অতিকমেও ৪০ লাখ পৰিয়ালক এই আঁচনিৰ জৰিয়তে সামৰি ল’ব পৰা যায়৷ এই বৈঠকত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্রী ৰিহণ দৈমাৰী, মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ, অতিৰিক্ত মুখ্য সচিব চৈয়দ্দিন আব্বাচী, মুখ্যমন্ত্রীৰ প্রধান সচিব সঞ্জয় লোহিয়াৰ লগতে এই অভিযান ৰূপায়ণৰ সৈতে জড়িত শীর্ষ বিষয়াসকল উপস্থিত থাকে৷