বিশ্ব ছেপছিছ দিৱস: ৰক্ত–বিষক্রিয়া
বিশ্বজুৰি প্রতি বছৰে ৪৭–৫০ নিযুতক আক্রান্ত কৰে৷ ১১ নিযুতৰ প্রাণ কাঢ়ি নিয়ে৷ এইটো কি ৰোগ? সকলো মৃত্যুৰ ২%ৰ কাৰণ এই ৰোগ৷ প্রতি ২.৮ ছেকেণ্ডত এজনৰ প্রাণ কাঢ়ি নিয়া এই ৰোগৰ প্রকোপ আমাৰ দৰে দেশত তুলনামূলকভাৱে অধিক৷ কিন্তু সাধাৰণ ৰাইজ ইয়াৰ বিষয়ে বিশেষ অৱগত নহয়৷ অৱগত নহ’লে, অস্তিত্বও নাথাকে৷ পিছে এই লিখাৰ উদ্দেশ্য দর্শনিক অৱলোকন নহয়৷ কিন্তু যিসকলে ভুগিছে বা পৰিয়াল–পৰিজনক হেৰুৱাইছে, তেওঁলোকেও ইয়াক অৱধাৰিত বুলিয়েই ধৰিছে৷ কাৰণ চিকিৎসকে তেনে ধৰণেই বুজাইছে৷ অথচ সচেতনতা আৰু ল’ব লগা সাধাৰণ সাৱধানতাৰে ইয়াক প্রতিৰোধ কৰিব পৰা যায়৷ সেই কাৰণেই ২০১২ চনৰ পৰা প্রতি বছৰ ১৩ ছেপ্ঢেম্বৰত বিশ্ব স্বাস্থ্য সংস্থাই ছেপছিছ(Sepsis) দিৱস পালন কৰি আহিছে৷ পিছে আপোনালোক আচৰিত নহ’ব যে আমাৰ চিকিৎসক সমাজে এই দিৱসক ভ্রূক্ষেপ নকৰে৷ ই এক ৰাষ্ট্রীয় বিডম্বনা৷
ছেপছিছক সাধাৰণ ভাষাত ৰক্ত–বিষক্রিয়া(Blood Poisoning) বোলা হয়৷ যেতিয়া বেক্টেৰিয়া তেজ–প্রৱাহত সোমাই পৰে, তেতিয়া আমাৰ শৰীৰে বেক্টেৰিয়া প্রতিৰোধ কৰিবলৈ যাওঁতে শৰীৰটোকেই ক্ষতিসাধন কৰে৷ এনে অস্বাভাৱিক আচৰণ দেহাই কেতিয়াবা কৰে৷ যাৰ ফলত আমাৰ জীৱন চলাই থকা শৰীৰৰ আভ্যন্তৰীণ অংগসমূহ, যেনে– হূৎপিণ্ড, হাওফাঁও, বৃক্ক, মগজু আদি আক্রান্ত হৈ বিকল হৈ পৰিব পাৰে৷ আটাইবোৰ অংগ বিকল হৈ পৰাটো চৰম পর্যায়৷ এনে পর্যায় পোৱাৰ পূর্বে ছেপছিছৰ লক্ষণসমূহ আগতীয়াকৈ ধৰিব পাৰিলে আৰু কার্যকৰী চিকিৎসা দিব পাৰিলে আৰোগ্য লাভৰ সম্ভাৱনা থাকে৷ কিন্তু ছেপছিছ প্রক্রিয়া এবাৰ আৰম্ভ হ’লে, ই এটা সম্ভাব্য মাৰক অৱস্থা৷ মৃত্যুৰ হাৰ ঠাইভেদে ২০ৰ পৰা ৫%৷ অলপতে প্রাক্তন ৰাষ্ট্রপতি প্রণৱ মুখার্জীদেৱ ছেপছিছ হৈহে ঢুকাইছিল যদিও মগজুৰ ৰক্তক্ষৰণৰ বাবেহে তেখেতক চিকিৎসালয়ত ভর্তি কৰোৱা হৈছিল৷ তেখেতৰ কভিড–১৯ পৰীক্ষা পজিটিভ হোৱাটো এটা গৌণ কাৰক আছিল৷ আপোনালোকে যদি মন কৰে দেখিব যে অলপতে প্রাণ হেৰুওৱা কেইবাজনো ৰাষ্ট্রীয় নেতা বা তাৰকাৰ দৰাচলতে অৱশেষত ছেপছিছহে হৈছিল৷ ছেপছিছ হৈছে চিকিৎসালয়ত প্রাণ হেৰুওৱা বুজনসংখ্যকৰ মৃত্যৰ সর্বশেষ কাৰণ৷
সেয়ে কার্যকৰী প্রতিৰোধৰ প্রাথমিকতা আটাইতকৈ বেছি৷ কিন্তু দুর্ভাগ্য– আমাৰ চিকিৎসালয়সমূহৰ ছেপছিছ প্রতিৰোধৰ ক্ষেত্রত কোনো তৎপৰতা নাই৷ বৰং ছেপছিছ হ’বলৈ দি আৰোগ্য কৰাৰ বিফল কুচকাৱাজতহে বেছি বিশ্বাসী, কাৰণ ইয়াত ব্যৱসায়িক লাভ আছে৷ তাৰকা হ’লে ঘণ্টাই ঘণ্টাই বুলেটিন দি গুৰুত্ব লাভ কৰিব পাৰে৷ মই ‘ছেপছিছ হ’বলৈ দি’ বুলি কোৱাৰ কাৰণ আছে৷ কাৰণ ৮% ছেপছিছ চিকিৎসালয়ত হয়৷ ছেপছিছ হৈ চিকিৎসালয়লৈ অহা ৰোগীৰ সংখ্যা ২%হে৷ অর্থাৎ চিকিৎসালয়ৰ উপযুক্ত প্রণালী নথকা বা বেমেজালি আৰু সচেতনতাৰ অভাৱতহে ৮% ছেপছিছ হয়৷ আমাৰ চিকিৎসালয়সমূহৰ অৱহেলা–যত্নৰ কাৰণে ছেপছিছ হয়৷ অথচ প্রতিৰোধকাৰী ব্যৱস্থাসমূহ সহজ৷ উদাহৰণস্বৰূপে প্রতিজন বেমাৰীক স্পর্শ কৰাৰ আগতে আৰু পাছত চিকিৎসক আৰু শুশ্রূষাকাৰীয়ে এলকহলযুক্ত হাত পৰিষ্কাৰ কৰা দ্রব্য ব্যৱহাৰ কৰি ল’ব লাগে৷ কেইবাৰমান এনে কৰাৰ পাছত চাবোন–পানীৰে হাত ধুব লাগে৷ বহু চিকিৎসকে কৰোঁ বুলি দাবী কৰিব৷ ইয়াত দাবীৰ সকাম নাই৷ সকাম আছে এই মুহূর্তত চিকিৎসা সেৱা আৰু প্রণালী ক্রমাগত উন্নত কৰিবলৈ কৌশল লৈছে নে নাই৷ সকাম আছে ‘ক্লিনিকেল অডিট’ৰ৷ কেইখন চিকিৎসালয়ে ‘ক্লিনিকেল অডিট’ৰ প্রমাণ দাঙি ধৰিব পাৰিব৷ কিমানখন চিকিৎসালয়ে এলকহলযুক্ত হাত ধোৱা দ্রব্য প্রয়োজনীয় পৰিমাণত যে কিনিছে আৰু ব্যৱহাৰ যে হৈ আছে প্রমাণ দিব পাৰিব? নে বেমাৰীক কিনিবলৈ প্রেছক্রিপচন দিওঁ বুলি কৈ দায় সাৰিবলৈ চেষ্টা কৰিব? এলকহলযুক্ত হাত ধোৱা দ্রব্য বেমাৰীৰ প্রেছক্রিপচন হ’ব নোৱাৰে৷ যেনেকৈ ষ্টেথিছস্কোপডাল বেমাৰীৰ প্রেছক্রিপচন হ’ব নোৱাৰে৷ ক’ভিড–১৯ৰ এটা সুফল যে চিকিৎসক আৰু চিকিৎসা কর্মীয়ে এলকহলযুক্ত হাত পৰিষ্কাৰ কৰা দ্রব্য ব্যৱহাৰ কৰিবলৈ সততে সজাগ হৈ পৰিছে৷ এই কথা সুকীয়া যে আত্মৰক্ষাৰ কাৰণেহে কৰিছে৷ অন্ততঃ কৰিছে আৰু এই অভ্যাস বর্তাই ৰাখিব পাৰিলে ৰোগীৰ প্রভূত উপকাৰ হ’ব৷
মই কিছু আৱেগেৰে লিখিছোঁ, অৱশ্যেই লিখিছোঁ৷ কাৰণ আন কাৰণত চিকিৎসালয়ত ভর্তি হোৱা ৰোগী কিছুদিন থকাৰ পাছত অৱশেষত যেতিয়া ছেপছিছ হৈ মৰিবলগীয়া হয়, সেয়া অতি আক্ষেপৰ কথা৷ চিকিৎসালয়ত থকা নানানবিধ এণ্টিবায়টিক প্রতিৰোধী বেক্টেৰিয়াবোৰ মাৰাত্মক৷ দেখাত পৰিষ্কাৰ যেন লগা চিকিৎসালয়তো এনে ধৰণৰ বীজাণু থাকে৷ কাৰণ বীজাণু পৰিষ্কাৰ কৰিবলৈ বিশেষ মনোযোগ আৰু সুকীয়া প্রণালী লাগে৷ বীজাণু চিকিৎসক, চিকিৎসা কর্মী আৰু শুশ্রূষাকাৰীৰ হাতৰ জৰিয়তে এজনৰ পৰা আন এজনলৈ সংক্রমিত হয়৷ শৰীৰত লগাই থোৱা নানান সা–সঁজুলি, যেনে– মূত্রাশয়ৰ কেথেটাৰ বা কৃত্রিম শ্বাস–প্রশ্বাসৰ পাইপ আদিৰ জৰিয়তে বীজাণুয়ে জীৱন–ধাৰক অংগসমূহ, যেনে– মূত্রাশয় বা হাওফাঁওক সংক্রমণ কৰে৷ পাছৰ পর্যায়ত বীজাণু ৰক্ত–প্রৱাহত সোমাই বিষক্রিয়া আৰম্ভ কৰে৷ কেতিয়াবা ৰক্ত নলীত লগাই থোৱা কেনুলাৰে সংক্রমিত হয় আৰু ৰক্ত–প্রৱাহত প্রত্যক্ষভাৱে বীজাণু সোমাই পৰে৷ এইবোৰ বীজাণুৰ সৰহভাগেই এণ্টিবায়টিক প্রতিৰোধী বেক্টেৰিয়া, যি হৈছে খুচিমতে এণ্টিবায়টিক ব্যৱহাৰ কৰাৰ পৰিণতি৷ ‘খুচিমতে’ শব্দটো ভাবি–চিন্তি প্রয়োগ কৰিছোঁ৷ কাৰণ প্রামাণিক চিকিৎসা বিজ্ঞানে মানা কৰা বহু অৱস্থাতো ৰোগীক এণ্টিবায়টিক দিয়াটো এটা সাধাৰণ ঘটনা৷ আমি জধে–মধে নিদিওঁ বুলি দাবী কৰিলে নহ’ব৷ কাৰণ কেৱল ক্লিনিকেল অডিটহে সঁচা–মিছা ক’ব পাৰে৷ মই ন দি কৈছেছা এই সম্পর্কে গুৱাহাটীত এটাও উপযুক্ত ক্লিনিকেল অডিট হোৱা নাই৷ ভুল প্রমাণিত কৰিলে লজ্জানত নহওঁ, বৰং আনন্দত উথলি উঠিম৷
দৰাচলতে বিশ্ব স্বাস্থ্য সংস্থাৰ ‘হাত ধোৱাৰ পাঁচোটা মুহূর্ত’(5 Moments of Hand Hygiene) আখৰে আখৰে পালন কৰিব পাৰিলেই সৰহসংখ্যক ছেপছিছ প্রতিৰোধ কৰিব পাৰি৷ ই এক অতি সহজে কৰণীয় কম খৰচী ব্যৱস্থা৷ এই পাঁচোটা হৈছে চিকিৎসক, চিকিৎসা কর্মী আৰু শুশ্রূষাকাৰীগৰাকী ৰোগীৰ সংস্পর্শলৈ অহাৰ কেইটামান বিশেষ মুহূর্ত, যিকেইটাৰ আগতে আৰু পাছত হাত পৰিষ্কাৰ অৱশ্য কৰণীয়৷ আজিৰ পাঁচ কি ছয় বছৰ আগতে মই উদ্যোগ লৈ তেতিয়াৰ চিকিৎসা শিক্ষা সঞ্চালকগৰাকীৰ জৰিয়তে চিকিৎসা মহাবিদ্যালয়কেইখন অধীক্ষক আৰু বিভাগীয় মুৰব্বী অধ্যাপকসকললৈ প্রয়োজনীয় ব্যৱস্থা সম্বলিত নীতি–নির্দেশনা দৃষ্টি আকর্ষণ আৰু বাস্তৱায়িত কৰাৰ বাবে পঠিয়াবলৈ সক্ষম হৈছিলোঁ৷ এণ্টিবায়টিক সম্পর্কীয় প্রামাণিক নীতি–নির্দেশনাও অন্তর্ভুক্ত কৰা হৈছিল৷ আনকি বিশ্ব স্বাস্থ্য সংস্থাই দিয়া প্রণালীৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ফার্মাক’লজী বিভাগে এলকহলযুক্ত হাত ধোৱা দ্রব্য তৈয়াৰ কৰিবলৈ উদ্যোগ লওক বুলিও যোগাযোগ কৰিছিলোঁ৷ অৱশেষত এজন ক্ষুদ্র ব্যৱসায়ীৰ হতুৱাই গুৱাহাটীত তৈয়াৰ কৰাবলৈ সক্ষম হৈছিলোঁ৷ এই কম খৰচীয়া দ্রব্যবিধ কিছুদিন গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ে ক্রয় কৰিছিল৷ মই ঘৰলৈ আহিলে এইধৰণৰ কাম–কাজ বা কর্মশালা ইত্যাদি কৰিয়েই মোৰ নিজা কামৰ পৰা আজৰি সময়খিনি কটাইছিলোঁ৷ সেই সময়ছোৱাত সংক্রমণ প্রতিৰোধী অনলাইন পাঠ্যক্রম এটাও চিকিৎসা শিক্ষাৰ বাবে উপলব্ধ কৰাইছিলোঁ৷ এই পাঠ্যক্রমটো শ্রীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ে স্বীকৃতি দি ছাত্র–ছাত্রীক কৰিবলৈ কিছু কাৰণ দিছিল৷ মোৰ আজিও উৎসাহ প্রচুৰ, কিন্তু নিজৰ অসহায়তা স্বীকাৰ কৰিবলৈ সংকোচ নকৰোঁ৷ এই ধৰণৰ কাম বাহিৰৰ পৰা এজনে তাগিদা দি আৰম্ভহে কৰাব পাৰে৷ কিন্তু স্থানীয় চিকিৎসকৰ আভ্যন্তৰীণ নেতৃত্ব অবিহনে কোনো দেশতে চিকিৎসা সেৱা উন্নত নহয়৷ সেয়ে মই আৰম্ভ কৰা প্রচেষ্টাসমূহ মৰহি যোৱাটো কোনো অস্বাভাৱিক ঘটনা নহয়৷ পাঁচোটা বছৰ কম সময় নাছিল৷ মোৰ তেতিয়াই কৰা প্রচেষ্টাটোৱে কিছু সঁহাৰি পোৱা হ’লে স্থানীয়ভাৱে আজি আমি কিছু আগবাঢ়িলোঁহেঁতেন৷ এতিয়াও পলম হোৱা নাই৷ কিন্তু মই আজিকালি অতি বাস্তৱিক যে কোনো ধৰণৰ আশাৰ বশৱর্তী নহওঁ৷
কভিড–১৯ক লৈ জনসাধাৰণ সজাগ হৈছে৷ এই সজাগতা সকলো সংক্রামক ৰোগ, বিশেষকৈ ছেপছিছ আৰু এণ্টিবায়টিক প্রতিৰোধী বেক্টেৰিয়া সম্পর্কে জাগি উঠিলেহে চিকিৎসকসকলে প্রয়োজনীয় ব্যৱস্থা ল’ব৷ অন্যথা সহজ পন্থা সলাবইবা কিয়? ৰোগী সুৰক্ষাৰ কাৰণে হাত পৰিষ্কাৰ কৰিলে আত্মৰক্ষাও হ’ব৷ পিছে কেৱল আত্মৰক্ষাৰ তাডনাত পৰিস্থিতি বিবেচনাৰহিতভাৱে আটাইতকৈ উচ্চ পর্যায়ৰ ব্যক্তিগত সুৰক্ষামূলক সাজ–পাৰ পৰিধান কৰিলে কোনো কুল ৰক্ষা নহয়৷ কিয় এইটো পৰিধান কৰিছোঁ, কিন্তু কিয় গ্ল’ভছ সলনি কৰাৰ সলনি তাৰ ওপৰতে এলকহলযুক্ত দ্রব্য লগাইছোঁ, যিটো কৰাটো আচলতে মানা, এই ধৰণৰ প্রশ্ণ চিকিৎসকৰ বাবে বৰ জৰুৰী৷ আজি ব্যক্তিগত সুৰক্ষামূলক সাজ–পাৰ পৰিধানৰ ক্ষেত্রত কিয় কৰিছোঁ বুজি নোপোৱাৰ কাৰণে নানান অধিক সংক্রমণ হৈছে৷
সৰহসংখ্যক ছেপছিছৰ ঘটনা প্রতিৰোধযোগ্য৷ যি কমসংখ্যাক প্রতিৰোধযোগ্য নহয়, তাৰ উদাহৰণ চিকিৎসালয় বা চিকিৎসকৰ আত্মৰক্ষাৰ কাৰণ হ’ব নোৱাৰে৷ আজি বিশ্ব ছেপছিছ দিৱস– প্রতিৰোধযোগ্য প্রতিটো ছেপছিছ প্রতিৰোধ কৰাৰ সংকল্প লোৱাৰ মুহূর্ত৷ হাতে–কামে আজিয়েই চিকিৎসক–চিকিৎসা নিজৰ আচৰণ আৰু ব্যৱস্থাপনা জুকিয়াই প্রণালীবদ্ধ ব্যৱস্থা লোৱাৰ মুহূর্ত৷
ড০ জয়ন্ত বিশ্ব শৰ্মা লেখকৰ ই–মেইল: [email protected]