নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এটা দল–এখন পতাকা এটা প্রতীকৰ ধাৰণা নস্যাৎ লুৰিণজ্যোতিৰ

নিয়মীয়া বাৰ্তা, ১৩ ছেপ্টেম্বৰঃ  সদৌ অসম ছাত্র সন্থা আৰু অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ উদ্যোগত জন্মলাভ কৰিবলগীয়া ৰাজনৈতিক দলত আৰম্ভ হ’ল প্রার্থিত্বকেন্দ্রিক কুচকাৱাজ৷ প্রস্তাৱিত দলটোৰ আহ্বায়ক সমিতি গঠন হোৱাৰ পিছতে শনিবাৰে সদৌ অসম ছাত্র সন্থা ত্যাগ কৰিছে দুগৰাকী জ্যেষ্ঠ বিষয়ববীয়াই৷ আছুৰ উপ–সভাপতি চিত্ত বসুমতাৰী আৰু মুখ্য সাংগঠনিক সম্পাদক ৰাজু ফুকনে কালি পুৱাই জাতীয় সংগঠনটোৰ দায়িত্বৰ পৰা অব্যাহতি লোৱাৰ কথা ঘোষণা কৰিছে৷ দুয়োগৰাকী নেতাই আছু, যুৱ–ছাত্র পৰিষদৰ উদ্যোগত গঠন হ’বলগীয়া নতুন দলটোৰ পৰা নির্বাচনত প্রতিদ্বন্দ্বিতা কৰাটো একপ্রকাৰ নিশ্চিত৷

উল্লেখ্য যে আছুৰ উপ–সভাপতি চিত্ত বসুমতাৰী ধেমাজি জিলাৰ এক পৰিচিত নাম৷ বৃহৎ নদীবান্ধবিৰোধী আন্দোলনৰ পৰা আৰম্ভ কৰি শেহতীয়া ‘কা’ আন্দোলনলৈ আছুৱে গ্রহণ কৰা প্রতিটো কার্যসূচীতে তেওঁ সন্মুখৰ পৰা নেতৃত্ব প্রদান কৰি আহিছে৷ বিগত প্রায় ২০ বছৰ ধৰি সদৌ অসম ছাত্র সন্থাৰ লগত জড়িত ধেমাজি জিলা ছাত্র সন্থাৰ প্রাক্তন সভাপতি চিত্ত বসুমতাৰীৰ একাণপতীয়া চেষ্টাতে শেহতীয়াকৈ জোনাইত সফলতাৰে অনুষ্ঠিত হৈছিল আছুৰ সাধাৰণ অধিৱেশনখন৷ কিন্তু জনগাঁথনিগত কাৰণত চিত্ত বসুমতাৰীয়ে নির্বাচনত প্রতিদ্বন্দ্বিতাৰ বাবে বাছি লৈছে ধেমাজি সমষ্টি৷ য’ত বর্তমানৰ বিধায়ক হ’ল বিজেপিৰ ডাঃ ৰণোজ পেগু৷ যদিও ধেমাজিত মিচিং জনজাতিৰ ভোটাৰে নির্ণায়ক ভূমিকা লৈ আহিছে, সমষ্টিটোত আধিপত্য আছে সোণোৱাল আৰু আহোম ভোটাৰৰ৷ এনে পৰিস্থিতিত ডাঃ ৰণোজ পেগুৰ দৰে শক্তিশালী প্রতিদ্বন্দ্বীৰ সন্মুখত ৰাজনীতিৰ পথাৰত নতুনকৈ খোজ দিবলৈ লোৱা চিত্ত বসুমতাৰীয়ে কিমানদূৰ প্রত্যাহ্বানৰ সৃষ্টি কৰিব পাৰে, সেয়া সময় আগবঢ়াৰ লগে লগেহে স্পষ্ট হৈ পৰিব৷ কিন্তু শেহতীয়াকৈ মিচিংসকলৰ ৰাজনৈতিক দল গণশক্তি আৰু শাসকীয় দল বিজেপিৰ মাজত আৰম্ভ হোৱা মুকলি সংঘাতে বসুমতাৰীক উপকৃত কৰিব পাৰে বুলি পর্যবেক্ষকসকলে ধাৰণা কৰিছে৷

আছুৰ মজিয়া ত্যাগ কৰাৰ সময়ত চিত্ত বসুমতাৰীয়ে মন্তব্য কৰে– ‘অসম প্রথম আছিল, অসম প্রথম হৈ আছে আৰু অসম চিৰদিন–চিৰকাল প্রথম হৈ থাকিব৷’ ইফালে, আজিৰ দিনটোতে আছু ত্যাগ কৰিছে সংগঠনটোৰ মুখ্য সাংগঠনিক সম্পাদক ৰাজু ফুকনে৷ বিগত ২৭ বছৰ ধৰি তেওঁ ছাত্র সংগঠনটোৰ লগত জড়িত হৈ আছে৷ ধনশিৰি মহকুমা ছাত্র সন্থাৰ পৰা আৰম্ভ কৰি সদৌ গোলাঘাট জিলা ছাত্র সন্থাৰ দীর্ঘদিন ধৰি নেতৃত্ব বহন কৰি অহা ৰাজু ফুকন বিগত দুধনৈ অধিৱেশনত মুখ্য সাংগঠনিক সম্পাদক হিচাপে নির্বাচিত হৈছিল৷ সমাগত ২০২১ চনৰ বিধানসভা নির্বাচনত সৰুপথাৰ সমষ্টিৰ পৰা প্রতিদ্বন্দ্বিতা আগবঢ়োৱাৰ লক্ষ্যৰে আজি তেওঁ আছু ত্যাগ কৰে৷ সৰুপথাৰৰ বর্তমান বিধায়িকা হ’ল ৰ’জলিনা তির্কী৷ বিগত নির্বাচনত কংগ্রেছ দলৰ প্রার্থী হিচাপে জয়লাভ কৰিছিল৷ সৰুপথাৰত চাহ জনগোষ্ঠীৰ ভোটাৰে সাধাৰণতে নির্ণায়ক ভূমিকা লয় যদিও আহোম আৰু চুতীয়া জনগোষ্ঠীৰ ভোটৰ বিভাজনৰ ফলতহে সেয়া সহজ আৰু সম্ভৱ হৈ উঠে৷ এইবাৰ নির্বাচনৰ পূর্বে ৰ’জলিনা তির্কীয়ে বিজেপিত যোগদান কৰিব বুলিও ব্যাপক চর্চা চলি আছে৷ এনে সম্ভাব্য নির্বাচনী প্রেক্ষাপটৰ সুযোগ–সুবিধা ৰাজু ফুকনে কিদৰে আদায় কৰিব পাৰে, সেয়াও আজিৰ দিনটোত স্পষ্ট হৈ উঠা নাই৷ আজিৰ দিনটোত আছু ত্যাগ কৰা চিত্ত বসুমতাৰী আৰু ৰাজু ফুকন– দুয়োগৰাকী নেতাই আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ ঘনিষ্ঠ হিচাপে পৰিচিত৷ সদ্যহতে পদত্যাগী নেতাদ্বয়ে নতুন দলটোৰ আহ্বায়কৰ দায়িত্ব ল’ব৷

একেদৰে অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ উপ–সভাপতি দীপক হাজৰিকায়ো সংগঠন ত্যাগ কৰিছে৷ তেওঁ বোকাখাত সমষ্টিত নতুন দলটোৰ প্রার্থী হোৱাৰ সম্ভাৱনা আছে৷ নতুন আঞ্চলিক দলত প্রার্থিত্বকেন্দ্রিক কুচকাৱাজ আৰম্ভ কৰাৰ মাজতে অখিল গগৈৰ ‘এখন পতাকা, এটা প্রতীক, এটা দল’ৰ আহ্বান নস্যাৎ কৰিছে আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে৷ কালি ‘নিউজ লাইভ’ৰ এক অনুষ্ঠানত অংশ লৈ আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে কয় যে এগৰাকী ব্যক্তিয়ে এটা সূত্র বা এটা ধাৰণা জাপি দিব বিচৰাটো গণতান্ত্রিক পৰম্পৰা নহয়৷ কাৰণ, বহু জনগোষ্ঠীয় বা নৃগোষ্ঠীয় সংগঠনৰ নিজা নিজা ৰাজনৈতিক দল আছে৷ আজি তেওঁলোকে ক্ষমতাৰ স্বার্থত চৰকাৰৰ লগত আছে যদিও কাইলৈ পৰিস্থিতি সলনি হ’ব পাৰে৷ তেতিয়া আমি তেওঁলোককো আহ্বান জনাব লাগিব৷ কিন্তু আমাৰ লক্ষ্য একেটাই হ’ব লাগিব, তাৰ বাবে সকলো ঐক্যবদ্ধ হ’ব লাগিব৷ কেনেকৈ ঐক্যবদ্ধ হোৱা যাব, সেই সিদ্ধান্ত ৰাজনৈতিকভাৱে হ’ব৷

You might also like