তিনিমাহে বিচ্ছিন্ন পথ: কুম্ভকৰ্ণৰ নিদ্ৰাত বিধায়ক- গড়কাপ্তানি বিভাগ
নিয়মীয়া বাৰ্তা, ১৪ ছেপ্টেম্বৰঃ যোৱা ২৪ জুন, ২০২০ তাৰিখৰ বাঢ়নি পানীয়ে এখন কাঠৰ দলং উটোৱাই নিয়াৰ ফলত আজি ৮১ দিনে বিচ্ছিন্ন হৈ আছে পেঙেৰীৰ এটা ব্যস্ততম পথ। উল্লেখ্য যে জুন মাহৰ শেষৰ ফালে প্ৰবল বৰষুণৰ ফলত সৃষ্টি হোৱা বলিয়া বানে তিনিচুকীয়া জিলাৰ ডুমডুমা আৰু মাৰ্ঘেৰিটা সমষ্টিৰ কেইবাখনো কাঠৰ দলঙৰ লগতে আৰ চি চি কালভাৰ্ট ভাঙি উটোৱাই নিছিল। তাৰ ভিতৰত মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত পপোলাজানহৈ বিজুলীবন- ডিব্ৰুজান সংযোগী পথৰ দুৱাৰমৰা নৈৰ ওপৰৰ জৰাজীৰ্ণ কাঠৰ দলংখন অন্যতম। বিজুলীবন, দুৱাৰমৰা আৰু ব্ৰহ্মাজান পঞ্চায়ত(একাংশ)ৰ বহুকেইখন গাঁৱৰ হাজাৰ হাজাৰ লোকৰ পেঙেৰী, ডিগবৈ আৰু মাৰ্ঘেৰিটালৈ যোৱা একমাত্ৰ সুচল পথটোত থকা কাঠৰ দলংখন উটোৱাই নিয়া আজি ৮১ দিন অতিক্ৰম কৰাৰ পাছতো স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাৰ লগতে গড়কাপ্তানী বিভাগ কুম্ভকৰ্ণৰ নিদ্ৰাত নিমগ্ন হৈ থকা পৰিলক্ষিত হৈছে। হাজাৰ হাজাৰ লোকৰ বাবে যোগাযোগ বিচ্ছিন্ন হৈ পৰা পথটোৱে আগন্তুক নিৰ্বাচনত জনপ্ৰতিনিধি গৰাকীৰ নিৰ্বাচনী বৈতৰণী অতিক্ৰমৰ ক্ষেত্ৰত কুপ্ৰভাৱ পেলাব পাৰে বুলিও চৰ্চা চলিছে।
উল্লেখ্য যে পপোলাজানৰ উক্ত নৈখনৰ ওপৰত দেৱেন ভূঞা নামৰ ঠিকাদাৰজনে পকী দলং নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল। নীতি অনুসৰি ঠিকাদাৰে অস্থায়ীভাৱে বিকল্প দলঙৰ ব্যৱস্থা কৰিব লাগে যদিও বিজেপিৰ আশিসপুষ্ট ঠিকাদাৰ ভূঞাই বেপৰোৱা ভূমিকা গ্ৰহণ কৰিছে। আৰ চি চি দলংখনৰ দুপাৰে দুটা বিসঙ্গতিপূৰ্ণ স্পাৰ বা প’ষ্ট (প’ষ্টদুটাৰ বাহিৰ ফালে দুকাষৰ প্ৰটেক্টচন ৱাল নাই) নিৰ্মাণ কৰাৰ পাছত মূল দলংখনৰ কাম আৰম্ভ কৰিবলৈ বনাঞ্চলৰ পৰা কাটি অনা হোলোং গছৰ পুলিৰে খুঁটা আৰু ছাটাৰিঙৰ বাবে প্ৰায় ৩০০ চি এফ টি অবৈধভাৱে সংগ্ৰহ কৰা হোলোং কাঠ ব্যৱহাৰ কৰিছিল যদিও একেটা বলিয়া বানে সমুলঞ্চে উটোৱাই নিয়ে। ফলত টালি- টোপোলা বান্ধি ঠিকাদাৰৰ মানুহ ঘৰমুৱা হয়।
দলংখন বানে উটোৱাই নিয়াৰ পাছত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হোৱা গাঁওকেইখনৰ ভিতৰত পপোলাজান, ১ নং নলনী, ২ নং নলনী, জাহাজগিৰা, আদৰ্শগাঁও আৰু দুৱাৰমৰাই অন্যতম। এই গাঁওসমূহত বসবাস কৰা জনসাধাৰণে স্বাভাৱিক সময়ত পেঙেৰীলৈ যাবৰ বাবে মাত্ৰ ৫ ৰ পৰা ৭ কিলোমিটাৰ পথ অতিক্ৰম কৰিব লাগিছিল যদিও দলংখন বানে উটোৱাই নিয়াৰ পাছত সেইকেইখন গাঁৱৰ জনসাধাৰণে বিজুলীবন হৈ ফিল’বাৰী- পেঙেৰী পথেদি তৰানী সংৰক্ষিত বনাঞ্চলৰ মাজেৰে প্ৰায় ২০ কিলোমিটাৰ পথ অতিক্ৰম কৰি পেঙেৰীলৈ যাবলগিয়া হৈছে। পেঙেৰীলৈ আহ-যাহৰ সময়ত তৰানী বনাঞ্চলত বিভিন্ন সময়ত বনৰীয়া হাতীৰে মুখামুখি হ’ব লগাও হয়। গৰ্ভৱতী মহিলাকে ধৰি সংকটজনক ৰোগী সকলক বিপদজনক পথেৰে নিশা চিকিৎসালয়লৈ নিয়াৰ বেলিকা অভাৱনীয় সমস্যাৰ সৃষ্টি হয়।