নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰেমত ফুলে শতদল… প্ৰেমিকক বিচাৰি অসম কন্যাৰ ৰোমাঞ্চকৰ বাংলাদেশ যাত্ৰা

নিয়মীয়া বার্তা, ২০ ছেপ্টেম্বৰঃ প্ৰেম! এক অনুৰাগ, যিয়ে লংঘন কৰিব পাৰে পাহাৰ-নদ-নদী আৰু ফুলাব পাৰে শতদল। এই প্ৰেমৰে নিদৰ্শন দেখুৱালে অসমৰ এগৰাকী ২০ বছৰীয়া কন্যাই।

প্ৰেমিকক বিচাৰি দুৰ্দান্ত প্ৰেয়সীগৰাকীয়ে সীমান্ত অতিক্ৰমি পালেগৈ বাংলাদেশ। ঘটনাটো অসমৰ কামৰূপ জিলাৰ ছয়গাঁও সমষ্টিৰ টপাৰপথাৰ গাঁৱৰ আৰু ঘটনাৰ নায়িকা টপাৰপথাৰ নিৱাসী মহচীন খানৰ কন্যা ৰজিমা বেগম (নাম সলনি কৰা হৈছে)।

ৰাষ্ট্ৰীয় সংবাদ পত্ৰ ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশ পোৱা মতে, বাংলাদেশৰ চুনমগঞ্জৰ উত্তৰ কালাউৰা গাঁৱৰ বাসিন্দা আব্দুল কাছেমৰ পুত্ৰ আব্দুছ ছাত্তাৰ নামৰ ২৭ বছৰীয়া যুৱকজনৰে প্ৰেমত পৰে ৰজিমা। ৰজিমাৰ গাঁৱতে ৫ বছৰ আছিল আব্দুছ ছাত্তাৰ। পাঁচবছৰীয়া প্ৰেমৰ মাজতে কিছু মাহ আগতে আব্দুছ ছাত্তাৰ উভতি যায় নিজ দেশলৈ।

বাহৰেইনত কোনো সংস্থাপন লাভৰ আশাৰে ছাত্তাৰ উভতি যায় বাংলাদেশলৈ। ইয়াৰ পিছতে ৰজিমা বেগমৰ বিবাহৰ বাবে আহে পাত্ৰ। পৰিয়ালে আন লোকলৈ বিয়া দিয়াৰ প্ৰস্তুতি চলাই থকাৰ মাজত হঠাত এদিন নিৰুদ্দেশ হয় মহচীন খানৰ কন্যা ৰজিমা বেগম।

নিৰুদ্দিষ্ট ৰজিমাই আচলতে আব্দুছ ছাত্তাৰৰ পৰামৰ্শ মতে মেঘালয়ৰ দিশে গৈ বাংলাদেশ সীমান্তত উপস্থিত হয় আৰু আব্দুছ ছাত্তাৰৰ ভাতৃ ইমৰানে তেওঁক সীমান্ত অতিক্ৰম কৰাই ঘৰলৈ লৈ যায়। প্ৰায় ১০০ কিলোমিটাৰজোৰা যাত্ৰাৰ অন্তত ৰজিমা বেগমৰ সপোনৰ এটা অংশ যেন পূৰ হয়।

কিন্তু দুৰ্ভাগ্যজনকভাৱে উপস্থিত নাছিল আব্দুছ। তথাপি আনন্দৰ বন্যা বয় আব্দুছ ছাত্তাৰৰ ঘৰত। আব্দুছ ছাত্তাৰৰে ভাৰ্চুৱেল নিকাহ সম্পন্ন কৰা হয় হোৱাটছ এপ ভিডিঅ’ কলেৰে। ছয়গাঁৱৰ টপাৰপথাৰস্থিত ঘৰতো দিয়া হয় বিবাহৰ বতৰা।

ইয়ালৈ সকলো ঠিকে আছিল, কিন্তু প্ৰেমে কোনো বাধা নামানিলেও আইনে বাধা মনাবলৈ বাধ্য। ভাৰত-বাংলাদেশ সীমান্তৰ কাঁইটীয়া তাঁৰৰ বেৰেও ৰখাব নোৱাৰা ৰজিমা বেগমক বিচাৰি উপস্থিত হ’ল বাংলাদেশ আৰক্ষী।

বাংলাদেশত অবৈধ প্ৰৱেশৰ অভিযোগ উঠালে প্ৰেমিকা ৰজিমাৰ বিৰুদ্ধে। আনহাতে জনা গ’ল যে কোনো অপৰাধজনিত কাৰণতহে প্ৰেমিক ছাত্তাৰ ৫ বছৰজুৰি পলাই আত্মগোপন কৰি আছিল অসমত। আব্দুছ ছাত্তাৰ এনে কাৰণতে নাছিল ঘৰত। অৱশেষত পাৰপত্ৰ অবিহনে অনুপ্ৰৱেশ কৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰে ৰজিমাক।

আইনৰ দৃষ্টিত আব্দুছ-ৰজিমাৰ প্ৰেমৰ কোনো গুৰুত্ব স্বাভাৱিকতে নাথাকে, কিন্তু ঘটনাটোৱে প্ৰমাণ কৰে প্ৰেমত সকলো সম্ভৱ।

You might also like