SI নিযুক্তি কেলেংকাৰিত জড়িত মুখ্যমন্ত্ৰী সোণোৱালঃ ৰিপুণ বৰা
নিয়মীয়া বাৰ্তা, ৩০ ছেপ্টেম্বৰঃ SI নিযুক্তি কেলেংকাৰীৰ সন্দৰ্ভত দিছপুৰৰ মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সত কংগ্ৰেছৰ প্ৰতিবাদ। ৰিপুণ বৰাৰ নেতৃত্বত আৰক্ষী উপ-পৰিদৰ্শকৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলক লৈ প্ৰতিবাদ।
এই কেলেংকাৰীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল জড়িত আছে। শূন্য সহনশীলতাৰ কথা কোৱা মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে। ৫ অক্টোবৰত জিলাই জিলাই আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিব কংগ্ৰেছে। আৰক্ষী নিযুক্তি বৰ্ডৰ ছেয়াৰমেন প্ৰদীপ কুমাৰৰ বিৰুদ্ধে কিয় এতিয়াও কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি প্ৰশ্ন কৰে ৰিপুণ বৰাই।
নিযুক্তি কেলেংকাৰীৰ অন্যতম অভিযুক্ত দিবন ডেকাৰ পত্নীৰ সন্দৰ্ভতো অভিযোগ আনে ৰিপুণ বৰাই। জনসংযোগৰ নিযুক্তি কেলেংকাৰীত জড়িত দিবন ডেকা। সকাস বেলা নামৰ এখন কাকতত ৭ বছৰ কাম কৰা দেখুৱাই পত্নীক জনসংযোগত চাকৰি দিছিল দিবন ডেকাই। শূন্য সহনশীলতাৰ কথা দোহাই দি পুনৰ মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবী তোলে ৰিপুণ বৰাই।