নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জেৰেঙা পথাৰত স্থাপন হ’ব ক্রিকেট একাডেমী

নিয়মীয়া বাৰ্তা, ৩ অক্টোবৰঃ শিৱসাগৰৰ ঐতিহ্যমণ্ডিত জেৰেঙা পথাৰত স্থাপন হ’ব এখন উন্নতমানৰ ক্রিকেট একাডেমী৷ মহামাৰী ক’ৰোনা ভাইৰাছে ৰাজ্যৰ ক্রীড়া ক্ষেত্রখনক স্তব্ধ কৰি ৰখাৰ সময়তে শিৱসাগৰবাসীলৈ এই সুখবৰ কঢ়িয়াই আনিছে অসম ক্রিকেট সন্থাই৷

ৰাজ্যৰ ক্রিকেটৰ সামগ্রিক উন্নয়নত বিশেষভাৱে গুৰুত্ব আৰোপ কৰা সন্থাই শিৱসাগৰ নগৰৰ পৰা প্রায় ৬ কিঃমিঃ নিলগৰ ভটিয়াপাৰত অৱস্থিত জেৰেঙা খেলপথাৰত এখন উন্নতমানৰ ক্রিকেট একাডেমী স্থাপনৰ যো–জা চলাইছে৷ একাডেমীৰ প্রাথমিক পর্যায়ৰ কামখিনি ইতিমধ্যে প্রায় সম্পূর্ণ হৈ উঠিছে৷

অসম ক্রিকেট সন্থাৰ সভাপতি ৰমেন দত্ত আৰু সম্পাদক দেৱজিৎ শইকীয়াই শেহতীয়াকৈ জিলাখন ভ্রমণ কৰি এই সন্দর্ভত স্থানীয় ভাস্কৰজ্যোতি চিনেমা হলত এখন গুৰুত্বপূর্ণ সভাত অংশ লয়৷ সভাখনত ক্রিকেট একাডেমীৰ বিষয়ববীয়াসকলক স্থানীয় খেলুৱৈসকলে জার্ছি পৰিধান কৰি উষ্ম আদৰণি জনায়৷ সাংস্কৃতিক কর্মী ভোলা কাকতিয়ে জেৰেঙা পথাৰৰ ইতিহাস সোঁৱৰণ কৰি কয় যে ১৯৫২ চনত কেইজনমান স্থানীয় ব্যক্তিৰ নেতৃত্বত জেৰেঙা খেলপথাৰখন গঢ় লৈ উঠিছিল৷ ইমান বছৰে অনাদৃত হৈ থকা খেলপথাৰখন পৰিদর্শন কৰি অসম ক্রিকেট সন্থাৰ প্রতিনিধি দলটোৱে স্থানীয় দল–সংগঠন আৰু ক্রিকেটপ্রেমী ৰাইজক এখন উন্নতমানৰ ক্রিকেট একাডেমী স্থাপনৰ প্রতিশ্রুতি দিয়ে৷

উল্লেখ্য যে সতী জয়মতীৰ স্মৃতি বিজড়িত ঐতিহাসিক জেৰেঙা পথাৰত অত্যাধুনিক ক্রিকেট একাডেমী স্থাপনৰ ঘোষণাই স্থানীয় দল–সংগঠনসমূহ উৎফুল্লিত কৰি তুলিছে৷ স্বাধীনতাৰ ৭২ বছৰৰ পাছতো জিলাখনত আজিপর্যন্ত এখন উন্নতমানৰ খেলপথাৰ নোহোৱাটো পৰিতাপৰ বিষয় যদিও এ চি এৰ শেহতীয়া প্রতিশ্রুতিয়ে অঞ্চলটোলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে৷

You might also like