নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জনপ্রিয় কবি ডেৰেক মাহ’নৰ বিয়োগ

নিয়মীয়া বাৰ্তা, ৩ অক্টোবৰঃ বেলফাষ্টত জন্মগ্রহণ কৰা জনপ্রিয় কবি ডেৰেক মাহ’নৰ দেহাৱসান ঘটিছে৷ আন্তর্জাতিক খ্যাতিসম্পন্ন কবিগৰাকীয়ে ৮৭ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰা বুলি আজি মাহ’নৰ বিভিন্ন গ্রন্থৰ প্রকাশক সংস্থা গেলাৰী প্রেছে এক বিবৃতিত সদৰী কৰিছে৷

প্রকাশক সংস্থাটোৱে মাহ’নক এগৰাকী খ্যাতিৰ শিখৰত আৰোহণ কৰা কবি তথা বিশুদ্ধ শিল্পী বুলি অভিহিত কৰিছে৷ উল্লেখনীয় যে ডাবলিনৰ ট্রিনিটী কলেজত উচ্চ শিক্ষা গ্রহণ কৰা মাহ’নৰ প্রথমখন কবিতা পুথি প্রকাশ পাইছিল ১৯৬৫ চনত৷ টুৱেলভ পয়েমছ শীর্ষক কবিতা পুথিখন কুইনছৰ গ্রন্থমেলাত প্রকাশ পাইছিল৷

স্মর্তব্য যে ১৯৬০ৰ দশকটোৰ মাজভাগৰ পৰাই আন্তর্জাতিক স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছিল কবি মাহ’নে৷ ১৯৭০ৰ দশকত লণ্ডনত এগৰাকী সাংবাদিক হিচাপেও কর্তব্যত নিয়োজিত হৈছিল মাহ’ন৷

You might also like