‘এজন লোকৰ পর্দা উন্মোচিত হ’ল’- ড০ শৰ্মা
নিয়মীয়া বাৰ্তা ৩ অক্টোবৰঃ আৰক্ষীৰ উপ–পৰিদর্শকৰ নিযুক্তি পৰীক্ষাৰ প্রশ্নকাকত ফাদিল কৰা অন্যতম খলনায়ক দিবন ডেকাক লৈ শেহতীয়াকৈ চলি থকা চর্চাৰ মাজতে শুকুৰবাৰে পুনৰ সৰৱ হ’ল বিত্ত, স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ আৰক্ষীৰ জেৰাৰ সন্মুখীন হৈ থকা দিবন ডেকাৰ প্রসংগত সাংবাদিকে মন্ত্রীগৰাকীৰ প্রতিক্রিয়া জানিব বিচৰাত তেওঁ কয়– ২০১৩ চনত দিবন ডেকা আৰু অখিল গগৈয়ে মোৰ বিৰুদ্ধে এখন সংবাদ মেল দিছিল৷ সেইদিনা সংবাদ মাধ্যমত দিবন ডেকা নায়ক হৈ পৰিছিল৷ সেইদিনা সংবাদ জগতে দিবন ডেকাক প্রতিবাদী কণ্ঠ বুলি স্বীকৃতি দিছিল৷ এইজন দিবন ডেকাই এতিয়া সংবাদ মাধ্যমত খলনায়ক হ’ল৷ এতিয়া মোক বহুতেই কৈছে যে আপুনিহে সেই সময়ত সঠিক আছিল৷ যদি দিবন ডেকাক ধৰাৰ বাবে মোৰ প্রতিক্রিয়া জানিব বিচাৰে, তেন্তে মই ক’ম– মোৰ ভাল লাগিছে৷ কিয়নো মোৰ বিৰুদ্ধে সৰৱ হোৱা আৰু এজন লোকৰ পর্দা উন্মোচিত হ’ল৷