কেতিয়াবা একোটা ক্ষুদ্র কাহিনীৰ মাজতো পোৱা যায় গভীৰ চিন্তাৰ খোৰাক৷ আনকি তেনে এটা কাহিনীয়ে আপোনাৰ জীৱনটোকেই সামান্য পৰিমাণে হ’লেও সলনি কৰি দিব পাৰে৷ মই পঢ়া আৰু পঢ়ি গভীৰ চিন্তাৰ খোৰাক পোৱা তেনে এটা কাহিনী তলত দিলোঁ৷
এখন আমেৰিকান বিশ্ববিদ্যালয়ৰ এজন অধ্যাপকে তেওঁৰ ছাত্রসকলক জীৱনৰ বিষয়ে এটা মূল্যৱান শিক্ষা দিবলৈ মনস্থ কৰি এটা সম্পৰীক্ষাত অংশ ল’বলৈ তেওঁলোকক আহ্বান কৰিলে৷ পোন্ধৰজন ছাত্রই হাত দাঙি নিজৰ ইচ্ছা বা সন্মতি প্রকাশ কৰিলে৷ অধ্যাপকজনে পোন্ধৰজন ছাত্রক তিনিটা দলত ভাগ কৰিলে৷ অর্থাৎ প্রত্যেকটো দলতে পাঁচজনকৈ ছাত্র হ’ল৷
অধ্যাপকজনে ছাত্রসকলক ক’লে– ‘তোমালোক যাব লাগিব মই আগতেই নির্দিষ্ট কৰি থোৱা এখন বিশেষ ঠাইলৈ৷ প্রথম দলটোৱে যাত্রা আৰম্ভ কৰিব লাগিব এই মুহূর্ততে৷ ঠাইখন গৈ পাবলৈ তোমালোকক সময় দিয়া হ’ব পোন্ধৰ মিনিট৷ নির্দিষ্ট সময়ত অর্থাৎ পোন্ধৰ মিনিটত তোমালোকে লক্ষ্য স্থলত উপনীত হ’ব নোৱাৰিলে কলেজৰ চূড়ান্ত পৰীক্ষাত তোমালোকৰ নম্বৰ কটা যাব৷ অর্থাৎ তোমালোকে ধৰি ল’ব লাগিব যে এইটোও তোমালোকৰ কাৰণে এটা গুৰুত্বপূর্ণ পৰীক্ষা৷’
প্রথম দলটোৱে যাত্রা কৰাৰ কেইমিনিটমানৰ পিছতে দ্বিতীয় দলটোক যাবলৈ নির্দেশ দিয়া হ’ল৷ তেওঁলোকক সময় দিয়া হ’ল ৪৫ মিনিট৷ তৃতীয় দলটোক সময় দিয়া হ’ল দুঘণ্টা৷ গন্তব্য স্থল আৰু দূৰত্ব কিন্তু একেটাই৷
প্রতিযোগী ছাত্রসকলক নজনোৱাকৈ অধ্যাপকজনে আৰু এটা কাম কৰিছিল৷ তেওঁ চুবুৰীয়া আন এখন বিশ্ববিদ্যালয়ৰ নাটক বিভাগৰ তিনিজন ছাত্রক মাতি আনি তেওঁলোকক এটা বিশেষ অভিনয়ৰ দায়িত্ব দিছিল৷ ওপৰত উল্লেখ কৰা তিনিটা দলৰ ছাত্রসকল যিটো বাটেৰে নির্দিষ্ট গন্তব্য স্থললৈ গৈ থাকিব সেইটো বাটৰে বেলেগ বেলেগ ঠাইত অভিনেতা ছাত্র তিনিজনে ডাঙৰ বিপদত পৰা মানুহৰ ভাও ধৰি পৰি থাকিব৷ প্রথমজন অভিনেতাই গুৰুতৰভাৱে আঘাতপ্রাপ্ত হোৱা মানুহৰ ভাও ধৰি মূৰত বেণ্ডেজ বান্ধি কেঁকাই–গেঠাই বাটৰ একাষে পৰি থাকিব৷ প্রথমজন অভিনেতাৰ পৰা কিছু দূৰত দ্বিতীয়জন অভিনেতাই উবুৰি হৈ ৰাস্তাত শুই থাকিব, মানুহে দেখিলে ভাবিব যে তেওঁ মূর্ছা গৈছে৷ গন্তব্য স্থলৰ নিচেই ওচৰতে তৃতীয়জন অভিনেতাই মৃগী ৰোগীৰ ভাও ধৰি কঁপি কঁপি ৰাস্তাত পৰি থাকিব৷
অধ্যাপকজনে এই গোটেই কাণ্ডটো কৰিছিল এটা বিশেষ সত্য আৱিষ্কাৰ কৰিবলৈ, আৰু লগতে তেওঁৰ ছাত্রকেইজনক জীৱনৰ বিষয়ে এটা মূল্যৱান শিক্ষা দিবলৈ৷ তেওঁ আৱিষ্কাৰ কৰা সত্যটো হ’ল এই ঃ গুৰুতৰভাৱে আঘাতপ্রাপ্ত আৰু অসহায়ভাৱে ৰাস্তাত পৰি থকা মানুহজনক দেখিও প্রথম দলটোৱে খন্তেক থমকি ৰৈ মানুহকজনক সহায় কৰিবলৈ বিচৰাটো দূৰৰ কথা, মানুহজনলৈ কেৰাহিকৈ চোৱাৰো প্রয়োজন অনুভৱ নকৰিলে৷ মাত্র ১৫ মিনিটত তেওঁলোকে গন্তব্য স্থলত উপনীত হ’ব লাগিব, নহ’লে কলেজৰ পৰীক্ষাত নম্বৰ কটা যাব– কেৱল এই চিন্তাই গ্রাস কৰি আছিল তেওঁলোকৰ মনবোৰ৷ দ্বিতীয় দলটোৰ দুজন ছাত্রই খন্তেক থমকি ৰৈ অকণমান সহানুভূতিৰে মানুহজনলৈ চাই আকৌ নিজৰ বাটত আগবাঢ়িল৷ তেওঁলোকৰ হাতত মাত্র ৪৫ মিনিট সময় ৰাস্তাত অসহায়ভাৱে পৰি থকা মানুহক সহায় কৰিবলৈ তেওঁলোকৰ সময় নাই৷ তৃতীয় দলটোক দিয়া হৈছিল দুঘণ্টা সময়৷ তেওঁলোকে কিন্তু প্রত্যেকজন ৰুগ্ণ বা বিপদ–গ্রস্ত মানুহৰ কাষত থমকি ৰৈ তেওঁলোকক যথাসাধ্য সেৱা–শুশ্রূষা কৰিলে৷
এই কাহিনীটোৰ দ্বাৰাই মানুহক কি শিক্ষা দিবলৈ বিচৰা হৈছে সেই কথা বুজিবলৈ নিচেই সহজ৷ তাক বহলাই ব্যাখ্যা কৰাৰ কোনো প্রয়োজন নাই৷ মানৱ জাতিৰ মহৎ শিক্ষকসকলে যুগ যুগ ধৰি মানুহক এই শিক্ষাই দি আহিছে যে পৰোপকাৰ হ’ল মানুহৰ আটাইতকৈ ডাঙৰ ধর্ম৷The best portion of a good man’s life, His little, nameless, unremembered acts of kindness and of love. কিন্তু পৰৰ মুখলৈ চাবলৈ সময় নথকা সদা–ব্যস্ত মানুহে পৰৰ উপকাৰ কৰিব কেনেকৈ? ব্যস্ত জীৱন যে বন্ধ্যা জীৱন এই কথা সততে মনত ৰাখিবা– কৈছিল ছক্রেটিছে৷ গভীৰভাৱে ভাবিবলৈ চেষ্টা কৰিলে এই সৰু বাক্যটোৰ মাজতে বিপুল চিন্তাৰ খোৰাক পোৱা যাব পাৰে৷
এইখিনিতে ব্যস্ত মানুহৰ এটা কৰুণ অভিজ্ঞতাৰ কথা মনত পৰিছে৷
ক্লেয়াৰ বুথ লুচ আছিল এগৰাকী বিখ্যাত আমেৰিকান মহিলা৷ তেওঁ আছিল বিশ্ব–বিখ্যাত টাইম মেগাজিনৰ প্রতিষ্ঠাতা হেনৰি লুচৰ পত্নী৷ তেওঁ আছিল একাধাৰে লেখক, সাংবাদিক, নাট্যকাৰ আৰু কূটনীতিবিদ৷ তেওঁ এসময়ত ইটালীত আমেৰিকাৰ ৰাষ্ট্রদূত হিচাপে কার্যনির্বাহ কৰিছিল, আৰু এখন গুৰুত্বপূর্ণ ৰাষ্ট্রত ৰাষ্ট্রদূতৰ নিযুক্তি পোৱা তেৱেঁই আছিল প্রথমগৰাকী আমেৰিকান মহিলা৷ কোৱা বাহুল্য মাথোন যে তেওঁৰ জীৱন আছিল ব্যস্ততাৰে পৰিপূর্ণ৷
এবাৰ এখন আলোচনীয়ে তেওঁৰ সাক্ষাৎকাৰ লৈ যিকেইটা প্রশ্ণ সুধিছিল সেইবোৰৰ ভিতৰত এটা প্রশ্ণ আছিল– ‘আপোনাৰ জীৱনত এনে কিবা খেদ বা আক্ষেপ আছেনে– যিটো কথা মনত পৰিলে এতিয়াও আপুনি মনোকষ্ট অনুভৱ কৰে?’
উত্তৰ দিবলৈ এক মুহূর্তও সময় নলৈ ক্লেয়াৰ বুথ লুচে ক’লে– ‘হয় আছে৷ কথাটো মনত পৰিলে মই মাজনিশাও সাৰ পাই উঠো, ছাটি–ফুটি কৰোঁ৷ মোৰ এগৰাকী সখী আছিল৷ বাল্যকালতেই লগ পোৱা সখী৷ তেওঁৰ মগজত এটা টেমুনা হৈছিল,brain tumour৷ এবাৰ নহয়, দুবাৰ নহয়, তিনিবাৰকৈ তেওঁ মোক মাতিছিল এবাৰ তেওঁৰ ওচৰলৈ যাবলৈ, তেওঁক এষাৰ মাত দিবলৈ৷ কিন্তু মই সকলো সময়তে ইমান ব্যস্ত হৈ থাকোঁ যে আজি যাম কাইলৈ যাম বুলি তেওঁক কথা দিও এবাৰো যোৱা নহ’ল৷ মই যাবলৈ পোৱাৰ আগতেই এদিন তেওঁ মৰি থাকিল৷ ঘটনাটো ঘটিছিল আজিৰ পৰা ৫৬ বছৰৰ আগতে৷ কিন্তু আজিও মই সেই কথাটো পাহৰিব পৰা নাই৷ পাহৰিব নোৱাৰিম৷’
মোৰ নিজৰ জীৱনতো এনে এটা ঘটনা ঘটিছিল– যিটো ঘটনাৰ স্মৃতিয়ে তীব্র অপৰাধ–বোধৰ ৰূপ লৈ মোক যন্ত্রণাত জর্জৰিত কৰি ৰাখে৷ এই ঘটনাৰ লগত জড়িত হৈ আছে আধুনিক অসমীয়া সাহিত্যৰ এজন অগ্রগণ্য কবি আৰু সমালোচক হীৰেন্দ্র নাথ দত্তৰ নাম৷ দুয়ো কটন কলেজত পঢ়ি থাকোঁতেই আমাৰ দুজনৰ মাজত ঘনিষ্ঠ বন্ধুত্ব স্থাপিত হৈছিল৷ মোৰ আত্মজীৱনী–মূলক দীঘল ৰচনা ‘আত্মানুসন্ধান’ত মই তেওঁৰ কথা উল্লেখ কৰি লিখিছিলোঁ– ‘কলেজত মোৰ আন আন বন্ধুবোৰৰ লগত কাৰোবাৰ লগত সাহিত্য, কাৰোবাৰ লগত ৰাজনীতি, কাৰোবাৰ লগত বিশুদ্ধ পৰচর্চা কৰিছিলোঁ৷ কিন্তু জীৱনৰ বিষয়ে চর্চা কৰিছিলোঁ কেৱল হীৰেন্দ্র আৰু পবীন্দ্রৰ লগত৷ যৌৱনৰ দুৱাৰডলিত ভৰি দি ৰহস্যময় ভৱিষ্যতৰ ফালে চাই জীৱনৰ অর্থ আৰু উদ্দেশ্য সম্পর্কে যি তীব্র কৌতূহল অনুভৱ কৰিছিলোঁ সেই বিষয়ে মই কথা পাতিব পাৰিছিলোঁ কেৱল হীৰেন্দ্র আৰু পবীন্দ্রৰ লগত৷ ই এটা অবিস্মৰণীয় অভিজ্ঞতা৷ সেই সময়ৰ আমাৰ অন্তর্জীৱনৰ ছবি সঞ্চিত হৈ আছে হীৰেন্দ্রই সেই সময়ত তেওঁৰ তিতাবৰৰ ঘৰৰ পৰা মোলৈ লিখা কেইখনমান চিঠিত৷ ১৯৫৩ চনৰ ১৩ অক্টোবৰত হীৰেন্দ্রই তিতাবৰৰ পৰা মোলৈ লিখিছিল– ‘আজি প্রায় ডেৰ বছৰীয়া সান্নিধ্যৰ কালছোৱাত আপোনাৰ প্রতিটো কথাই মোৰ অন্তৰত গভীৰভাৱে ৰেখাপাত কৰিছে৷ সেয়েহে আপোনালৈ চিঠি লিখিবলৈ পাই মই এক অনির্বচনীয় আনন্দ অনুভৱ কৰিছোঁ৷’
আমি যথা সময়ত কর্মজীৱন আৰু গৃহস্থলীত প্রৱেশ কৰাৰ পিছত স্বাভাৱিকতেই কলেজীয়া জীৱনৰ অতি ঘনিষ্ঠ বন্ধুবোৰৰ মাজতো পৰস্পৰৰৰ সম্পর্ক বিচ্ছিন্ন হৈ গ’ল৷ কিন্তু ভাগ্যক্রমে হীৰেন্দ্রৰ লগত মোৰ সম্পর্ক অটুট থাকিল৷ হীৰেন্দ্রই মোৰ একমাত্র বন্ধু যাৰ বিবাহ উৎসৱত যোগ দিবলৈ মই তেওঁৰ তিতাবৰৰ ঘৰলৈ গৈছিলোঁ৷ তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ত ইংৰাজী সাহিত্যৰ অধ্যাপক হিচাপে যোগ দিয়াৰ পিছত এদিন তেওঁ মোক তেওঁৰ ঘৰত দুপৰীয়াৰ আহাৰ খাবলৈ নিমন্ত্রণ কৰিছিল, আৰু কোনোবা এখন ৰচনাত মই লিখিছোঁ যে মই গোটেই জীৱনত খোৱা অবিস্মৰণীয় ভোজনৰ তালিকাত হীৰেন্দ্রৰ ঘৰত খোৱা সেই দুপৰীয়াৰ আহাৰেও স্থান পাইছে৷ তাৰ কাৰণটো অৱশ্যে সম্পূর্ণ মনঃস্তাত্ত্বিক৷ তাৰ পিছতো এবাৰ নে দুবাৰ হীৰেন্দ্রৰ ঘৰলৈ গৈছিলোঁ যদিও বেছিভাগ সময়তে তেওঁক লগ পাইছিলোঁ বিভিন্ন উপলক্ষত হোৱা গুৱাহাটীৰ সভা–সমিতিবোৰত৷
ক্রমান্বয়ে আমি আগতকৈ কম লগ পোৱা হ’লোঁ৷ তাৰ এটা প্রধান কাৰণ আছিল ধীৰে ধীৰে হ’ব ধৰা মোৰ মানসিক পৰিৱর্তন৷ এণ্টন চেখভৰ ‘পিঞ্জৰাবদ্ধ মানুহ’ নামৰ গল্পটোৰ দৰে মই বন্ধু–বান্ধৱৰ সংগ ত্যাগ কৰি নিজে সাজি লোৱা এটা পিঞ্জৰাত সোমাই থাকিবলৈ ভাল পোৱা হ’লোঁ৷ তাৰ কাৰণটো মই নাজানো৷ হীৰেন্দ্রক আগৰ নিচিনাকৈ সঘনাই লগ নাপালেও টেলিফোনত মাজে–সময়ে সংক্ষিপ্ত কথা–বার্তা হৈছিল তেওঁৰ দুই–এটা দুখৰ কাহিনীও মোৰ কাণত আহি পৰিছিল৷ মৰমৰ বন্ধুৰ দুখৰ কাহিনীয়ে মোৰ হূদয় বিগলিত কৰিছিল৷
যিজন মানুহক যৌৱনৰ উজ্জ্বল প্রভাতত লগ পাইছিলোঁ, আৰু যাৰ প্রতিভাৰ দীপ্তিয়ে মোক মুগ্ধ কৰিছিল সেইজন মানুহ অৱধাৰিতভাৱে এদিন বৃদ্ধ হ’ল৷ ময়ো হ’লোঁ৷ মই তেওঁতকৈ বয়সত ডাঙৰ৷ বহুত দিন তেওঁৰ লগত যোগাযোগ নাছিল৷ এদিন হঠাৎ তেওঁ টেলিফোনত মোক ক’লে– ‘আমি কলেজত থাকোঁতে যেনেকৈ বহুত সময় ধৰি দীঘলীয়া কথা পাতিছিলোঁ ঠিক তেনেকৈ এদিন আপোনাৰ লগত কথা পাতিবলৈ মোৰ খুব মন গৈছে৷ মোৰ ভীষণ প্রয়োজন হৈছে৷ আপুনি মোক এটা সময় দিয়ক৷’
মই বুজিলোঁ যে হীৰেন্দ্রক অতিকমেও দুঘণ্টা সময় মই দিব লাগিব৷ কিবাকিবি কামত মই তেতিয়া খুব ব্যস্ত৷ মই হীৰেন্দ্রক ক’লোঁ– ‘নিশ্চয় সময় দিম, কিন্তু কিছুদিনৰ পিছত৷ এতিয়া মই খুব ব্যস্ত৷’
তাৰ পিছৰ তিনি মাহত প্রতিমাহত একোবাৰকৈ হীৰেন্দ্রই একেটা অনুৰোধ কৰি মোলৈ ফোন কৰিলে৷ মোৰো একেটাই উত্তৰ ঃ আৰু কেইদিনমান অপেক্ষা কৰা, মই আজৰি হৈ লওঁ৷’
ধৈর্যচ্যুত হৈ হীৰেন্দ্রই এদিন ক’লে– ‘মই কিন্তুgate crashing কৰিম৷ মোৰ কথা পতাৰ প্রয়োজনটো অতি জৰুৰী৷’
মই অনুনয়ৰ সুৰত ক’লোঁ– ‘আৰু মাত্র কেইদিনমান হীৰেন, মাত্র কেইদিনমান৷’
মইনো তেতিয়া কেনেকৈ জানিম যে অতি অপ্রত্যাশিতভাৱে হঠাৎ এদিন হীৰেন্দ্রৰ মৃত্যু হ’ব বাথৰুমত পৰি হোৱা এটা দুর্ঘটনাত?
মই হীৰেন্দ্রক সময় দিবলৈ পোৱাৰ আগতেই তেওঁ পৃথিৱী অতি চিৰকাললৈ গুচি গ’ল৷ মোৰ বুকুত ৰাখি গ’ল এডোখৰ ঘা– যি কেতিয়াও নুশুকাব৷
Beware the barrenness of a busy life–
Socrates.