নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অমৰত্ব লাভৰ বাসনা

সভ্যতাৰ দোকমোকালি কালতে মানুহৰ মনৰ মাজত খুঁটি পুতি বহা অমৰত্ব লাভৰ বাসনাই আজিও জীৱশ্রেষ্ঠ প্রজাতিটোৰ এক মৌলিক প্রবৃত্তি হিচাপে প্রভাৱ বিস্তাৰ কৰি আছে৷ অৱশ্যে সময়ৰ লগে লগে অমৰত্বৰ অর্থ–পৰিৱর্তন ঘটিছে৷ প্রাগৈতিহাসিক কালৰ আখ্যানসমূহত বর্ণিত অমৰত্বৰ ধাৰণা আৰু আধুনিক যুগৰ অমৰত্ব লাভৰ বাসনাৰ মাজত বৃহৎ পার্থক্য পৰিলক্ষিত হয়৷ পৌৰাণিক অতিকথাসমূহত সমুদ্র মন্থন কৰি অমৃত উদ্ধাৰ কৰা আৰু সেই অমৃত পান কৰি দেৱতাসকলে চিৰকালৰ বাবে অমৰত্ব লাভ কৰাৰ কথা কোৱা হৈছে৷ কোৱা বাহুল্য যে এই অমৰত্ব হৈছে কায়িক মৃত্যুৰ পৰা নিষৃকতি৷ পিছে সেই কায়িক মৃত্যুৰ পৰা হাত সাৰিবলৈ দেৱতাসকলৰ দৰে অমৃত পান কৰাটো অপৰিহার্য৷ সেয়েহে অমৃত পানৰ পৰা বঞ্চিত অসুৰাধিপতিসকলে নিৰন্তৰ দেৱকুলৰ শত্রুতাচৰণ কৰি আহিছে৷ তদুপৰি বিভিন্ন সময়ত অমৰত্বৰ বৰ বিচাৰি তেওঁলোক কঠোৰ তপস্যাত ৰত হোৱাৰ অনেক কাহিনী পুৰাণসমূহত লিপিবদ্ধ হৈ আছে৷ মন কৰিবলগীয়া যে অসুৰৰ ৰজাসকলে সাধাৰণতে সৃষ্টিকর্তা ব্রহ্মাৰে শৰণাপন্ন হৈছিল অমৰত্বৰ বৰ বিচাৰি৷ কিন্তু ব্রহ্মাই নানা বিকল্প প্রস্তাৱ আগবঢ়াই অসুৰপতিসকলক অমৰত্ব প্রার্থনাৰ পৰা বিৰত কৰিছিল৷ তথাপি অমৰত্বৰ পৰিৱর্তে তেওঁলোকে সৃষ্টিকর্তাৰ সমীপত যিবিলাক চর্ত আৰোপ কৰিছিল, সেইবোৰো সময়ত অমৰত্ব লাভৰ সমকক্ষই হৈ উঠিছিল৷ ইয়াৰ প্রশস্ত উদাহৰণ হৈছে দৈত্যৰাজ হিৰণ্যকশিপুৱে ব্রহ্মাৰ পৰা লাভ কৰা বৰসমূহ৷ ব্রহ্মাৰ এই বৰৰ বলত বলীয়ান হৈ হিৰণ্যকশিপুৱে সৃষ্টিৰ সন্তুলনেই বিনষ্ট কৰিবলৈ উদ্যত হৈছিল৷ অৱশেষত এই প্রবল প্রতাপী অসুৰৰাজক নিধন কৰিবলৈ স্বয়ং নাৰায়ণে নৰসিংহ অৱতাৰ ধাৰণ কৰিব লগা হৈছিল৷ কীর্তনপুথিৰ ‘প্রহ্লাদ–চৰিত্র’ খণ্ডত নৰসিংহৰূপী নাৰায়ণে সৃষ্টিকর্তা ব্রহ্মাক ভৱিষ্যতে এনে দুষ্প্রাপ্য বৰ প্রদানৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিয়াৰ কাহিনীও সন্নিৱিষ্ট হৈছে৷ এই ধৰণৰ পৌৰাণিক আখ্যানসমূহত প্রতীকৰ আশ্রয় লৈ মূলতে পৰমেশ্বৰৰূপী নাৰায়ণৰ অপাৰ মহিমাকে প্রতিষ্ঠাৰ প্রয়াস কৰা হৈছে যেন লাগে৷ সৰল লোকবিশ্বাস অনুযায়ী ইন্দ্র, অগ্ণি, বৰুণ, বায়ু আদি দেৱতাসকলক অমৰ জ্ঞান কৰি অহা হৈছে যদিও একাংশ ভাৰতীয় শাস্ত্রৰ মতে ইন্দ্র, অগ্ণি, সূর্যৰ কথাতো বাদেই, স্বয়ং সৃষ্টিকর্তা ব্রহ্মাও অমৰ নহয়৷ যিদিনা এই সৃষ্টি সর্বশেষ ক্ষণত উপস্থিত হয়গৈ, সেই ক্ষণতে তেনে এক সৃষ্টিৰ স্রষ্টাৰূপী ব্রহ্মাৰো হেনো মৃত্যু হয়৷ অৱশ্যে একোজন ব্রহ্মাৰ আয়ুসকাল সাধাৰণ নৰ–মনিচে কল্পনা কৰিব নোৱাৰাকৈ দীঘল৷ ভাৰতীয় ব্রহ্মাণ্ড তত্ত্ববিদসকলে ব্রহ্মাৰ এই জীৱনকালৰ দৈর্ঘ্যও গণনা কৰি উলিয়াইছে৷ এই তত্ত্বসমূহৰ সত্যাসত্য যিয়েই নহওক কিয়, অৱশেষত ধর্মীয় দর্শনৰ প্রতিটো ধাৰা একেই পৰম সত্যত উপনীত হয়গৈ, আৰু সেইটো হৈছে – কেৱল সৃষ্টিৰ আদি কাৰণস্বৰূপ এক পৰম সত্তাহে জন্ম–মৃত্যুহীন, বাকী সকলোৱেই বিনাশশীল অর্থাৎ নশ্বৰ৷ এতেকে এই বিনাশী সৃষ্টিৰ স্রষ্টাজনো দিক্কালৰ বাহিৰ নহয়৷ একমাত্র স্রষ্টাৰো স্রষ্টাগৰাকীহে জন্ম–মৃত্যুৰ ঊর্ধ্বত৷ এই সত্যটোকে প্রতিপাদন কৰিবৰ উদ্দেশ্যেই সম্ভৱতঃ সকলো পৌৰাণিক আখ্যানৰ অৱতাৰণা কৰি অহা হৈছে৷ পিছে আধুনিক মানুহৰ সৃষ্টিত দেৱতা আৰু অসুৰ উভয়েই একো একোটা প্রতীকী সত্তা৷ তদুপৰি অমৰৰূপে খ্যাত দেৱতাসকলৰ লগতো পুৰাণকাৰসকলে কিছুমান অশুভ ক্রিয়া কাণ্ড সাঙুৰি দিয়া দৃষ্টিগোচৰ হয়৷ ইয়াৰ সবাতোকৈ প্রসিদ্ধ উদাহৰণ হৈছে দেৱৰাজ ইন্দ্রই স্বামীৰ ছদ্মবেশেৰে আহি পতিব্রতা অহল্যাৰ সতীত্ব হৰণ কৰাৰ কাহিনীটো৷ তেনেহ’লে এইসকল দেৱতাক সকলো সময়তে শুভ শক্তিৰ প্রতীক ৰূপে গ্রহণ কৰি সিসৱৰ ওপৰত অমৰত্ব আৰোপ কৰাৰ যুক্তিয়েইবা ক’ত?

প্রাচীন কালৰ ভাৰতীয় শাস্ত্রকাৰসকলৰ সাধাৰণ ঐকমত্য এয়ে যে দেৱতাগণ অমৰ হোৱাৰ বিপৰীতে অসুৰকুল মৰণশীল৷ পিছে অসুৰবোৰ মৰণশীল যদিও সিহঁত অমৰত্বপ্রত্যাশী৷ কথা হৈছে, দেৱতা আৰু দানৱক বাদ দি তৃতীয়টো পক্ষ অর্থাৎ মনুষ্যকূলৰ কোনোবা সদস্যই অমৰত্ব প্রার্থনাৰে কেতিয়াবা তপস্যাত উপৱিষ্ট হৈছিল নে নাই, সেই সম্বন্ধে আমি খুব স্পষ্ট নহওঁ৷ সম্ভৱতঃ চিন্তা কৰিবলৈ শিকা দিন ধৰি মানুহে মৃত্যুক জীৱনৰ অনিবার্য পৰিণতি হিচাপে স্বীকাৰ কৰি লৈছিল৷ তথাপি কায়িক মৃত্যুৰ অনিবার্যতা মানি ল’লেও অমৰত্বৰ আন এক তাৎপর্য মানুহে আৱিষ্কাৰ কৰি লৈছিল৷ এনে অমৰত্বৰ অর্থ হ’ল জৈৱিক দেহাৱসানৰ পাছতো যাতে কোনো এক ব্যক্তিক সমাজে যুগ যুগলৈ স্মৰণ কৰি থাকে৷ এই উদ্দেশ্য আগত লৈয়েই অতীতৰ ৰজা–মহাৰজাসকলৰ্ পৰা আজিৰ ৰাজনৈতিক নেতা তথা শিল্পী–সাহিত্যিকে নিজ নিজ কর্মৰ জৰিয়তে অমৰত্ব লাভৰ প্রয়াসত নিৰন্তৰ ৰত হৈ আহিছে৷ তাহানিৰ কোনো সম্রাটে অসামান্য একোটা সৌধ নির্মাণ কৰা আৰু কোনোবা এজন কবিয়ে কাব্য ৰচনা কৰাৰ নেপথ্যত থকা মূল কাৰণ কিন্তু একেটাই– অমৰত্ব লাভৰ বাসনা৷ সেয়ে আমি ইয়াক মানুহৰ মৌলিক প্রবৃত্তি ৰূপে চিনাক্ত কৰিছোঁ৷
এইখিনিতে মোৰ এজন অনুজপ্রতিম বন্ধুৰ কথালৈ মনত পৰিছে৷ তেওঁ নিজকে বিভিন্ন সামাজিক কাম–কাজৰ লগত জড়িত কৰিছিল৷ কিন্তু তেওঁৰ প্রতিটো কার্যৰ গুৰিতে খ্যাতি লাভ আৰু অমৰত্বৰ বাসনাই বৰকৈ ক্রিয়া কৰিছিল৷ কিয়নো কেইবাদিনো তেওঁ মোক একেটা প্রশ্ণকে সুধি বিৰক্ত কৰিছিল৷ প্রশ্ণটো আছিল– মই মৰিলে মোৰ মৃত্যুৰ বাতৰিটো বাৰু বাতৰি–কাকতৰ প্রথম পৃষ্ঠাতে ছপা হ’বনে? বছৰদিয়েক পূর্বে এটা পথ দুর্ঘটনাত তেওঁৰ সঁচাকৈয়ে মৃত্যু হ’ল৷ মৃত্যুৰ পাছদিনা স্থানীয় সংবাদপত্রসমূহত সেই বিশেষ সংবাদটো বিচাৰি মই চলাথ কৰিলোঁ৷ পিছে দুর্ভাগ্যৰ কথাটো আছিল এয়ে যে কোনো এখন কাকততে প্রয়াত বন্ধুৰ মৃত্যুৰ বাতৰিটো প্রথম পৃষ্ঠাত ছপা হোৱা নাছিল৷ কথাটোৰ মই বিচাৰি পোৱা তাৎপর্যটো আছিল এনে– কোন ব্যক্তিয়ে আজিৰ যুগত কিমান দিনলৈ অমৰত্ব লাভ কৰিব, সেইটো বিচাৰ কৰাৰ প্রধান মাপকাঠী হৈছে সংবাদ–মাধ্যমসমূহ্ (বিশেষকৈ বাতৰি–কাকত)৷ কাৰ মৃত্যুত কিমান ডাঙৰকৈ বাতৰি ওলাব, তাৰ সৈতে যেন সংশ্লিষ্ট ব্যক্তিজনে লাভ কৰিবলগীয়া অমৰত্ব কালৰ এক সমীকৰণ প্রস্তুত হৈ গৈছে এতিয়া কথা হৈছে আমি অতি বিশিষ্ট ব্যক্তি ৰূপে গণ্য কৰা কোনোবা এজনৰ পৰলোকপ্রাপ্তিত বাতৰি–কাকত একোখনৰ গোটেই প্রথম পৃষ্ঠাটো জুৰিয়েই যেনিবা বাতৰি প্রকাশিত হ’ল, কিন্তু তাৰ অর্থ এয়ে নেকি যে তেওঁ পৰৱর্তী হাজাৰ বছৰলৈ অমৰত্ব লাভ কৰিব? বর্তমান সমগ্র বিশ্বজুৰি মানৱীয় প্রতিভা অথবা মনীষাৰ সর্বজনস্বীকৃত মাপদণ্ড হৈছে ন’বেল বঁটা৷ পিছে আপুনি বা মই কিমানজন ন’বেল বঁটাপ্রাপকৰ নামৰ সৈতে পৰিচিত? এনে প্রতিগৰাকী ন’বেল বঁটা বিজয়ীৰ নাম পৰৱর্তী এহেজাৰ বছৰলৈ মানুহে মনত ৰাখিব বুলি ভাবিবলৈ টান৷

একেদৰে বর্তমান পৃথিৱীৰ সবাতোকৈ ক্ষমতাশালী দেশ মার্কিন যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি একোগৰাকী সমগ্র বিশ্বৰে লেখত ল’বলগীয়া ব্যক্তি৷ কিন্তু তাৰ মাজৰো কেইজনৰ নাম বিশ্ববাসীয়ে মনত ৰাখিছে? এইবিলাক কথাৰ মাধ্যমে আমি ইয়াকে ক’ব খুজিছোঁ যে পৰৱর্তী এহেজাৰ বছৰৰ বাবে মানুহে কাৰোবাক মনত ৰাখিবলৈ হ’লে তেওঁ অনন্য সাধাৰণ কৃতিত্বৰ অধিকাৰী হ’ব লাগিব৷ তেনেস্থলত পাঁচ হাজাৰ, দহ হাজাৰ কিম্বা কুৰি হাজাৰ বছৰীয়া অমৰত্বৰ কথা ভাবিবলৈ গ’লে দেখোন মূৰ ঘূৰাই যায় এইখিনিতে অতীতৰ পিনে এবাৰ ঘূৰি চাবৰ মন গৈছে৷ এইপর্যন্ত অতীত হৈ যোৱা বছৰবিলাকত মানৱ সমাজত সংঘটিত পৰিৱর্তনৰ হাৰ ক্রমশঃ ক্ষিপ্রতৰ হৈ আহি আছে৷ এনে এটা বিন্দুত থিয় হৈ আমি চাওঁচোন– দহ হাজাৰ বছৰ পূর্বে জন্ম গ্রহণ কৰা কেইজন ব্যক্তিৰ নাম মনত পেলাব পাৰোঁহঁক৷ কিন্তু সেইসকল ব্যক্তি ইতিহাস সমর্থিত হ’ব লাগিব৷ মোৰ বোধেৰে তেনে লোকৰ সংখ্যা কুৰিজনৰ অধিক নহ’ব৷ অর্থাৎ এই সন্দর্ভত মই ইয়াকে সুধিব খোজোঁ, দ্রুতভাৱে পৰিৱর্তনশীল পৰৱর্তী দহ হাজাৰ বছৰৰ পাছত আজিৰ পৃথিৱীৰ কোন কুৰিজন ব্যক্তিক ভৱিষ্যতৰ মানৱ সমাজে মনত ৰাখিব?

এতেকে আজিৰ মানুহে যদি দহ হাজাৰ বছৰীয়া অমৰত্ব লাভৰ আশা পুহি ৰাখিছে, তেনেহ’লে ৰামায়ণ, মহাভাৰতৰ দৰে মহাকাব্য ৰচনা কৰিব পাৰিব লাগিব, নতুবা ছাহজাহানৰ দৰে তাজমহল নির্মাণ কৰিব লাগিব৷ একে সময়তে আৰু এটা কথা আমি পাহৰি যোৱা উচিত নহয়৷ কথাটো এই যে অন্তহীন মহাকালৰ তুলনা দহ হাজাৰ কিয় এক লাখ বছৰো অতি নগণ্য৷ মানুহৰ আয়ুসৰ মাপকাঠীৰে জুখি চোৱাৰ হেতুকে পূর্বোক্ত কালাৱধিসমূহ আমাৰ বাবে খুব দীঘলীয়া যেন অনুভৱ হয়৷ এই দৃষ্টিৰে বিৱেচনা কৰি চালে মানুহে কায়িক মৃত্যুৰ পাছত অমৰত্ব লভিবলৈ কৰা প্রয়াসৰ বিশেষ একো অর্থ নাই৷ আন এক দৃষ্টিকোণৰ পৰা নিৰীক্ষণ কৰিলে আকৌ সমগ্র বিষয়টোৰ ইতিবাচক দিশ এটাও তেনেই স্বীকাৰ কৰিব নোৱাৰি৷ কিয়নো পিতৃ, মাতৃ কিম্বা পিতামহ–মাতামহৰ স্মৃতি যুগমীয়া কৰিবৰ নিমিত্তে একোটা প্রজন্মৰ লোকসকলে নানা সামাজিক সক্রিয়তা প্রদর্শন কৰে৷ এনে অনেকৰ নামত বিদ্যালয়, মহাবিদ্যালয় অথবা চিকিৎসালয় স্থাপন কৰে৷ এইবিলাক অনুষ্ঠান–প্রতিষ্ঠানে নিঃসন্দেহে সমাজৰ হিত সাধনত অৰিহণা যোগায়৷ একোজন গুণৱান ব্যক্তিৰ শতবার্ষিকী অনুষ্ঠিত কৰি তেওঁক কিছুদিনৰ অমৰত্ব প্রদানৰ প্রয়াস কৰা হয়৷ উত্তৰপুৰুষক এনে একোগৰাকী মহান ব্যক্তিৰ আদর্শৰে অনুপ্রাণিত কৰিবৰ নিমিত্তে এই ধৰণৰ উৎসৱ–নুষ্ঠানবিলা গুৰুত্বও আমি অস্বীকাৰ কৰিব নোৱাৰোঁ৷ কিন্তু কেতিয়াবা দেখা যায় যে একোজন লোকৰ সমাজৰ প্রতি থকা অৱদানৰ তুলনাত তেওঁৰ নামত পতা অনুষ্ঠান–প্রতিষ্ঠানৰ্ সংখ্যা অসমানুপাতিকভাৱে অধিক হৈ পৰে৷ সাধাৰণতে হাতত ক্ষমতা কিম্বা প্রচুৰ ধন থকা পক্ষ একোটাই এনেদৰে একোজন আত্মীয় ব্যক্তিক অমৰত্ব দানৰ বাসনা প্রদর্শন কৰে৷ পিছে অসামান্য প্রতিভাৰ গৰাকী নহ’লে কেৱল ধন অথবা ক্ষমতাৰ বলত অমৰত্ব ক্রয় কৰাটো সম্ভৱ নহয়৷

আমাৰ সমাজৰ বহুজন গুণী–জ্ঞানী ব্যক্তিয়ে আত্মজীৱনী ৰচনাত মনোনিৱেশ কৰে৷ মোৰ বোধেৰে এনে প্রয়াসৰ নেপথ্যতো দুটা কাৰক ক্রিয়াশীল হৈ থাকে – (ক) আত্মতৃপ্তি লাভ আৰু (খ) অমৰত্ব লাভৰ অভিপ্রায়৷ নিজৰ অতীতটোলৈ এবাৰ ঘূৰি চাই আত্মতৃপ্তি লাভ কৰাটো আন এক মানৱীয় প্রবৃত্তি৷ ইয়াত দোষনীয় একো নাথাকে৷ কিন্তু আত্মজীৱনীত ‘অল্প গুণ কৰয় বিস্তাৰ’ৰ ধৰণৰ প্রৱণতা এটা দৃশ্যমান হৈ উঠিলে তেনে আত্মজীৱনীয়ে সমাজৰ একো কল্যাণ সাধন নকৰে৷
আমাৰ সমাজত এষাৰ গভীৰ তাৎপর্যপূর্ণ কথাৰ প্রচলন আছে যে ৰজা–প্রজা, পণ্ডিত–মূর্খ সকলোকে শেষত ছহাত মাটিৰহে আৱশ্যক হয়৷ অর্থাৎ মৃত্যুৱে প্রতিজন লোককে সমান কৰি পেলায়৷ সেয়ে মোৰ ভাব হয়, নিজৰ মৃত্যুৰ পাছৰ কথা ভাবি উদ্বিগ্ণ হোৱাৰ সমান মূঢ়তা আন একো থাকিব নোৱাৰে৷ তথাপি মৰণোত্তৰ অমৰত্ব লাভৰ বাসনাই অনেককে ভিন্ন প্রকাৰে প্রণোদিত কৰি আহিছে৷ যিসকল সহজাত প্রতিভা কিম্বা জীৱনজোৰা সাধনাৰ জৰিয়তে সফল ব্যক্তি ৰূপে পৰিগণিত হয়, কায়িক মৃত্যুৰ পাছৰ অমৰত্ব সেইসকলৰহে প্রাপ্য৷ অসাধু পদ্ধতিৰে অমৰত্ব ক্রয় কৰিব খোজাসকলে এদিন নহয় এদিন হাঁহিয়াতৰ পাত্র হৈ উঠাটো নিশ্চিত৷

You might also like