ভাৰা বৃদ্ধি নহয়: বৈঠকৰ অন্তত মন্ত্রী পাটোৱাৰী চকাবন্ধ অব্যাহত ৰখাৰ হুংকাৰ পৰিবহণ সন্থাৰ
নিয়মীয়া বাৰ্তা, ৭ অক্টোবৰঃ ভাৰা বৃদ্ধি, পথ কৰ ৰেহাই আদি বিভিন্ন দাবীৰ সমর্থনত সদৌ অসম মটৰ পৰিবহণ সন্থাই আহ্বান জনোৱা অনির্দিষ্টকালীন চকাবন্ধ কার্যসূচী অব্যাহত থাকিব৷ পৰিবহণ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীৰ সৈতে সন্থাৰ এখন বৈঠক অনুষ্ঠিত হোৱাৰ পিছত সদৌ অসম মটৰ পৰিবহণ সন্থাৰ ক’ৰ কমিটীৰ বৈঠকত এই সিদ্ধান্ত গ্রহণ কৰা হয়৷ বিভাগীয় মন্ত্রীৰ সৈতে হোৱা বৈঠক ব্যর্থ হোৱাৰ পৰিপ্রেক্ষিততে সন্থাই এই সিদ্ধান্ত গ্রহণ কৰিছে৷
আনহাতে, কোনো কাৰণতে বর্তমান ভাৰা বৃদ্ধি কৰিবলৈ অনুমতি দিয়া নহ’ব বুলি সদৰী কৰিছে মন্ত্রী পাটোৱাৰীয়ে৷ বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত তেওঁ কয়–‘ইতিমধ্যে এবাৰ ভাৰা বৃদ্ধি কৰা হৈছে৷ সেয়েহে কোনো পৰিস্থিতিতে গাড়ীৰ ভাৰা পুনৰ বৃদ্ধি কৰা নহ’ব৷ ক’ভিডৰ সময়ত গাড়ীচালক তথা মালিকসকলৰ যথেষ্ট অসুবিধা হৈছে৷ এই সময়ছোৱাত ৰাইজো সমস্যাৰ সন্মুখীন হৈছে৷ পৰিবহণ সন্থাৰ ১০০ শতাংশ যাত্রী কঢ়িওৱাৰ অনুমতি প্রদান কৰিবলৈ দাবী উত্থাপন কৰিছে৷ এইক্ষেত্রত স্বাস্থ্য বিভাগৰ অনুমতি ল’ব লাগিব৷ সেইদৰে তেওঁলোকৰ আন দাবীসমূহ বিত্ত বিভাগৰ সৈতে আলোচনাৰ অন্ততহে মীমাংসা কৰিব পৰা যাব৷ সেয়েহে এইক্ষেত্রত তেওঁলোকৰ পৰা কিছু সময় বিচাৰিছোঁ৷ পুনৰ ১৫ দিনৰ ভিতৰতে আমি আলোচনাত মিলিত হ’ম৷’ চৰকাৰ আৰু পৰিবহণ সন্থাৰ মাজত আজিৰ বৈঠকত কোনো মীমাংসাত উপনীত নোহোৱাৰ ফলত পুনৰ সাধাৰণ ৰাইজে জলাযন্ত্রণা ভোগ কৰিবলগীয়া হোৱাটো নিশ্চিত হৈছে৷