উৰন্ত অৱস্থাত আকাশতে জন্মিলে সন্তান, আনন্দৰ লহৰ ইণ্ডিগো বিমানত
নিয়মীয়া বাৰ্তা, ৮ অক্টোবৰঃ জন্ম-মৃত্যু-বিবাহৰ কথা আগতীয়াকৈ কোনেও নিৰ্দিষ্টকৈ ক’ব নোৱাৰে। ই যেন নেদেখাজনৰ হাতত।
এনে অনিশ্চিত এক ঘটনাই ঘটিল এখন ইণ্ডিগো বিমানত। বিমানখনত আকাশমাৰ্গতে জন্ম পালে এটি কেঁচুৱাই। জানিব পৰা মতে, বুধবাৰে সন্ধিয়া দিল্লীৰ পৰা বাংগালুৰুলৈ উৰা মাৰিছিল ইণ্ডিগো বিমানখন।
কিন্তু মাজ আকাশত হঠাতে আৰম্ভ হ’ল এগৰাকী প্ৰসূতিৰ প্ৰসৱ বেদনা। কিংকৰ্তব্যবিমূঢ় হৈ পৰে সকলো। কিন্তু মিনিটৰ ভিতৰতে আগুৱাই আহে এগৰাকী মহিলা। তেওঁ আছিল ভাগ্যক্ৰমে বিমানখনত উপস্থিত থকা স্ত্ৰীৰোগ বিশেষজ্ঞ শৈলজা বালাভানী।
বিমান পৰিচাৰক, যাত্ৰী সকলোৱে মিলি মুহূৰ্ততে এটা কেবিন তৈয়াৰ কৰি দিয়ে বিমানখনত আৰু বালাভানীৰ নেতৃত্বতে অৱশেষত জন্মলাভ কৰে এটি ল’ৰা সন্তান। আকাশমাৰ্গত জন্মলাভ কৰা কেঁচুৱা আৰু মাতৃৰ স্বাস্থ্য স্বাভাৱিক আছিল।
বিমানখন সন্ধিয়া ৭:৪০ বজাত বাংগালুৰু বিমান বন্দৰত অৱতৰণ কৰাৰ পিছতে মাতৃ-পুত্ৰক স্বাগতম জনায় সকলোৱে। কিছুসময় পিছতে হাস্পতাললৈ পঠিয়াই দিয়া হয় মাতৃ-পুত্ৰক। সম্প্ৰতি সুস্থ অৱস্থাত আছে দুয়োগৰাকী।
উল্লেখ্য এই খবৰ ছ’চিয়েল মিডিয়াযোগে এই খবৰ প্ৰচাৰ হোৱাৰ পিছতে বহুতৰ মাজৰ পৰা ইণ্ডিগো বিমান কৰ্তৃপক্ষলৈ আহিছে এটা অনুৰোধ- কেঁচুৱাটিয়ে পাব লাগে লাইফটাইম বিনামূলীয়া বিমান যাত্ৰাৰ টিকট।