নিয়মীয়া বাৰ্তা ৯ অক্টোবৰঃ সতীর্থ হত্যা, অসামাজিক কার্যকলাপকে ধৰি বিভিন্ন অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন হোৱা জিতেন দত্তক সংযুক্ত মুক্তি বাহিনী, অসম (আলফা)ৰ প্রাথমিক সদস্য পদৰ পৰা অব্যাহতি দিয়াৰ সম্ভাৱনা প্রকট হৈ পৰিছে৷ এক সূত্রই সদৰী কৰা অনুসৰি আলফাৰ কার্যকৰী সমিতি আৰু কর্ম পৰিষদৰ এখন যুটীয়া সভাত দত্তক আলফাৰ পৰা অব্যাহত দিয়াৰ সিদ্ধান্তত সকলোৱে সন্মতি প্রদান কৰিছে৷ তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগসমূহৰ ক্ষেত্রত স্পষ্টীকৰণ প্রকাশ কৰিবলৈ ৰাইজ মেল অনুষ্ঠিত কৰি সুযোগ দিয়াৰ পাছতো পলায়নবাদী মনোভাব গ্রহণ কৰাৰ বাবে সভাখনত এই সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ তদুপৰি জিতেন দত্তই কেন্দ্রীয় নেতৃত্ব আৰু আলফাৰ বিৰুদ্ধে কেতবোৰ মন্তব্য কৰি অহাৰ বাবেও তেওঁৰ ওপৰত অসন্তুষ্ট হৈ পৰিছে শীর্ষ নেতৃত্ব৷ অৱশ্যে এতিয়াও এই সন্দর্ভত আনুষ্ঠানিকভাৱে কোনো সিদ্ধান্ত আলফাৰ তৰফৰ পৰা প্রকাশ কৰা হোৱা নাই৷ উল্লেখ্য যে সামাজিক মাধ্যমত জিতেন দত্তৰ বিৰুদ্ধে কেতবোৰ অভিযোগ উত্থাপন হৈ আহিছে৷ প্রকৃত তথ্যৰ সন্ধানত তিনিচুকীয়া জিলা আলফা শ্বহীদ পৰিয়ালৰ উদ্যোগত যোৱা ২৭ ছেপ্ঢেম্বৰত তালাপ–কর্দৈগুৰি অঞ্চলত এখন সভা অনুষ্ঠিত হয়৷ এই সভাৰ সিদ্ধান্তমর্মে কাকপথাৰ ৰাজহুৱা খেলপথাৰত এখন ৰাইজ মেল যোৱা ৫ অক্টোবৰত অনুষ্ঠিত কৰা হয়৷ ৰাইজ মেলখনত শদিয়াৰ পৰা ধুবুৰীলৈ বহু শ্বহীদ পৰিয়াল, গণ্য–মান্য ব্যক্তি, বিভিন্ন জাতি–জনগোষ্ঠীয় দল–সংগঠন উপস্থিত থাকে৷ জিতেন দত্তৰ লগতে প্রবাল নেওগ, বিজয় চাইনিজ, জোন ভূঞাকো ৰাইজ মেললৈ আমন্ত্রণ জনোৱা হৈছিল৷ কিন্তু এই প্রত্যাহ্বান গ্রহণ কৰিবলৈ সক্ষম নহ’ল প্রাক্তন আলফা নেতা জিতেন দত্ত৷ যাৰ পৰিপ্রেক্ষিতত ৰাইজ মেলতে জিতেন দত্তক সামাজিকভাৱে বর্জনৰ সিদ্ধান্ত গ্রহণ কৰা হয়৷ তদুপৰি যুদ্ধবিৰত গোট কাকপথাৰৰ পৰা উঠাই নিয়াৰ দাবী ৰাইজে উত্থাপন কৰে৷ সমান্তৰালভাৱে জিতেন দত্তক তেওঁৰ কু–কর্মৰ বাবে যুদ্ধবিৰত গোটৰ পৰা বহিষ্কাৰ কৰিবলৈ মত পোষণ কৰে ৰাইজ মেলে৷ ইয়াৰ ভিত্তিতেই দত্তক কার্যকৰী সভা আৰু কর্ম পৰিষদৰ বৈঠকত দত্তক আলফাৰ প্রাথমিক সদস্য পদৰ পৰা অব্যাহত দিবলৈ সিদ্ধান্ত গ্রহণ কৰা হয়৷