নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজমলৰ বিৰুদ্ধে ক্ষোভৰ উদ্গীৰণ প্রতিকৃতি দাহেৰে প্রান্তে প্রান্তে প্রতিবাদ–ধিক্কাৰ

অসমীয়া ভাষাবিৰোধী কার্যৰে বদৰুদ্দিনৰ সভাৰ বেনাৰত আৰবী ভাষা

নিয়মীয়া বাৰ্তা ৯ অক্টোবৰঃ  অসমত আৰবী ভাষাত লিখা বেনাৰ আঁৰি এ আই ইউ ডি এফৰ সভাপতি তথা সাংসদ বদৰুদ্দিন  আজমলে ৰাজহুৱা সভা আয়োজন কৰাক কেন্দ্র কৰি ক্ষোভৰ উদ্গীৰণ ঘটিছে ৰাজ্যত৷ বিভিন্ন দল–সংগঠনে ইয়াক অসমীয়া ভাষাবিৰোধী আৰু নিকৃষ্ট কাণ্ড আখ্যা দিয়াৰ লগতে প্রান্তে প্রান্তে প্রতিবাদী কার্যসূচীও ৰূপায়ণ কৰে৷ বিশেষকৈ আজিৰ দিনটোত ডিব্রুগড়ত আজমলৰ এনে কার্যৰ বিৰুদ্ধে উত্তাল প্রতিবাদ সাব্যস্ত কৰে বিজেপিয়ে৷ সেইদৰে লখিমপুৰ নগৰৰ অসমীয়া যুৱ মঞ্চই আজমলৰ প্রতিকৃতি দাহ কৰে৷ উল্লেখ্য যে গোৱালপাৰা চহৰৰ কাৰবালাস্থিত মার্কাজুল মাৰিফত বহিঃৰাজ্যৰ স্বেচ্ছাসেৱী সংস্থা এটাৰ সহযোগত আজমল ফাউণ্ডেচনে মঙলবাৰে এটা বিশুদ্ধ খোৱাপনী যোগান প্রকল্পৰ শুভাৰম্ভ কৰিছিল৷ এ আই ইউ ডি এফৰ সভাপতিজনে প্রকল্পটো উদ্বোধন কৰাৰ উপৰি এই উপলক্ষে আয়োজিত ৰাজহুৱা সভাতো উপস্থিত আছিল৷ কিন্তু অতি পৰিতাপৰ বিষয় যে অসমীয়া ভাষাক কার্যতঃ নস্যাৎ কৰি ৰাজহুৱা সভাখনৰ মূল বেনাৰত জিলিকিছিল আৰবী ভাষাহে৷ তদুপৰি ৰাজহুৱা সভাখনত একাংশ মহিলাৰ মাজত ‘কুৱেইট’ ৰাষ্ট্রৰ নাম লিখা ভালেসংখ্যক কলহো আজমলে নিজ হাতেৰে বিতৰণ কৰিছিল৷ খোদ অসমতে এনেদৰে অসমীয়া ভাষাক জলাঞ্জলি দিয়াক লৈ তীব্র প্রতিক্রিয়া ব্যক্ত কৰিছে সদৌ অসম ছাত্র সন্থাই (আছু)৷ বিষয়টো সন্দর্ভত আছুৰ সভাপতি দীপাংক কুমাৰ নাথে সংবাদ মাধ্যমৰ আগত কয় যে গোৱালপাৰা জিলাত আৰবী ভাষাৰ বেনাৰ–পোষ্টাৰ আঁৰি আমাৰ মাজত বিভাজন সৃষ্টি কৰিব বিচাৰিছে৷ চৰকাৰে এনে শক্তিক অতি শীঘ্রে অসমৰ মাটিৰ পৰা উৎখাত কৰিবলৈ পদক্ষেপ গ্রহণ কৰিব লাগে৷ সদৌ অসম ছাত্র সন্থাই স্পষ্টকৈ কৈছোঁ– ইয়াত জাতি–জনগোষ্ঠীয় আৰু অসমীয়া ভাষাৰ সৈতে জড়িত বিষয়বোৰহে প্রাধান্য দিয়া উচিত৷ কিন্তু দুষৃকতিকাৰীয়ে বিদেশী ভাষাক ইয়াত সোমাই বা প্রচাৰ কৰি বিভেদৰ আৰু এক নতুন পৰিকল্পনা যুগুত কৰিছে৷ ই যাতে সফল হ’ব নোৱাৰে, তাৰ পদক্ষেপ লোৱাৰ দায়িত্ব চৰকাৰৰ৷ মুছলিম ছাত্র সন্থায়ো আজমলৰ এই কার্যক গৰিহণা দিছে৷ সংগঠনটোৰ নেতৃত্বই আজি সংবাদ মাধ্যমৰ আগত কয় যে ইয়াৰ দ্বাৰা অসমৰ ভাষা আন্দোলনৰ শ্বহীদসকলক অপমান কৰা হৈছে বুলি আমি ভাবোঁ৷ অসমীয়াৰ স্বাভিমানত আজমলে আঘাত হানিছে৷ ডিব্রুগড়ৰ বিজেপি বিধায়ক প্রশান্ত ফুকনে বিষয়টো সন্দর্ভত প্রতিক্রিয়া ব্যক্ত কৰি কয়– আমি আজি এ আই ইউ ডি এফ আৰু কংগ্রেছৰ প্রতিকৃতি দাহ কৰিলোঁ৷ আজমলে আৰবী ভাষাৰে অসমক গ্রাস কৰাৰ পৰিকল্পনা কৰিছে৷ তাত উচটনি দিছে ৰিপুণ বৰাৰ কংগ্রেছ দলে৷ কংগ্রেছে এ আই ইউ ডি এফৰ বোকোচাত উঠি নির্বাচনী বৈতৰণী পাৰ হোৱাৰ পৰিকল্পনা কৰিছে৷ বিধায়ক ফুকনে আজমলক ক্ষমা খোজাৰ বাবে দাবী জনায়৷ সমগ্র বিষয়টোৰ ক্ষিপ্র তদন্তৰ দাবী তুলিছে সদৌ অসম দেৱালয় সংঘই৷ সংগঠনটোৰ প্রধান সম্পাদক কৈলাস শর্মাই কয় যে ভৱিষ্যতে যাতে কোনো ৰাজনৈতিক দল–নেতা আৰু সংগঠনে এনেধৰণৰ দেশদ্রোহী কার্য সংঘটিত কৰিব নোৱাৰে, তাৰ বাবে আইন প্রণয়ন কৰ হ’লেও মাতৃভাষাক ৰক্ষা কৰিবলৈ চৰকাৰে পদক্ষেপ লওক৷ ইফালে মন্ত্রী ৰঞ্জিত দত্তই ইয়াক অসমৰ বাবে এক অশনি সংকেত বুলি উল্লেখ কৰি কয় যে আজমলে অসমক ইছলামিক ষ্টেট বনোৱাৰ পৰিকল্পনা কৰিছে৷
গোৱালপাৰাত প্রতিক্রিয়া
অসমীয়া ভাষাক ভৰিৰে মোহাৰি বিদেশী ৰাষ্ট্রৰ ভাষা আৰু সামগ্রী ব্যৱহাৰ কৰাক লৈ তীব্র প্রতিক্রিয়া অব্যাহত আছে ৰাজ্যৰ ভিন্ন প্রান্তৰ লগতে গোৱালপাৰা জিলাতো৷ এই সন্দর্ভত ভাৰতীয় জনতা যুৱ মর্চাৰ গোৱালপাৰা জিলাৰ সভাপতি ধনজীৱ ৰাভাই কয় যে এয়া অসমৰ কাৰণে দুর্ভাগ্যজনক৷ এয়া আজমলৰ পূর্বপৰিকল্পনা অনুসৰি কৰা কাম৷ কিয়নো আজমলৰ পৰিকল্পনা হৈছে অসমক দ্বিখণ্ডিত কৰি ৰাজনীতি কৰা৷ ইফালে জ্যেষ্ঠ নাগৰিক বীৰেন্দ্র ওজাই কয়– আমি অসম আন্দোলনৰ লগত জড়িত লোক৷ অসমত আজমলে অসমীয়া ভাষাক এলাগী কৰি আৰবী ভাষাৰ বেনাৰেৰে সভা পতাটো কোনোপধ্যেই সহ্য কৰা নহ’ব৷ অসমত কেৱল অসমীয়া ভাষাৰ ব্যৱহাৰ হ’ব লাগিব৷ সমাজকর্মী ননী দাসে কয় যে আজমলৰ সভাত কিদৰে বিদেশী ৰাষ্ট্র ‘কুৱেইট’ৰ কলহ বিতৰণ কৰিব পাৰিলে৷ প্রশাসনে এইবোৰ দিশত গুৰুত্ব দিয়া উচিত৷
লখিমপুৰত বদৰুদ্দিন আজমলৰ প্রতিকৃতি দাহ অসমীয়া যুৱ মঞ্চৰ
গোৱালপাৰাত সাংসদ বদৰুদ্দিন আজমলৰ এখন সভাত আৰবী ভাষাতে বেনাৰ লিখাৰ প্রতিবাদ জনাই আজি লখিমপুৰত অসমীয়া যুৱ মঞ্চই আজমলৰ প্রতিকৃতি দাহ কৰে৷ নগৰৰ মাজত আজমলৰ প্রতিকৃতি দাহ কৰি আজমল মুর্দাবাদ, অসমত অসমীয়া ভাষা এশ শতাংশ চলিবই লাগিব, অসমীয়া ভাষাৰ অপমান সহ্য কৰা নহ’ব আদি শ্লোগানেৰে উত্তাল পৰিৱেশ সৃষ্টি কৰে৷ প্রতিবাদস্থলীত মঞ্চৰ কেন্দ্রীয় সাংগঠনিক সম্পাদক অনুপম শইকীয়াই আজমলে অসমীয়া ভাষাক কৰা এনে অপমানৰ বাবে ধিক্কাৰ দি ভৱিষ্যতে এনে কার্যৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিয়ে৷ এনে ঘটনাৰ পুনৰাবৃত্তি ঘটিলে জংগী প্রতিবাদ সাব্যস্ত কৰা হ’ব বুলিও তেওঁ হুংকাৰ দিয়ে৷ এই কার্যসূচীত মঞ্চৰ জিলা সভাপতি চিৰঞ্জীৱ বৰদলৈ, উপ–সভাপতি মণ্টু দাস, সহঃ সচিব ৰঞ্জু দাসসহ ভালেকেইজন সদস্যই অংশগ্রহণ কৰে৷
আজমলৰ কাণ্ডত উত্তাল ডিব্রুগড়ঃ প্রতিকৃতি দাহ বিজেপিৰ
আজমলৰ অসমীয়া ভাষা এলাগী কৰা কাণ্ডই জোকাৰি গৈছে সমগ্র ৰাজ্য৷ গোৱালপাৰাত এখন সভাত অসমীয়া ভাষা ব্যৱহাৰ কৰাৰ বিপৰীতে সভাত আৰবী বেনাৰ ব্যৱহাৰ কৰাক কেন্দ্র কৰি এতিয়া ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি হৈছে ৰাজ্যৰ সচেতন মহলৰ মাজত৷ সাংসদ আজমলৰ এই কাণ্ডক লৈ ৰাজ্যৰ ভিন্ন স্থানত প্রতিবাদ সাব্যস্ত কৰিছে বিভিন্ন জাতীয় দল–সংগঠনে৷ সমান্তৰালকৈ আজি ডিব্রুগডতো বিজেপিৰ প্রতিবাদত কঁপি উঠিল ৰাজপথ৷ ভাৰতীয় জনতা পার্টীৰ ডিব্রুগড কর্মকর্তাই অসম প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰা আৰু এ আই ইউ ডি এফৰ সভাপতি তথা সাংসদ বদৰুদ্দিন আজমলৰ প্রতিকৃতি দাহ কৰি তীব্র প্রতিবাদ সাব্যস্ত কৰে৷ বদৰুদ্দিনৰ বোকোচাত উঠি নির্বাচনী বৈতৰণী পাৰ হ’বলৈ বিচৰা কংগ্রেছৰ ৰিপুণ বৰাকো তীব্র সমালোচনা কৰে বিধায়ক প্রশান্ত ফুকনে৷

You might also like