অসমৰ নাৰী স্বাৱলম্বী হ’লে অসমৰ সমাজ শক্তিশালী হ’ব
পঞ্চায়ত–গ্রামোন্নয়নৰ অভিলাষী আঁচনিৰ শুভাৰম্ভ মুখ্যমন্ত্রীৰ
নিয়মীয়া বাৰ্তা ৯ অক্টোবৰঃ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে বৃহস্পতিবাৰে চন্দ্রপুৰ উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজিত এক অনুষ্ঠানত গ্রামাঞ্চলৰ আর্থিকভাৱে দুর্বল মহিলাসকলৰ সবলীকৰণৰ লক্ষ্যৰে পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ উদ্যোগত তথা আন কেইবাটাও বিভাগৰ সহযোগত ৰূপায়ণ কৰিবলগীয়া ‘স্ব–নির্ভৰ নাৰীঃ আত্মনির্ভৰ অসম’ শীর্ষক আঁচনিখনৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে৷ মহাত্মা গান্ধী এনৰেগাৰ অধীনত গ্রামাঞ্চলৰ দুখীয়া মহিলাসকলৰ উত্তৰণৰ লক্ষ্যৰে এলানি ব্যক্তিগত আৰু সামূহিক কর্মসূচীৰে এই আঁচনিখন ৰূপায়ণৰ দিশত মুখ্য সহযোগী হিচাপে অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযান, কৃষি, উদ্যান শস্য, মীন, পৰিৱেশ আৰু বন, হস্ততাঁত আৰু বস্ত্রশিল্প, ৰেচম, পশুপালন আৰু জলসিঞ্চন বিভাগে সহযোগী বিভাগ হিচাপে কাম কৰিব৷ ব্যক্তিগত আঁচনিৰ ভিতৰত প্রথম পর্যায়ত ৫খন কর্ম আঁচনি ২১৯টা উন্নয়ন খণ্ডত আৰু ২০খন কর্ম আঁচনি নির্দিষ্ট উন্নয়ন খণ্ডত ৰূপায়ণ কৰা হ’ব৷ প্রথম পর্যায়ত আত্মসহায়ক গোটৰ ৪ লাখ পৰিয়াললৈ উৎপাদনশীল সমল প্রদানৰ জৰিয়তে অবিৰত তথা বহনক্ষম জীৱিকাৰ সুযোগ প্রদানেৰে ব্যক্তিগত আৰু গোটভিত্তিক আঁচনি প্রদানৰ ব্যৱস্থা কৰা হ’ব৷ এহ বিশেষ আঁচনিখন ৰূপায়ণৰ জৰিয়তে ৩ লাখ ৭২ হাজাৰ ৭৯৬টা বহনক্ষম ব্যক্তিগত সম্পদ আৰু ৮২২টা সামূহিক সম্পদ সৃষ্টিৰ লক্ষ্য লোৱা হৈছে৷ এই প্রকল্পৰ কাম তদাৰক কৰাৰ বাবে গাঁও পঞ্চায়তৰ পৰা ৰাজ্যিক পর্যায়লৈকে তদাৰকী কমিটী গঠনৰ পদক্ষেপ লোৱা হৈছে৷ আঁচনিখন উদ্বোধন কৰি দিয়া ভাষণত মুখ্যমন্ত্রী সোণোৱালে মাতৃক আদিগুৰু বুলি অভিহিত কৰি অতীজৰে পৰা যুগে যুগে নাৰীশক্তিয়ে সমাজ সংস্কাৰ সাধনত উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে বুলি মন্তব্য কৰে৷ সতী জয়মতী, সতী সাধনী, স্বাধীনতা সংগ্রামৰ মহান শ্বহীদ কনকলতা বৰুৱা, মাংৰী ওৰাং, ইন্দিৰা মিৰি আদিৰ দৰে নাৰীয়ে সততা, ত্যাগ, নিষ্ঠা আৰু ত্যাগৰ দৃষ্টান্তমূলক উদাহৰণ দাঙি ধৰি নাৰীশক্তিৰ পৰিচয় উজ্জ্বল ৰূপত দাঙি ধৰিবলৈ সক্ষম হৈছে বুলিও মুখ্যমন্ত্রীয়ে কয়৷ মহিলা সমাজক অত্যন্ত কর্মোদ্যোগী বুলি উল্লেখ কৰি এই আঁচনিখন ৰূপায়ণৰ দিশত মহিলাসকলক ১০০ শতাংশ উৎসর্গিত মানসিকতাৰে কাম কৰাৰ বাবে মুখ্যমন্ত্রীয়ে আহ্বান জনায়৷ আঁচনিখন ৰূপায়ণৰ দিশত পঞ্চায়তৰ নির্বাচিত প্রতিনিধিসকলে বৃহৎ ভূমিকা পালন কৰিব লাগিব বুলি উল্লেখ কৰি পঞ্চায়তৰ প্রতিগৰাকী প্রতিনিধিকে এইক্ষেত্রত সততা, নিষ্ঠা আৰু দায়বদ্ধতাৰে মহিলাসকলক সকলো দিশতে সহায়ৰ হাত আগবঢ়োৱাৰ বাবে মুখ্যমন্ত্রীয়ে আহ্বান জনায়৷ আঁচনিখন ৰূপায়ণৰ দিশত কিবা গাফিলতি, অন্যায় তথা দুর্নীতি কৰিলে, তেনে পঞ্চায়ত শাস্তিৰ সন্মুখীন হ’ব লাগিব বুলিও মুখ্যমন্ত্রীয়ে কয়৷ মুখ্যমন্ত্রীয়ে লগতে এই আঁচনিখন ৰূপায়ণৰ দিশত শ্রেষ্ঠত্ব প্রদর্শন কৰা পঞ্চায়তক ৰাজহুৱাভাৱে সম্বর্ধনা জনোৱাৰ উপৰি শ্রেষ্ঠত্বৰ দিশত প্রথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰা পঞ্চায়তলৈ ক্রমে ৩ লাখ, ২ লাখ আৰু ১ লাখ টকাৰ আর্থিক পুৰস্কাৰ প্রদান কৰা হ’ব বুলিও মুখ্যমন্ত্রীয়ে কয়৷ অনুষ্ঠানত মুখ্যমন্ত্রীয়ে ‘স্ব–নির্ভৰ নাৰীঃ আত্মনির্ভৰ অসম’ আঁচনিখন ৰূপায়ণৰ বাবে পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ দ্বাৰা ইংৰাজী আৰু অসমীয়া ভাষাত প্রস্তুত কৰা মানসম্পন্ন পৰিচালন পদ্ধতি পুস্তিকাখন অন্যান্য অভ্যাগতৰ সৈতে আনুষ্ঠানিকভাৱে উন্মোচন কৰে৷ পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ প্রধান সচিব ডাঃ জে বি এক্কাই আদৰণী ভাষণ আৰু পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ আয়ুক্ত হেমেন দাসে উদ্দেশ্য ব্যাখ্যা কৰা আজিৰ এই অনুষ্ঠানত মীন, পৰিৱেশ আৰু বন আদি বিভাগৰ মন্ত্রী পৰিমল শুক্লবৈদ্য, হস্ততাঁত, বস্ত্র আৰু ৰেচম বিভাগৰ মন্ত্রী ৰঞ্জিত দত্ত, পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ ৰাজ্যিক (স্বতন্ত্র) মন্ত্রী নৱ কুমাৰ দলে, জলসিঞ্চন বিভাগৰ ৰাজ্যিক (স্বতন্ত্র) মন্ত্রী ভৱেশ কলিতা, গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা, দিছপুৰ বিধানসভা সমষ্টিৰ বিধায়ক অতুল বৰায়ো বর্তমানৰ ৰাজ্য চৰকাৰখনে গ্রামাঞ্চলৰ উত্তৰণ তথা মহিলা সবলীকৰণৰ দিশত লোৱা বিভিন্ন আঁচনিৰ অৱলোকনেৰে বক্তব্য আগবঢ়ায়৷ অনুষ্ঠানত কৃষিমন্ত্রী অতুল বৰাই আঁচনিখনৰ উদ্বোধন উপলক্ষে প্রেৰণ কৰা এক লিখিত শুভেচ্ছা বার্তাও পাঠ কৰা হয়৷