‘নিউজ লাইভ’ৰ দুই সাংবাদিকক আক্রমণ সংবাদকর্মীৰূপী বালি মাফিয়াৰ
নিয়মীয়া বাৰ্তা ৯ অক্টোবৰঃ বৃহস্পতিবাৰে ডিব্রুগড় জিলা বিজেপিৰ এখন সংবাদ মেলৰ পিছতে ‘নিডজ লাইভ’ৰ ভিডিঅ’ সাংবাদিক তাহিৰ হুছেইন তথা ডিব্রুগড়স্থ জ্যেষ্ঠ সাংবাদিক সুৰজ দত্তক এজন ভুৱা সাংবাদিকে প্রহাৰ কৰাৰ ঘটনাই সমগ্র চহৰখনত তীব্র প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷ ডল্লেখ্য যে অহা ১০ আৰু ১১ অক্টোবৰত ডিব্রুগড়ত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যিক বিজেপিৰ মহিলা মর্চাৰ কার্যনির্বাহক সন্দর্ভত আজি বিয়লি চহৰখনৰ আমোলাপট্টীস্থিত জিলা বিজেপিৰ কার্যালয়ত এখন সংবাদ মেল আয়োজন কৰিছিল জিলা বিজেপিয়ে৷ কিন্তু সংবাদ মেল আৰম্ভ হোৱাৰ পূর্বেই ডক্ত স্থানত একাংশ অস্বীকৃতিপ্রাপ্ত পর্টেলৰ সাংবাদিক প্রৱেশ কৰি এক অৰাজক পৰিস্থিতিৰ সৃষ্টি কৰে৷ ইয়াৰ প্রতিবাদত ডিব্রুগড়ৰ ছপা আৰু বৈদ্যুতিন মাধ্যমৰ সাংবাদিকসকলে সংবাদ মেল বর্জন কৰি ওলাই আহিছিল যদিও দলীয় কর্মকর্তাসকলৰ বুজনিত পুনৰ সংবাদ মেলত অংশগ্রহণ কৰে৷ ইয়াৰ পিছতো সংবাদ মেল চলি থকা অৱস্থাত পর্টেলৰ লগত জড়িত একাংশ ভুৱা সাংবাদিকে ভিতৰত প্রৱেশ কৰি এক বেমেজালিপূর্ণ পৰিস্থিতিৰ সৃষ্টি কৰে৷ সংবাদ মেল সমাপ্ত হোৱাৰ পিছত মৃদুল হাজৰিকা নামৰ এজন ব্যক্তিয়ে নিউজ লাইভৰ ভিডিঅ’ সাংবাদিক তাহিৰ হুছেইন, সুৰজ দত্তক প্রহাৰ কৰে আৰু ডক্ত স্থানত এক হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি হয়৷ মৃদুল হাজৰিকা নামৰ স্বয়ম্ভূ সাংবাদিকজনৰ প্রহাৰত তাহিৰ হুছেইন গুৰুতৰভাৱে আহত হয়৷
উল্লেখ্য যে, সংবাদ মেলৰ বাতৰি সংগ্রহ কৰি ওলাই অহাৰ সময়তে নিউজ–১৮ৰ কেমেৰা সাংবাদিক দীনেশ দাসৰ স’তে প্রথমে তর্কবাদ আৰু পৰৱর্তী সময়ত তেওঁৰ কেমেৰাসহ বেগপেক গুৰিয়াই দিয়ে নিউজ–২৪ নামৰ এটা পর্টেলৰ স্বয়ম্ভূ সাংবাদিক মৃদুল হাজৰিকাই৷ পৰৱর্তী সময়ত ‘নিউজ লাইভ’ৰ জ্যেষ্ঠ সাংবাদিক সুৰজ দত্ত আৰু কেমেৰা সাংবাদিক তাহিৰ হুছেইনক আক্রমণ কৰে৷ জানিব পৰা মতে, মৃদুল হাজৰিকা অবৈধ পলস খননৰ স’তে দীর্ঘদিন জড়িত আৰু তেওঁ এজন বিজেপি সদস্য৷ বিজেপিৰ সংবাদ মেললৈ গৈ বিজেপি সদস্যৰদ্বাৰাই সাংবাদিক আক্রমণৰবলি হ’ব লগা ঘটনাই ডিব্রুগডত তীব্র প্রতিক্রিয়া সৃষ্টি হৈছে৷ ইফালে জানিব পৰা মতে, মৃদুল হাজৰিকা নামৰ ব্যক্তিজন এজন বালি মাফিয়া আৰু এটা নিডজ পর্টেল নিডজ নর্থ–ইষ্ট ২৪ৰ ভিডিঅ’ সাংবাদিক৷ এই ঘটনাৰ প্রতিবাদত বৃহস্পতিবাৰে সন্ধিয়া ডিব্রুগড়ৰ সাংবাদিকসকলে স্থানীয় আমোলাপট্টী আৰক্ষী চকী ঘেৰাও কৰি শীঘ্রে মৃদুল হাজৰিকাক গ্রেপ্তাৰ কৰিবলৈ দাবী জনায়৷ সাংবাদিক আক্রমণকাৰীক শীঘ্রে গ্রেপ্তাৰ কৰি কঠোৰ শাস্তি আৰু ডিব্রুগড়ৰ একাংশ স্বয়ম্ভূ পর্টেলৰ সাংবাদিকক নাকী লগোৱাৰ বাবে দাবী উত্থাপন কৰিছে ডিব্রুগড প্রেছ ক্লাবৰ সভাপতি প্রবীৰ কুমাৰ চক্রৱর্তী, বৃহত্তৰ ডিব্রুগড প্রেছ ক্লাবৰ সম্পাদক ৰাতুল বুঢ়াগোহাঁই, ডিব্রুগড় জিলা সাংবাদিক সন্থাৰ সভাপতি মনজিৎ বৰা, ডিব্রুগড় ইলেক্ট্রনিক মিডিয়া ফৰামৰ সভাপতি অনিল পোড্ডাৰে৷
উল্লেখ্য যে ইপিনে ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে স্বয়ম্ভূ সাংবাদিক মৃদুল হাজৰিকা৷ জানিব পৰা মতে, ডিব্রুগড় জিলাৰ ডপায়ুক্তই ঘটনাত জডিত অভিযুক্তৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ দিহা কৰিবলৈ জিলা আৰক্ষীক নির্দেশ দিছে৷ আনহাতে বৃহস্পতিবাৰে সংবাদ মেলত ৰাজ্যিক বিজেপিৰ মহিলা মর্চাৰ সভানেত্রী অপৰাজিতা ভূঞাই কার্যনির্বাহক সভা সন্দর্ভত সাংবাদিকক জানিবলৈ দি কয় যে ১০ অক্টোবৰত মহিলা মর্চাৰ কার্যনির্বাহক অনুষ্ঠিত হ’ব আৰু এই কার্যনির্বাহক সভাত ৰাজ্যখনৰ সকলো জিলাৰ মহিলা মর্চাৰ প্রায় দুশ প্রতিনিধি ডপস্থিত থাকিব৷ অহা ১১ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া মুকলি সভাত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, বিত্তমন্ত্রী হিমন্ত বিশ্ব শর্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসসহ কেইবাজনো মন্ত্রী আৰু বিধায়কে অংশগ্রহণ কৰিব বুলি জানিবলৈ দি কয় যে পূর্বে এই মুকলি সভাত কেন্দ্রীয় মন্ত্রী স্মৃতি ইৰাণীও উপস্থিত থকাৰ কথা আছিল যদিও বিশেষ অসুবিধাৰ বাবে তেওঁ উপস্থিত থাকিব নোৱাৰিব যদিও ভার্চুৱেল মাধ্যমেৰে কার্যকর্তাসকলক সম্বোধন কৰিব৷ আগন্তুক নির্বাচনত বিজেপিয়ে বহুকেইটা সমষ্টিত নতুন মহিলা প্রার্থীক অগ্রাধিকাৰ দিব বুলিও সংবাদ মেলত প্রকাশ কৰে অপৰাজিতা ভূঞাই৷