নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জলসিঞ্চনত চলিছে লাখ লাখ টকা লুণ্ঠনৰ অংক

নিয়মীয়া বাৰ্তা ৯ অক্টোবৰঃ  ৰাজ্যৰ কৃষিভূমিত সঠিকভাৱে পানী যোগান ধৰিব নোৱাৰিলেও জলসিঞ্চন বিভাগত পানীৰ দৰেই ধনৰ সোঁত বৈছে৷ লুণ্ঠনৰ স্বার্থতে বিভাগটোৱে সোঁৱে–বাঁৱে ধনৰ অপচয় কৰিবলৈও কুণ্ঠাবোধ কৰা নাই৷ ইয়াৰ শেহতীয়া উদাহৰণ দেখা গৈছে দুখন কোটিটকীয়া জলসিঞ্চন আঁচনিৰ ক্ষেত্রত৷ বিটিচি প্রশাসনৰ অধীনত ৰূপায়ণ হৈ থকা দুখন আঁচনিৰ নামত ৰাজ্য চৰকাৰৰ জলসিঞ্চন বিভাগে পুনৰ ধন আবণ্টন দিবলৈ লোৱা কার্যই লুণ্ঠনৰ অভিপ্রায় উদঙাই দিছে৷ উল্লেখ্য যে কোকৰাঝাৰ জলসিঞ্চন সংমণ্ডলৰ অধীনত বিজনী বিধানসভা সমষ্টিত ২০১৬ চনৰ পৰাই দুটাকৈ জলসিঞ্চন প্রকল্পৰ কাম চলি আছে৷ বিটিচি প্রশাসনে বিজনীৰ পাণবাৰী বউলাঝাৰ আৰু মাক্রাৰ জলসিঞ্চন আঁচনিৰ বাবে ২০১৬ চনতে কামৰ আবণ্টন দিছিল৷ তেতিয়াৰে পৰা কোকৰাঝাৰ জলসিঞ্চন সংমণ্ডলৰ অধীনত ১৫ কোটি ব্যয়সাপেক্ষে পাণবাৰী বউলাঝাৰ আৰু ৭.১৮ কোটি ব্যয়সাপেক্ষে মাক্রা দোহলাপাৰা জলসিঞ্চন আঁচনি দুখন ৰূপায়ণৰ কাম চলি আছে৷ কামৰ আবণ্টন লাভৰ পিছত ঠিকাদাৰে বহুখিনি কাম আগবঢ়াইছেও৷ এতিয়া লক্ষণীয় কথাটো হ’ল, বিটিচি প্রশাসনে ৰূপায়ণ কৰি থকা আঁচনি দুখনৰ নামত পুনৰ ধন আবণ্টন দিবলৈ ওলাইছে ৰাজ্য চৰকাৰৰ জলসিঞ্চন বিভাগে৷ ২০২০–২১ বর্ষত যিকেইখন আঁচনিক জলসিঞ্চন বিভাগে অগ্রাধিকাৰ দিছে, তাৰ ভিতৰত অন্যতম হ’ল পাণবাৰী বউলাঝাৰ আৰু মাক্রা জলসিঞ্চন আঁচনি৷ দুয়োখন আঁচনিৰ নামত বাজেটত ৯৫ লাখকৈ টকা ধার্য কৰা হৈছিল যদিও বিভাগটোৱে সেয়া সংশোধন কৰি ৭৫ লাখকৈ টকা আবণ্টন দিয়াৰ বাবে সাজু হৈছে৷ প্রাথমিক বিবেচনাতে এয়া চকু কপালত উঠা ঘটনা৷ মন্ত্রী ভৱেশ কলিতা নেতৃত্বাধীন জলসিঞ্চন বিভাগে বউলাঝাৰ আৰু মাক্রা জলসিঞ্চন প্রকল্প দুটাক বঙাইগাঁও সংমণ্ডলৰ অধীনৰ বুলি দেখুৱাই ধন আবণ্টন দিবলৈ ওলোৱা কার্যই সকলোকে আচৰিত কৰি তুলিছে৷ কিয়নো ২১.৭ কোটি টকা ব্যয়েৰে দুয়োখন আঁচনি ৰূপায়ণৰ কাম ইতিমধ্যে বহুদূৰ আগবঢ়াইছে বিটিচি প্রশাসনে৷ এতিয়া একেই আঁচনিৰ নামত জলসিঞ্চন বিভাগে ধন সিচিবলৈও লোৱাৰ আঁৰত যে কেৱল লুণ্ঠনৰ অংকই নিহিত হৈ আছে, সেয়া সকলোৱে সহজতে বুজি পাইছে৷

You might also like