আমচৈ পাহাৰৰ শিল খহি আমচৈ-বৈঠালাংছ’ সংযোগী পথ বন্ধ
নিয়মীয়া বাৰ্তা, ৯ অক্টোবৰঃ যোৱা ৭ অক্টোবৰৰ নিশা আমচৈ অঞ্চলত হোৱা প্ৰবল বৰষুণৰ ফলত আমচৈ-বৈঠালাংছ’ সংযোগী পথৰ ৪ কিলোমিটাৰজোৰা ৰাস্তাৰ কেইবা ঠাইতো আমচৈ পাহাৰৰ শিল আৰু মাটি খহি পৰি পথটোৱেদি যান-বাহন অহা-যোৱা কৰিব নোৱাৰা অৱস্থা কৰি পেলায়।
সম্প্ৰতি খহি পৰা ঠাইৰ ওচৰেদি সৰু যান-বাহন বিপজ্জনকভাৱে অহা-যোৱা কৰি আছে। প্ৰকাণ্ড শিলবোৰ এতিয়াও আঁতৰ কৰা হোৱা নাই। উল্লেখ্য যে যোৱাবছৰত এই পথছোৱা নতুনকৈ উন্নয়ন কৰা হৈছিল।
পথৰ ওপৰত এনেকৈ প্ৰকাণ্ড শিল আৰু মাটি পৰি থকাৰ বাবে আমচৈ-বৈঠালাংছ’ সংযোগী পথেদি অহা-যোৱা কৰা কার্বি আংলং জিলাৰ বৰগাঁও, মর্টেন, আমট্রেং ইত্যাদি অঞ্চলৰ ৰাইজ তথা যান-বাহন অহা-যোৱা কৰাৰ ক্ষেত্ৰত অসুবিধা ভোগ কৰি থকা দৃষ্টিগোচৰ হৈছে ।