নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ গুৱাহাটীত নাৰী সৰবৰাহকাৰী সন্দেহত এজন আটক

নিয়মীয়া বাৰ্তা, ৯ অক্টোবৰঃ এক চাঞ্চল্যকৰ ঘটনা। লালসা বা বিলাসী জীৱনৰ সোপান দেখুৱাই নাৰী সৰবৰাহকাৰীয়ে ঘটাব খুজিছিল অঘটন। মাত্ৰ ১৫ দিনৰ ফেচবুকৰ চিনাকি। ইয়াৰ পিছত গভীৰ হিয়া-দিয়া-নিয়া। যুৱকৰ ঘৰ ৰাজস্থানৰ জয়পুৰত।

যুৱকৰ নাম জয় কৃষ্ণ কুমাৰ। বয়স ২৬ বছৰ। কাহানিও এজনে আনজনক প্ৰত্যক্ষভাৱে সাক্ষাৎ নোহোৱাকৈ ফেচবুকত গঢ়ি উঠিছিল নিবিড় প্ৰেমৰ সম্পৰ্ক। ইয়াৰ পিছতে যুৱতীৰ পৰা পোৱা ঠিকনা অনুসৰি উত্তৰ গুৱাহাটী কলেজৰ কাষত ৰাজস্থানৰ পৰা সোঁশৰীৰে যুৱক আহি উপস্থিত হয়।

সিদ্ধান্ত যুগ্ম জীৱনৰ পাতনি মেলিব। যুৱকৰ ভাষ্য অনুসৰি, যুৱতীগৰাকীৰ লগত যাৱতীয় কাগজ-পত্ৰ নাই বাবে বিবাহ ৰেজিষ্ট্ৰেচন কৰিব পৰা নহ’ল। আনহাতে উত্তৰ গুৱাহাটীৰ ১৯ বছৰীয়া যুৱতীগৰাকীৰ পৰিয়ালৰ পৰা দিয়া গোচৰৰ ভিত্তিত আৰক্ষীৰ তৎপৰতাত যুৱক-যুৱতীক পল্টন বজাৰৰ পৰা উত্তৰ গুৱাহাটী আৰক্ষীয়ে কৰায়ত্ত কৰে।

এই সন্দৰ্ভত উত্তৰ গুৱাহাটী আৰক্ষীয়ে ১১১/২০২০ আইপিচি ৩৬৬ ধাৰাৰ অধীনত এটি গোচৰ ৰুজু কৰি যুৱকজনক ৰঙাঘৰলৈ প্ৰেৰণ কৰিছে। উত্তৰ গুৱাহাটী আৰক্ষীৰ বাবে সময় মতে যুৱকজনক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱাৰ লগতে ছোৱালীজনী উদ্ধাৰ হ’ল। অন্যথা যুৱতীৰ জীৱনলৈ নামি আহিল হয় দুৰ্যোগ।

বৰ্তমান যুৱতী গৰাকী সুৰক্ষিত। আৰক্ষীয়ে মানৱ দেহ সৰবৰাহকাৰীৰ লগতে আন সকলো দিশৰ ওপৰত তদন্ত ইতিমধ্যে আৰম্ভ কৰিছে।

You might also like