নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাৰাত্মক ক’ৰোনাই শুকুৰবাৰে প্রাণ ল’লে ৮জনৰ

২৪ ঘণ্টাত ৰাজ্যত ক’ভিড পজিটিভ ১,০১৯

 নিয়মীয়া বাৰ্তা ১০ অক্টোবৰঃ মহামাৰী ক’ৰোনাৰ সংক্রমণৰ ফলত শুকুৰবাৰে পুনৰ ৰাজ্যৰ ৮গৰাকীকৈ লোকে প্রাণ হেৰুৱাইছে৷ শুকুৰবাৰৰ দিনটোত ৰাজ্যত ক’ৰোনাত মৃত লোকসকল হ’ল– শিসাগৰৰ বিশ্বজিৎ গগৈ (৪৭), ডিব্রুগড়ৰ তৰুণ গগৈ (৫৯), ক্ষীৰোদ দত্ত (৬০), গুলছন বেগম (৫৬), চৰাইদেউৰ লখিন্দৰ লহৰ (৫৫), কামৰূপ (ম)ৰ বাসুদেৱ ৰয় (৬৫), শোণিতপুৰৰ কেদাৰ সিং চুব্বা (৫৪) আৰু নগাঁৱৰ শ্রীৰাম মোৰ (৭৪)৷ ইয়াকে লৈ ৰাজ্যখনত ক’ৰোনাত মৃত্যু হোৱা লোকৰ সংখ্যা ৮০২লৈ বৃদ্ধি পালে৷ ইফালে, আজিৰ দিনটোত ৰাজ্যখনৰ ১,০১৯গৰাকী লোক নতুনকৈ ক’ৰোনাত আক্রান্ত হয়৷   শুকুৰবাৰে ৩১,৫৮৬টা ক’ভিড–১৯ পৰীক্ষা সম্পন্ন হোৱাৰ বিপৰীতে সংক্রমণৰ হাৰ হ’ল ৩.২২ শতাংশ৷ আক্রান্তসকলৰ ভিতৰত কামৰূপ (ম)ৰ ২৫২গৰাকী আৰু যোৰহাটৰ ১০০গৰাকী৷ শুকুৰবাৰে দিনটো পর্যন্ত ৰাজ্যখনত মুঠ ক’ৰোনা আক্রান্তৰ সংখ্যা হ’লগৈ ১,৯২,৪১৩গৰাকী৷

You might also like