একাংশ বেটছমেনে ছুপাৰ কিংছক চৰকাৰী চাকৰি বুলি ভাবে
নিয়মীয়া বাৰ্তা ১০ অক্টোবৰঃ আই পি এলত শোচনীয়ভাৱে ব্যর্থ হোৱা চেন্নাই ছুপাৰ কিংছৰ মিডল অর্ডাৰক তীব্র কটাক্ষ কৰিছে ভাৰতৰ প্রাক্তন অ’পেনাৰ বীৰেন্দ্র সেৱাগে৷ ৰাষ্ট্রীয় সংবাদ মাধ্যমৰ সন্মুখত তেওঁ কয় যে একাংশ বেটছমেনে চেন্নাই ছুপাৰ কিংছক চৰকাৰী চাকৰি বুলি ভাবে, য’ত উন্নত প্রদর্শন নকৰিলেও মাননি লাভ কৰাটো নিশ্চিত৷ কলকাতা নাইট ৰাইডার্ছৰ বিৰুদ্ধে জয়ৰ কাষ চাপিও শেষ মুহূর্তত কেদাৰ যাদৱৰ মন্থৰ বেটিঙৰ বাবে দলটোৱে ১০ ৰানত পৰাজয়বৰণ কৰা সন্দর্ভত সেৱাগে কয় যে ১৬৮ ৰানৰ লক্ষ্য চেন্নায়ে সহজে অতিক্রম কৰা উচিত আছিল৷ কিন্তু কেদাৰ যাদৱ আৰু ৰবীন্দ্র জাদেজাই খেলা ডট বলসমূহে দলটোক বিপদত পেলায়৷ ‘মোৰ মতে চেন্নাই ছুপাৰ কিংছৰ একাংশ বেটছমেনে দলটোক চৰকাৰী চাকৰি হিচাপে গণ্য কৰে৷ তেওঁলোকে এই মনোভাবেৰে খেলিছে যে প্রদর্শন কৰিলেও বা নকৰিলেও মাহৰ শেষত তেওঁলোকৰ একাউণ্টত প্রাপ্য মাননি সোমাব৷’ উল্লেখ্য যে কলকাতাৰ বিৰুদ্ধে বুধবাৰে খেলা মেচখনত ১৬৮ ৰানৰ লক্ষ্যৰ পিছ লৈ চেন্নায়ে এটা সময়ত ১১ অভাৰত ৯৯ ৰানত মাত্র এটা উইকেট হেৰুৱাই সহজ জয়ৰ দিশে অগ্রসৰ হৈছিল৷ কিন্তু মিডল অর্ডাৰৰ সহজ আত্মসমর্পণে দলটোৰ পৰাজয় নিশ্চিত কৰে৷ ইয়াৰ পূর্বে ছানৰাইজার্ছ হায়দৰাবাদৰ বিৰুদ্ধেও দলটোৱে জয়ৰ কাষ চাপিও মাত্র ৭ ৰানৰ বাবে থমকি ৰৈছিল৷ তিনিবাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছে চলিত আই পি এলত ছখন মেচৰ চাৰিখনতে পৰাজয়ৰ সন্মুখীন হৈছে৷