নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

SI কেলেংকাৰীঃ বৰপেটাত উদ্ধাৰ কোটি কোটি টকা

নিয়মীয়া বাৰ্তা, ১০ অক্টোবৰঃ SI কেলেংকাৰীৰ নতুন মোৰ। মূল অভিযুক্ত পি কে দত্ত আৰক্ষীৰ জালত পৰা পাছত এতিয়া আৰক্ষীৰ জালত উঠিছে পুঠি, খলিহনা। শুকুৰবাৰে কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰাৰ পাছত আজি বৰপেটাত ৰেলৱেৰ কৰ্মচাৰীৰৰ ঘৰত আৰক্ষীৰ অভিযান। ৰে’ল বিভাগত কৰ্মৰত কৰ্মচাৰীজনৰ নাম দেৱৰাজ দাস ৷

দেৱৰাজ দাসৰ গান্ধীনগৰৰ বাসগৃহত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে কেইবাকোটি টকা। বৰপেটা জিলাৰ উপ আৰক্ষী অধীক্ষক মদন চন্দ্ৰ কলিতাৰ নেতৃত্বত পুৱতি নিশা চলাইছিল অভিযান ৷ বৰপেটা সদৰ থানাত জেৰা দেৱৰাজ দাসক।

অভিযুক্ত ৰুবুল হাজৰিকাৰ বন্ধু ৰূপম দাসৰ বঙাইগাঁৱৰ ঘৰত অভিযান। অভয়াপুৰীৰ বড়িগাঁওত তৰণি বনিক নামৰ এজন লোকৰ ঘৰত আৰক্ষীৰ অভিযান। অভিযুক্ত ৰূপম দাস তৰণি বনিকৰ জোৱায়েক। ৰূপম দাসে লুকুৱাই ৰখা ধন আৰু নথি বিচাৰি অভিযান।

You might also like