নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জৈৱ বৈচিত্র্যময় নৰসিংহ পাহাৰ খান্দিব নির্মাণকাৰী সংস্থাই

নিয়মীয়া বাৰ্তা, ১১ অক্টোবৰঃ বিশ্ব প্রসিদ্ধ মদন কামদেৱ দেৱালয়খন অৱস্থিত ‘দিৱানগিৰি’ পাহাৰখনৰ উত্তৰ দিশত থকা নৰসিংহ পাহাৰৰ টিলা এটিত অৱস্থিত নৰসিংহ মন্দিৰৰ ভগ্ণাৱশেষৰ লগতে গণেশ, শিৱ আদি দেৱ–দেৱতাৰ শিলামূর্তি আজিও বিদ্যমান৷ টিলাটো নিঃচিহ্ণ কৰি এটা নির্মাণকাৰী সংস্থাই ইয়াৰ পৰা ৰঙামাটি সৰবৰাহৰ প্রস্তুতি আৰম্ভ কৰাৰ খবৰ পোৱা গৈছে৷

অভিযোগমতে বৰ লুইতৰ উত্তৰ পাৰত নির্মাণ কৰিবলগীয়া বহু কোটি টকীয়া পথ নির্মাণৰ কামত ব্যৱহাৰ কৰিবলৈ বন বিভাগৰে বুজাবুজি কৰি সংস্থাটোৱে প্রাচীন কীর্তিচিহ্ণৰ অনন্য সমল এই টিলাটোক নিঃশেষ কৰিবলৈ উঠি–পৰি লাগিছে৷ এই কার্যত হতভম্ব হৈ পৰা স্থানীয় সচেতন মহলে অভিযোগ কৰা অনুসৰি প্রাচীন কলা– সংস্কৃতিৰ সাক্ষ্য বহন কৰা মদন কামদেৱ দেৱালয়লৈ যোৱা মূলপথৰ পশ্চিম দিশৰ পাহাৰুৱা টিলাটোত শিলৰ তাঁতশাল আদিকে ধৰি গণেশ, শিৱ আদি দেৱতাৰ শিলামূর্তি আছে৷ ইতিহাস বিজড়িত বহু অমূল্য সমলযুক্ত টিলাটোৰ তত্ত্বৰ আধাৰত স্থানীয় ৰাইজৰ সহযোগত নৰেশ্বৰ হীৰা নামৰ এগৰাকী খনিকৰে ইয়াত ‘নৰসিংহ’ মন্দিৰো স্থাপন কৰিছিল৷ কাৰিকৰগৰাকীৰ মৃত্যুৰ পিছত অৱশ্যে মন্দিৰটো ক্রমে বন–লতাৰে ভৰি পৰিলেও প্রত্নতত্ত্ব বিভাগে বিচাৰিলে নৰসিংহ টিলাটোৰ পৰা বহু ঐতিহাসিক সমল লাভ কৰিব বুলিও স্থানীয় ৰাইজ নিশ্চিত৷ তদুপৰি দিৱানগিৰি– দেউদুৱাৰ–নতুৱানাচা আদিৰ লগত সংলগ্ণ ‘নৰসিংহ’ নামৰ পাহাৰৰ টিলাটো জৈৱ–বৈচিত্র্যৰ দিশৰ পৰাও যথেষ্ট গুৰুত্বপূর্ণ৷ সময়ে–সময়ে বন–কুকুৰা, হৰিণ, নাহৰফুটুকী, কুকুৰনেচীয়া বাঘ আদিৰ উপস্থিতিৰ আভাসো পোৱাৰ বিষয়ে ব্যক্ত কৰি তেওঁলোকে প্রত্যেকবছৰে গৰু, ছাগলীবাঘে ভক্ষণ কৰি অহাটো জৈৱ–বৈচিত্র্যৰ এটা উদাহৰণ বুলিয়েই দাবী কৰে৷

অভিযোগ অনুসৰি ৰাজ্যখনৰ বাহিৰৰ পৰা লুইতৰ উত্তৰপাৰৰ পথ নির্মাণ কৰাৰবাবে আগমন ঘটা পথ নির্মাণকাৰী সংস্থা এটাই পথটোত প্রয়োজনীয় লাখ লাখ ঘনমিটাৰ ৰঙামাটি সংগ্রহৰ বাবে উত্তৰ কামৰূপৰ সেউজীয়া পাহাৰকেইখনকে টার্গেট কৰি লৈছে৷ ইয়াৰ ভিতৰত নৰসিংহ মন্দিৰ থকা পাহাৰৰ এই টিলাটোও অন্যতম৷ ইতিপূর্বে এক্সপ্রেছ হাইৱে’ নির্মাণ কৰাৰ নামত বহিঃৰাজ্যৰ একাধিক নির্মাণকাৰী সংস্থাই দেউদুৱাৰ তথা ইয়াৰ পার্শ্বৱর্তী এলেকাৰ পাহাৰসমূহ ধ্বংস কৰাৰ কথা ৰাইজে পাহৰা নাই৷ এইক্ষেত্রত তেওঁলোকেব্রহ্মপুত্রৰ পৰাবালি মাটি খনন কৰি মাটিৰ চাহিদা পূৰণ কৰি এই টিলাটোৰ লগতে ইয়াৰ পাহাৰবোৰো ৰক্ষা কৰাৰ বাবে দাবী উত্থাপন কৰিছে৷

You might also like