নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড০ নগেন শইকীয়াৰ বাসগৃহত বিত্তমন্ত্রী

‘এই সাক্ষাৎ ৰাজনৈতিক নহয়’

নিয়মীয়া বাৰ্তা ১২ অক্টোবৰঃ  প্রথিতযশা সাহিত্যিক, অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি, ৰাজ্যসভাৰ প্রাক্তন সাংসদ ড০ নগেন শইকীয়াৰ ডিব্রুগডৰ জীৱন ফুকন নগৰস্থিত বাসগৃহ বর্ণমালাত দেওবাৰে বিয়লি উপস্থিত হয় ৰাজ্যৰ শিক্ষা, স্বাস্থ্য, বিত্ত, লোকনির্মাণ আদি বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ আকস্মিকভাৱে ৰাজ্যৰ এজন প্রভাৱশালী ৰাজনৈতিক নেতাই ড০ শইকীয়াক সাক্ষাৎ কৰাটো তাৎপর্যপূর্ণ বিবেচিত হৈছে৷ জাতীয়তাবাদী চিন্তাধাৰাৰে ড০ নগেন শইকীয়াই বিগত কেইবাদশক ধৰি অসমৰ ৰাজনৈতিক প্রেক্ষাপটত এক গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰি আহিছে৷ এনে ক্ষেত্রত দেওবাৰে দুই বিপৰীত মেৰুৰ সহাৱস্থানে স্বাভাৱিকতে সকলোৰে মাজত তীব্র কৌতূহল সৃষ্টি কৰিছে৷ড০ নগেন শইকীয়াৰ বাসগৃহত মন্ত্রী ড০ শর্মাই প্রায় আধা ঘণ্টা সময় শিক্ষাবিদগৰাকীৰ স’তে আলোচনাত মিলিত হয়৷ ড০ শইকীয়াক সাক্ষাৎ কৰি মন্ত্রী ড০ শর্মাই সংবাদ মাধ্যমক কয় যে এই সাক্ষাৎ কোনো ৰাজনৈতিক নহয়৷ সম্পূর্ণ সৌহার্দ্যমূলক আছিল এই সাক্ষাৎ৷ লগতে শিক্ষাবিদগৰাকীৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে ৰাজ্যৰ শিক্ষা ব্যৱস্থা সন্দর্ভত কিছু আলোচনা কৰা হয়৷ অসমীয়াৰ স্বার্থ আৰু অসমীয়া ভাষা–সংসৃকতি ৰক্ষা কৰা সন্দর্ভতো ড০ শইকীয়াৰে আলোচনা কৰা বুলি মন্ত্রীগৰাকীয়ে মত প্রকাশ কৰে৷ ডিব্রুগডৰ চৌকিডিংগী খেলপথাৰত অনুষ্ঠিত ৰাজ্যিক বিজেপিৰ মহিলা মর্চাৰ কার্যনির্বাহক সভাত অংশগ্রহণ কৰিয়েই মন্ত্রীগৰাকীয়ে ড০ শইকীয়াৰ বাসগৃহত উপস্থিত হয়গৈ৷ উল্লেখ্য যে আগন্তুক বিধানসভা নির্বাচনৰ পূর্বে ৰাজ্যত নতুন দল গঠনৰ উজান উঠিছে৷ প্রতিটো ৰাজনৈতিক দলেই ৰাজ্যৰ বিশিষ্ট বুদ্ধিজীৱীসকলক নিজৰ পক্ষলৈ আনিবলৈ প্রচেষ্টা অব্যাহত ৰাখিছে৷ আছু আৰু জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ উদ্যোগত গঠিত অসম জাতীয় পৰিষদে গঠনৰ দিনাই ৰাজ্যৰ বিশিষ্ট সাহিত্যিক, বুদ্ধিজীৱী ড০ নগেন শইকীয়াক উপদেষ্টা হিচাপে মনোনীত কৰাৰ পৰৱৰ্তী সময়ত কৃষক মুক্তি সংগ্রাম সমিতিয়ে গঠন কৰা ৰাইজৰ দলেও ড০ শইকীয়াক তেওঁলোকৰ উপদেষ্টা ৰূপে মনোনীত কৰিছিল যদিও বিশিষ্ট সাহিত্যিকগৰাকীয়ে সেয়া বিনয়েৰে প্রত্যাখ্যান কৰে৷

You might also like