নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জলসিঞ্চনত নিযুক্তিত ভয়ংকৰ দুর্নীতিৰ কুচকাৱাজ

এপটেকে অনুষ্ঠিত কৰা পৰীক্ষাৰ ফলাফল ঘোষণা কৰিবলৈ ব্যাপক তৎপৰতা

নিয়মীয়া বাৰ্তা ১২ অক্টোবৰঃ  ভুলৰ পৰা শিক্ষা লোৱাৰ যেন কোনো মানসিকতাই নাই মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰখনৰ৷ ব্যক্তিগত প্রতিষ্ঠানক আৰক্ষীৰ উপ–পৰিদর্শক পদৰ নিযুক্তি পৰীক্ষাৰ দায়িত্ব দি কেলেংকাৰিৰ সুযোগ দিয়া চৰকাৰে এইবাৰ নিবনুৱাসকলৰ সৈতে অনুৰূপ ধেমালি কৰিবলৈ ওলাইছে৷ আৰক্ষীৰ নিযুক্তি পৰীক্ষাৰ দায়িত্ব লাভ কৰা অক্ষয় টেলিকমিউনিকেচন, এমেইনটেক কনছালটেণ্ট প্রতিষ্ঠানৰ সীমাহীন দুর্নীতি ৰাইজে স্বচক্ষে ইতিমধ্যে প্রত্যক্ষ কৰিছে৷ এইবাৰ এপটেক আৰু চিটী কলছালটেন্সী নামৰ বিতর্কিত প্রতিষ্ঠান দুটাৰ দ্বাৰা নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণা কৰি একেই ঘটনাৰ পুনৰাবৃত্তি কৰিবলৈ ওলাইছে মন্ত্রী  ভৱেশ কলিতা নেতৃত্বাধীন জলসিঞ্চন বিভাগে৷ বিভাগটোৱে এপটেক নামৰ ব্লেকলিষ্টেড কোম্পানীটোৰ জৰিয়তে অনুষ্ঠিত কৰা তৃতীয়বর্গৰ তিনি শতাধিক পদৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰিবলৈ যুদ্ধকালীন তৎপৰতা আৰম্ভ কৰিছে৷ উল্লেখ্য যে বিগত ফেব্রুৱাৰী মাহত এপটেক নামৰ মুম্বাইৰ প্রতিষ্ঠানটোৰ জৰিয়তে জলসিঞ্চন বিভাগে অনুষ্ঠিত কৰিছিল ৩ শতাধিক শাখা সহায়ক পদৰ পৰীক্ষা৷ উক্ত পৰীক্ষাতো প্রশ্ণকাকত ফাদিলকে ধৰি ব্যাপক অনিয়মৰ অভিযোগ উত্থাপন হৈছিল৷ পৰৱর্তী সময়ত উক্ত নিযুক্তি প্রক্রিয়া আদালতৰ মজিয়াত বিচাৰাধীন হৈ পৰে৷ অভিযোগ অনুসৰি, জলসিঞ্চন বিভাগৰ একোটা শাখা সহায়ক পদত দালালৰ বজাৰত ৯ লাখ টকাকৈ বিক্রী হৈছিল৷ এই বজাৰখনো পৰীক্ষা অনুষ্ঠিত কৰা কোম্পানীসমূহেই পাতিছিল বুলি সর্বত্র চর্চা চলিছিল৷ কিন্তু ‘এপটেক’ নামৰ ব্লেকলিষ্টেড কোম্পানীটোৱে ফেব্রুৱাৰী মাহত অনুষ্ঠিত কৰা পৰীক্ষাৰ ফলাফল ঘোষণা কৰিবলৈ যৎপৰোনাস্তি চেষ্টা চলাই যায় বিভাগটোৱে৷ তেনে সময়তে এছ আই নিযুক্তি কেলেংকাৰিত জড়িত দালালৰ ঘৰতো উদ্ধাৰ হয় জলসিঞ্চন বিভাগৰ প্রশ্ণকাকত৷ সংবাদ মাধ্যমত এই বাতৰি প্রকাশ পোৱাৰ পাছতে মন্ত্রী ভৱেশ কলিতাৰ বিভাগটোৰ নিযুক্তি প্রক্রিয়া সন্দেহৰ আৱর্তত সোমাই পৰে৷ এই সন্দেহ অধিক গভীৰ হৈ পৰে মন্ত্রীগৰাকীৰ অত্যন্ত ঘনিষ্ঠ হিচাপে পৰিচিত জিণ্টু নাথ নামৰ বিজেপিৰ পালিনেতাগৰাকীৰ গ্রেপ্তাৰৰ লগে লগে৷ অথচ নিযুক্তি কেলেংকাৰি সন্দর্ভত উত্থাপিত প্রতিটো অভিযোগ শেহতীয়াকৈ সত্য প্রমাণিত হোৱাৰ পাছতো ভৱেশ কলিতাৰ বোধোদয় হোৱাৰ কোনো লক্ষণ নাই৷ তেওঁ ব্লেকলিষ্টেড এপটেকৰ দ্বাৰা অনুষ্ঠিত পৰীক্ষাৰ ফলাফল অতিশীঘ্রে ঘোষণা কৰিবলৈ বিষয়াবর্গক কঠোৰ নির্দেশ দিছে৷ যাৰ বাবে জলসিঞ্চন বিভাগৰ মুখ্য অভিযন্তাই কার্যবাহী অভিযন্তা আৰু অধীক্ষক অভিযন্তাসকলক ১৩ অক্টোবৰৰ ভিতৰত বাছনি সমিতি গঠন কৰি নির্বাচিত প্রার্থীৰ তালিকা প্রস্তুত কৰিবলৈ নির্দেশ দিছে৷ কিন্তু এয়াও এটা নিয়মমাফিক প্রক্রিয়াহে৷ দৰাচলতে বাছনিভুক্ত প্রার্থীৰ তালিকা বহু আগতেই প্রস্তুত কৰা হৈছে৷ এতিয়া তাত কেৱল বিভাগীয় কর্তৃপক্ষই স্বাক্ষৰ কৰিবলৈহে বাকী৷ এপটেক নামৰ মুম্বাইৰ প্রতিষ্ঠানটোৰ হৈ অসমত পৰীক্ষা অনুষ্ঠিত কৰা প্রসেনজিৎ খাউণ্ড, প্রাঞ্জল সভাপণ্ডিত আদিৰ সৈতে এছ আই কেলেংকাৰিৰ অন্যতম অভিযুক্ত ৰুবুল হাজৰিকাৰ ঘনিষ্ঠ সম্পর্ক আছিল বুলিও সর্বত্র চর্চা চলিছে৷ তাৰ মাজত জলসিঞ্চন বিভাগে এপটেকৰ দ্বাৰা নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰি যে লাখ লাখ নিবনুৱাৰ লগত পুনৰ হেতালি খেলিবলৈ ওলাইছে সেয়া নিশ্চিত৷ ৰাজ্য চৰকাৰে নিযুক্তি পৰীক্ষাৰ দায়িত্ব বিশ্ববিদ্যালয়সমূহ অর্পণ কৰিবলৈ লোৱা সময়ত মন্ত্রী ভৱেশ কলিতাৰ এই তৎপৰতা ৰহস্যজনক বিবেচিত হৈছে৷

You might also like