হঠাৎ গোপনে দীঘলীয়া ছুটীত গ’ল দিবন ডেকাৰ পত্নী বিভাৰাণী
নিযুক্তি কেলেংকাৰিৰ মাষ্টাৰ মাইণ্ডৰ পত্নীৰ ছুটী মঞ্জুৰৰ আঁৰত কোন?
নিয়মীয়া বাৰ্তা ১৩ অক্টোবৰঃ অসম আৰক্ষীৰ উপ–পৰিদর্শক নিযুক্তি কেলেংকাৰিৰ অন্যতম মাষ্টাৰ মাইণ্ড দিবন ডেকাৰ পত্নী জনসংযোগ বিভাগৰ কর্মচাৰী বিভাৰাণী কলিতা হঠাৎ দীঘলীয়া ছুটীত গ’ল৷ অহা দুর্গাপূজা পর্যন্ত ছুটীত থাকিব কলিতা৷ ইতিমধ্যে বিভাগীয় কর্তৃপক্ষই অতি গোপনে তেওঁৰ ছুটীও মঞ্জুৰ কৰিছে৷ এগৰাকী চৰকাৰী কর্মচাৰী হিচাপে ছুটী লাভ কৰাটোত কাৰো একো আপত্তি কৰিবলগীয়া নাই৷ কিন্তু অসম আৰক্ষীৰ উপ–পৰিদর্শক নিযুক্তিৰ কেলেংকাৰিৰ বিষয়টো উত্থাপন হোৱাৰ সময়তে দিবন ডেকাৰ পত্নী বিভাৰাণী কলিতাৰ জনসংযোগত নিযুক্তিৰ বিষয়টোক লৈও গুৰুতৰ অভিযোগ উত্থাপন হোৱাৰ সময়তে তথ্য আৰু জনসংযোগ বিভাগে কর্মচাৰীগৰাকীক দীঘলীয়া ছুটী মঞ্জুৰ কৰা বিষয়টোক লৈ ব্যাপক চাঞ্চল্য সৃষ্টি হৈছে৷
উল্লেখ্য যে আৰক্ষীৰ উপ–পৰিদর্শক বাছনিৰ বাবে অনুষ্ঠিত হোৱা লিখিত পৰীক্ষাৰ প্রশ্নকাকত ফাদিলত দিবন ডেকাৰ নাম সাঙোৰ খাই পৰে৷ ইয়াৰ পৰিপ্রেক্ষিতত যোৱা ২০ ছেপ্ঢেম্বৰৰ পৰা দিবন ডেকাই আত্মগোপন কৰে৷ তাৰ পাছৰে পৰাই নিজ কর্মস্থলীত উপস্থিত হোৱাৰ পৰা বিৰত আছে দিবন ডেকাৰ পত্নী বিভাৰাণী কলিতা৷ জনসংযোগ কার্যালয়ৰ এক সূত্রই জানিবলৈ দিয়া মতে, বিভাৰাণী কলিতা কার্যালয়ত যোৱা ২১ ছেপ্টেম্বৰত অন্তিমবাৰৰ বাবে উপস্থিত থাকে৷ মাজতে এদিন সন্ধিয়াৰ ভাগত কার্যালয়ত উপস্থিত হৈ আর্জিত ছুটীৰ বাবে অতি গোপনে কর্তৃপক্ষৰ ওচৰত এখন আবেদন দাখিল কৰে৷ সূত্রটোৱে জানিবলৈ দিয়া মতে, বিভাৰাণীৰ আবেদনমর্মে কর্তৃপক্ষই অহা দুর্গাপূজা পর্যন্ত তেওঁৰ ছুটীও মঞ্জুৰ কৰিছে৷ অৱশ্যে বিভাৰাণী কলিতাৰ ছুটীৰ ফাইলটো সম্প্রতি বিভাগৰ এজন শীর্ষ বিষয়াই অতি গোপনে ৰাখিছে৷ যি সময়ত বিভাৰাণী ডেকাই জনসংযোগৰ চার্কুলেচন মেনেজাৰ পদত নিযুক্তি লাভৰ ক্ষেত্রত ভুৱা প্রমাণ–পত্র দাখিলৰ অভিযোগ উঠিছে, সেই সময়তে বিভাগে অভিযোগ সম্পর্কত আজিপর্যন্ত কোনো তদন্তৰ ব্যৱস্থা নকৰিলে৷ ইয়াৰ পৰিৱর্তে কর্মচাৰীগৰাকীৰ ছুটী মঞ্জুৰ কৰা ঘটনাই অধিক ৰহস্য সৃষ্টি কৰিছে৷ অসম আৰক্ষীৰ উপ–পৰিদর্শক নিযুক্তি কেলেংকাৰিত স্বয়ং আৰক্ষী বিভাগৰ লোকেই জড়িত হৈ থকাৰ তথ্য পোহৰলৈ অহাৰ দৰে জনসংযোগ বিভাগৰ নিযুক্তিতো বিভাগৰ একাংশ বৰমূৰীয়া জড়িত হৈ থকাৰ সন্দেহ এই ঘটনাই অধিক প্রকট কৰি তুলিছে৷ কিয়নো দিবন ডেকাৰ পত্নী বিভাৰাণী কলিতাই চাকৰিটো লাভ কৰাৰ সময়ত ‘সকালবেলা’ নামৰ এখন দৈনিক বাংলা কাকতত সাত বছৰ কাম কৰাৰ অভিজ্ঞতা থকাৰ প্রমাণ–পত্র দাখিল কৰিছিল৷ অথচ সেই কাকতখনৰ প্রচলন আছিল মাত্র ডেৰ বছৰ৷ তদুপৰি কাকতখনৰ প্রকাশকৰ দায়িত্বত আছিল স্বয়ং দিবন ডেকা৷
এনে অৱস্থাত জনসংযোগ বিভাগে বিভাৰাণী কলিতাৰ ছুটী মঞ্জুৰ কৰা ঘটনা নিঃসন্দেহে তাৎপর্যপূর্ণ হিচাপে বিবেচিত হৈছে৷ বিভাৰাণী কলিতাৰ নিযুক্তি কেলেংকাৰিৰ সৈতে জড়িত বিভাগৰ একাংশ বিষয়াই যে তেওঁক এতিয়াও ৰক্ষণাবেক্ষণ দিবলৈ তৎপৰ হৈ আছে, সেই কথা তেওঁক হঠাৎ ছুটী দিয়া ঘটনাই প্রতিপন্ন কৰিছে৷ কিয়নো চৰকাৰী কর্মচাৰী এজনে ছুটী লাভ কৰাৰ ক্ষেত্রত বিভিন্ন নীতি–নিয়ম থাকে৷ কেজুৱেল লিভৰ বাহিৰে আর্জিত ছুটী, চাইল্ড কেয়াৰ লিভ আনকি মেটাৰনিটী লিভৰ ক্ষেত্রতো বহু নীতি–নিয়মৰ মাজেৰেহে ছুটী প্রদান কৰা হয়৷ ইয়াৰ বাবে যথেষ্ট দীঘলীয়া প্রক্রিয়া সম্পন্ন কৰিবলগীয়া হয়৷ কিন্তু বিভাৰাণী কলিতাৰ ক্ষেত্রত বিভাগে সকলো নীতি–নিয়ম জলাঞ্জলি দি তেওঁৰ ছুটী মঞ্জুৰ কৰিছে৷ যাৰ বাবে জনসংযোগ বিভাগে তেওঁৰ ছুটীৰ ফাইলটো এই মুহূর্তলৈ লুকুৱাই ৰাখিছে৷ বিভিন্নজনে বিভাৰাণী কলিতাৰ ছুটী মঞ্জুৰৰ আঁৰত কোন বিষয়া–কর্মচাৰী জড়িত, সেই বিষয়টো তদন্তৰ আওতালৈ অনাটো বিচাৰিছে আৰু তেতিয়াই তেওঁৰ নিযুক্তি কেলেংকাৰিৰ সৈতে জড়িত খলনায়কসকল পোহৰলৈ আহিব৷ এই প্রসংগতে উল্লেখনীয় এয়ে যে এখন বাতৰিকাকত বা এটা টিভি চেনেল কিমান দিনৰ পৰা প্রচলন হৈ আছে, কেতিয়া বন্ধ হৈছে, সেই তথ্য আন বিভাগৰ হাতত থাকক–নাথাকক জনসংযোগ বিভাগৰ হাতত থাকে৷ কিন্তু নিযুক্তিৰ সময়ত বিভাৰাণী কলিতাই মাত্র ডেৰ বছৰ প্রচলন থকা ‘সকালবেলা’ কাকতখনত সাত বছৰ কাম কৰাৰ অভিজ্ঞতাৰ যি প্রমাণ–পত্র দাখিল কৰিছিল, জনসংযোগ বিভাগে সেয়া বৈধ নথি হিচাপেই গ্রহণ কৰি তেওঁক বাছনি কৰিছে৷