আই পি এলৰ নতুন চাঞ্চল্য; টেৱাটিয়াক বিহু শিকালে ৰিয়ানে
নিয়মীয়া বাৰ্তা ১৩ অক্টোবৰঃ ছানৰাইজার্ছ হায়দৰাবাদৰ বিৰুদ্ধে দেওবাৰে নিশা চমকপ্রদ বেটিঙেৰে ৰাজস্থান ৰয়েলছলৈ ৰোমাঞ্চকৰ জয় কঢ়িয়াই অনা অসম সন্তান ৰিয়ান পৰাগৰ বিহু নৃত্যৰ ভিডিঅ’ সমগ্র দেশত ভাইৰেল হৈ পৰিছে৷ ইনিংছৰ অন্তিম অ’ভাৰৰ পঞ্চমটো বলত গগণচুম্বী ছিক্সাৰেৰে ৰাজস্থানৰ হৈ উইনিং শ্বট খেলাৰ পিছতে বিহু নৃত্যৰে উল্লাস প্রদর্শন কৰি ১৮ বছৰীয়া ক্রিকেটাৰগৰাকীয়ে অসমৰ স্বাভিমানৰ প্রতীক বিহুক সমগ্র দেশত জনপ্রিয় কৰি তোলে৷
ৰিয়ানৰ ব্যতিক্রমী আনন্দ–উল্লাসে ৰাজস্থান ৰয়েলছৰ লগতে ছানৰাইজার্ছ হায়দৰাবাদৰ খেলুৱৈসকলকো আমোদ দিয়া দেখা যায়৷ একেদৰে টেলিভিছনৰ পর্দাত আই পি এল উপভোগ কৰি থকা বিশ্বৰ কোটি কোটি ক্রিকেট অনুৰাগীয়ে অসমৰ চহকী কলা–সংস্কৃতিৰ প্রতীক বিহুৰ বিষয়ে জানিবলৈ সক্ষম হয়৷ ইফালে, ৰাজস্থান ৰয়েলছৰ ৰোমাঞ্চকৰ জয়ত ৰিয়ানক যোগ্য সহযোগিতা আগবঢ়োৱা হাৰিয়ানাৰ উদীয়মান তাৰকা ৰাহুল টেৱাটিয়াকো অসম সন্তানে মেচৰ অন্তত বিহু নৃত্য শিকোৱা দেখা যায়৷ ষ্টাৰ স্প’টছত সম্প্রচাৰিত হোৱা এই অনুষ্ঠানত ৰিয়ানে আই পি এলৰ নতুন চাঞ্চল্য টেৱাটিয়াক বিভিন্ন অংগি–ভংগিৰে বিহু নৃত্যৰ কৌশল শিকায়৷ ৰিয়ানৰ নৃত্যৰ তালে তালে টেৱাটিয়ায়ো ক্ষন্তেক সময়ৰ বাবে বিহু নাচি দেখুৱায়৷
মন কৰিবলগীয়া যে সুবিশাল ছিক্সাৰ কোবাই ৰাজস্থানলৈ স্মৰণীয় জয় কঢ়িয়াই আনি অসম সন্তান ৰিয়ান পৰাগ খেলপথাৰত বিহু নৃত্যত মতলীয়া হৈ পৰাৰ সময়তে ষ্টেডিয়ামৰ গেলাৰীত উপস্থিত আছিল তিনিজনকৈ অসমীয়া যুৱক৷ তেওঁলোক হ’ল ৰাজ্যৰ প্রতিভাৱান বলাৰ মৃন্ময় দত্ত, ৰাহুল সিং আৰু জিতুমণি কলিতা৷ ৰাজস্থান ৰয়েলছৰ নেট বলাৰ হিচাপে সম্প্রতি তেওঁলোক দলটোৰ সৈতে আছে৷