এছআই নিযুক্তিৰ তালিকাত আছিল হাই প্রফাইল বিজেপি নেতাৰ ৪ আত্মীয়
লতা ফার্মাচীৰ স্বত্বাধিকাৰী শর্মাই পৰীক্ষার্থীৰ পৰা সংগ্রহ কৰিছিল ধন
নিয়মীয়া বাৰ্তা ১৩ অক্টোবৰঃ বহু চাঞ্চল্যকৰ অসম আৰক্ষীৰ উপ–পৰিদর্শক পদৰ নিযুক্তিৰ প্রশ্নকাকত ফাদিল কেলেংকাৰিৰ তদন্ত অব্যাহত আছে নলবাৰীত৷ উক্ত কেলেংকাৰিৰ অভিকেন্দ্র হৈ পৰা নলবাৰী জিলাৰ আৰক্ষীৰ হাতত অভিযুক্তৰ এখন দীঘলীয়া তালিকা অহাৰ পাছত অসম আৰক্ষীৰ উপ–পৰিদর্শক পদৰ নিযুক্তিৰ প্রশ্নকাকত ফাদিল কাণ্ডক লৈ ন ন তথ্য পোহৰলৈ আহিছে৷ প্রশ্নকাকত ফাদিল কেলেংকাৰিৰ অভিকেন্দ্রস্বৰূপ নলবাৰী জিলাৰ পৰা কেইবাগৰাকী বিজেপি নেতা, দালাল, পৰীক্ষার্থী আৰক্ষীৰ জালত পৰাৰ পাছত ৰাজ্য কঁপাই যোৱা অসম আৰক্ষীৰ উপ–পৰিদর্শক পদৰ নিযুক্তিৰ প্রশ্নকাকত ফাদিল কেলেংকাৰিত সোমবাৰে আৰু এজন অভিযুক্তক আটক কৰে নলবাৰী আৰক্ষীয়ে৷ সোমবাৰে পুৱাৰ ভাগত আৰক্ষীয়ে নলবাৰী চহৰৰ হাজো ৰোডত থকা লতা ফার্মাচীৰ স্বত্বাধিকাৰী প্রণৱ শর্মা ওৰফে বুলবুলক ফার্মাচীৰ পৰা আটক কৰি আনি সম্প্রতি মাৰাথন জেৰা চলাই আছে৷ চৰকাৰী বিদ্যালয়ৰ শিক্ষক প্রণৱ শর্মাই আৰক্ষীৰ উপ–পৰিদর্শক পৰীক্ষাৰ পৰীক্ষার্থীৰ পৰা ধন সংগ্রহ কৰাৰ অভিযোগ উঠিছে৷ এইগৰাকী শিক্ষকৰ নিযুক্তি কেলেংকাৰিত নাম সাঙোৰ খাই পৰাৰ অভিযোগ পোহৰলৈ অহাৰ পাছতেই আন এক জোকাৰণি সৃষ্টি কৰে৷
লক্ষণীয়ভাৱে আৰক্ষীৰ চাকৰিৰ নামত পৰীক্ষার্থীৰ পৰা ধন সংগ্রহ কৰাৰ এটা অডিঅ’ ৰেকর্ডিং ভাইৰেল হৈছে৷ অভিযোগ অনুসৰি ভাইৰেল হোৱা অডিঅ’ ৰেকর্ডিংটোৰ কণ্ঠ প্রণৱ শর্মাৰ৷ এই চাকৰিত নলবাৰীৰ ৬০জনে চাকৰি পাব বুলিও অডি’টোৰ কথোপকথনত স্পষ্ট উল্লেখ আছে৷ আনকি এগৰাকী হাই প্রফাইল বিজেপি নেতাৰ নাম উল্লেখ থকা অডিঅ’টোত সেই নেতাজনৰ চাৰিজন আত্মীয়ো এই চাকৰি পাব বুলি স্পষ্টকৈ উল্লেখ কৰা সেই নেতাজনৰ জ্যেষ্ঠ ভাতৃৰ ল’ৰাৰ নামো চাকৰিৰ তালিকাত থকাৰ কথা উল্লেখ কৰে দালাল শিক্ষকজনে৷ লগতে সেই হাই প্রফাইল নেতাজনৰ জৰিয়তে চাকৰি হ’লে পাঁচ লাখ টকা দিলে হ’ব বুলিও অ’ডিঅটোত উল্লেখ আছে৷ ইপিনে উক্ত শিক্ষক দালালজনে পাঁচগৰাকী প্রার্থী দিব পাৰিলে একোজন চাকৰি প্রার্থীৰ পৰা এক লাখকৈ মুঠ পাঁচ লাখ টকা কমিছন পোৱাৰ কথাও উল্লেখ আছে উক্ত অডিঅ’ ৰেকর্ডিংটোত৷ উক্ত বিশেষ ফোন টেপিঙক লৈ আৰক্ষীয়ে প্রণৱক আটক কৰাৰ সন্দেহ৷ ফোন টেপিঙত নাম লোৱা বিশেষ নেতাগৰাকীও জড়িত নেকি এই কেলেংকাৰিত? আনহাতে, প্রণৱ শর্মা আৰু শাসকীয় দলৰ সেই বিশেষ নেতাগৰাকীৰ মাজত সম্পর্ক কি? ভাইৰেল হোৱা অডি’টোৰ আঁত ধৰি আৰক্ষীয়ে প্রভাৱশালী বিজেপি নেতাক তদন্তৰ আওতালৈ আনিবনে? নে শাসকীয় দলৰ হোৱা বাবে তদন্তৰ আওতাৰ পৰা ৰেহাই পাব, এই লৈ চর্চা চলিছে৷ ইপিনে, যি সময়ত পুঠি–খলিহনা ধৰিবলৈ শীর্ষ আৰক্ষী বিষয়াসকলে দিনে–নিশাই জিলাখনৰ উপৰি বহিঃজিলাতো অভিযান চলাই আছে, তেনে সময়তে উক্ত কেলেংকাৰিত জড়িত থকা বুলি অভিযোগ উঠা জিলাখনৰ শীর্ষ নেতাসকলক লৈ এতিয়া চর্চা চলিছে৷