জলসিঞ্চনত চাকৰি জিলা পৰিষদৰ সদস্যৰ পত্নী–মন্ত্রীৰ ঘনিষ্ঠৰ
প্রশ্নকাকত ফাদিল হোৱা পৰীক্ষাৰ ফলাফল ঘোষণা
নিয়মীয়া বাৰ্তা ১৩ অক্টোবৰঃ ব্লেক লিষ্টেড কোম্পানী এপটেকে অনুষ্ঠিত কৰা জলসিঞ্চন বিভাগৰ শাখা সহায়ক পদৰ পৰীক্ষাৰ ফলাফল সোমবাৰে ঘোষণা কৰা হয়৷ নিযুক্তিৰ বিষয়টো ন্যায়ালয়ত বিচাৰাধীন হৈ থকাৰ মাজতে ফলাফল ঘোষণা কৰিবলৈ জলসিঞ্চন বিভাগে আৰম্ভ কৰা ৰহস্যজনক তৎৰতাৰ বাতৰি ‘নিয়মীয়া বার্তা’ত সোমবাৰে প্রকাশ পাইছিল৷ এই সন্দেহ সঁচা প্রমাণিত কৰি দুপৰীয়াৰ ভাগত প্রকাশ কৰা হ’ল ৩ শতাধিক শাখা সহায়ক পদৰ নিযুক্তি পৰীক্ষাৰ ফলাফল৷ লক্ষণীয় কথাটো হ’ল যোৱা ২ ফেব্রুৱাৰীত জলসিঞ্চন বিভাগৰ পৰীক্ষা অনুষ্ঠিত হৈ থকাৰ সময়তে প্রশ্নকাকত ফাদিল হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছিল৷ ছ’চিয়েল মিডিয়াত পৰীক্ষাৰ সময়ত ৰাজহুৱা হৈ পৰিছিল প্রশ্নকাকত৷ ইয়াক লৈ ৰাজ্যজুৰি তীব্র প্রতিক্রিয়া সৃষ্টি হোৱাৰ পাছত বিষয়টো ন্যায়ালয়ৰ মজিয়াত বিচাৰাধীন হৈ পৰে৷ ৰাজ্য চৰকাৰে সেৱা বিধি উলংঘাৰে মুখ্য অভিযন্তাৰ কার্যালয়ৰ দ্বাৰা তৃতীয়বর্গৰ পৰীক্ষা অনুষ্ঠিত কৰা আৰু এটা ব্লেক লিষ্টেড কোম্পানী এপটেকক পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্ব দিয়াৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয় একাংশ পৰীক্ষার্থী৷ ন্যায়ালয়ৰ মজিয়াত গোচৰ চলি থকাৰ সময়তে পোহৰলৈ আহে আন কেতবোৰ বিস্ফোৰক তথ্য৷ খোদ শপতনামা দি এপটেকে স্বীকাৰ কৰি লয় যে উত্তৰ প্রদেশৰ শক্তি বিভাগৰ পৰীক্ষাত সংঘটিত বিসংগতিৰ বাবে তেওঁলোকক ব্লেক লিষ্টেড ঘোষণা কৰা হৈছিল৷ এপটেকক ৰক্ষণাবেক্ষণ দিবলৈ জলসিঞ্চন বিভাগে যৎপৰোনাস্তি চেষ্টা চলায় যদিও ন্যায়ালয়ে ওলোটাই প্রশ্ন কৰে যে ব্লেক লিষ্টেড কোম্পানীৰ দ্বাৰা পৰিচালিত পৰীক্ষাক জনসাধাৰণে কিদৰে আস্থাত ল’ব? এপটেক আৰু জলসিঞ্চন বিভাগৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈ থকাৰ মাজতে এছ আই কেলেংকাৰিত জড়িত দালালৰ ঘৰত উদ্ধাৰ হয় পঞ্চায়ত–গ্রামোন্নয় লগতে জলসিঞ্চন বিভাগৰ নিযুক্তি পৰীক্ষাৰ প্রশ্নকাকতো৷ এই লৈ পুনৰ নতুন বিতর্কৰ সূচনা হয়৷ দুয়োটা বিভাগৰ নিযুক্তি পৰীক্ষাকো তদন্তৰ আওতালৈ অনাৰ দাবী উত্থাপন হ’বলৈ ধৰে৷ কিন্তু এই দাবীৰ প্রতি তিলমানো গুৰুত্ব নিদিলে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু তেওঁৰ নেতৃত্বাধীন চৰকাৰখনে৷ তাৰ মাজতে উচ্চ ন্যায়ালয়ে শেহতীয়াকৈ নিযুক্তি প্রক্রিয়া আগবঢ়োৱাৰ অনুমতি দিয়ে যদিও ন্যায়ালয়ত বিচাৰাধীন লেখ আবেদনৰ ৰায়ৰ ওপৰতহে নিযুক্তিৰ ভৱিষ্যৎ নির্ভৰ কৰিব বুলি ৰায়দান কৰে৷ ইয়াৰ পাছতে জলসিঞ্চন মন্ত্রী ভবেশ কলিতাৰ মুখত হাঁহি বিৰিঙি উঠে৷ তেওঁ যিমান পাৰি সোনকালে নিযুক্তি সম্পন্ন কৰিবলৈ নির্দেশ দিয়ে৷ সেইমর্মে মুখ্য অভিযন্তাই যোৱা ৯ অক্টোবৰৰ বিয়লি জিলাভিত্তিক বাছনি সমিতিসমূহ গঠন কৰিবলৈ অধীক্ষক অভিযন্তা আৰু কার্যবাহী অভিযন্তাসকলক নির্দেশ দিয়ে৷ ১৩ অক্টোবৰৰ ভিতৰত বাছনি সমিতিসমূহ গঠন কৰিবলৈ কোৱা হৈছিল৷ পৰৱর্তী ১০ আৰু ১১ অক্টোবৰ শনি আৰু দেওবাৰে চৰকাৰী কার্যালয়সমূহ বন্ধ থাকে৷ ১২ অক্টোবৰত অর্থাৎ সোমবাৰে অধীক্ষক আৰু কার্যবাহী অভিযন্তাই যাৱতীয় নির্দেশ লাভ কৰে৷ ইয়াৰ পাছত পুৱাৰ ভাগত বাছনি সমিতি গঠন কৰা হয় আৰু দুপৰীয়াৰ ভাগত জলসিঞ্চন বিভাগে ফলাফল ঘোষণা কৰে৷ ইয়াৰ পৰা প্রমাণ হয় যে জলসিঞ্চন বিভাগে পূর্বৰে পৰা নিযুক্তিৰ তালিকা প্রস্তুত কৰিছিল আৰু সুযোগ লাভ কৰিয়েই সেয়া প্রকাশ কৰে৷ নিযুক্তিপ্রাপ্তসকলৰ্ নাম এতিয়াও পোহৰলৈ অহা নাই যদিও জলসিঞ্চন মন্ত্রী ভবেশ কলিতাৰ কেইবাগৰাকীও ঘনিষ্ঠই নিযুক্তি লাভ কৰা বুলি জানিব পৰা গৈছে৷ ইয়াৰ ভিতৰত মন্ত্রীগৰাকীৰ পাকঘৰৰ মানুহ হিচাপে পৰিচিত পাণ্ডুৰী জিলা পৰিষদৰ সদস্য লিটন কলিতাৰ পত্নী আৰু মন্ত্রীৰ ঘনিষ্ঠ দাস উপাধিৰ ঠিকাদাৰজনৰ দুজন আত্মীয় আছে বুলি জানিব পৰা গৈছে৷ ইফালে, জলসিঞ্চন বিভাগৰ চাকৰিৰ নামত দালালে ৮–৯ লাখকৈ টকা সংগ্রহ কৰাৰ উপৰি প্রশ্নকাকত ফাদিল হোৱাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছিল৷ কিন্তু এই অভিযোগ সন্দর্ভত কোনো ব্যৱস্থাই হাতত নল’লে ৰাজ্য চৰকাৰখনে৷ এটা তদন্ত ঘোষণাৰো নূ্যনতম সাহস দেখুৱাব নোৱাৰিলে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷ এনেদৰেই স্বচ্ছতাৰ শ্লোগান আওৰাই চৰম অস্বচ্ছ প্রক্রিয়াৰ মাজেৰে সোণোৱাল চৰকাৰে ঘোষণা কৰিলে ব্লেক লিষ্টেড এপটেকে অনুষ্ঠিত কৰা, প্রশ্নকাকত ফাদিলৰ অভিযোগ উঠা জলসিঞ্চন বিভাগৰ শাখা সহায়ক পদৰ পৰীক্ষাৰ ফলাফল৷