২০১৮ বর্ষৰ এপিএছচিৰ মূল লিখিত পৰীক্ষাৰ ফলাফল ঘোষণা
নিয়মীয়া বাৰ্তা ১৩ অক্টোবৰঃ দীর্ঘদিন ধৰি আইনী মেৰপেঁচত সোমাই থকা ২০১৮ বর্ষৰ সংযুক্ত প্রতিযোগিতামূলক মূল পৰীক্ষাৰ ফলাফল সোমবাৰে ঘোষণা কৰিছে অসম লোকসেৱা আয়োগে (এ পি এছ চি)৷ গুৱাহাটী উচ্চ ন্যায়ালয়ে অনুমতি প্রদান কৰাৰ পাছতে এই ফলাফল ঘোষণা কৰিছে আয়োগে৷ ২০১৯ বর্ষৰ ২ আগষ্টৰ পৰা ২৯ আগষ্টলৈ সংযুক্ত প্রতিযোগিতামূলক মূল পৰীক্ষা অনুষ্ঠিত হৈছিল৷ মূল পৰীক্ষাত উত্তীর্ণ হোৱা প্রার্থীসকল মৌখিক পৰীক্ষাত অৱতীর্ণ হ’ব লাগিব৷ অহা ২৮ অক্টোবৰৰ পৰা মৌখিক সাক্ষাৎকাৰসমূহ অনুষ্ঠিত হ’ব৷ উল্লেখ্য যে ২০১৮ বর্ষৰ সংযুক্ত প্রতিযোগিতামূলক মূল পৰীক্ষাৰ প্রশ্ণকাকতত ভুল এনছাৰ কী আদিকে ধৰি কেইবাটাও খেলিমেলিৰ বাবে সমগ্র প্রক্রিয়াটো আইনী মেৰপেঁচত সোমাই পৰিছিল৷ কেইবাগৰাকীও বঞ্চিত প্রার্থীয়ে দাখিল কৰা লেখ আবেদনৰ শুনানি গ্রহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে পৰীক্ষাৰ ফলাফল ঘোষণাত স্থগিতাদেশ জাৰি কৰিছিল৷ দীর্ঘদিনীয়া শুনানিৰ অন্তত শেহতীয়াকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে মূল পৰীক্ষাৰ ফলাফল ঘোষণা কৰিবলৈ আয়োগক অনুমতি প্রদান কৰিছিল৷ সমান্তৰালভাৱে মৌখিক পৰীক্ষা অনুষ্ঠিত কৰাৰো অনুমতি প্রদান কৰিছিল ন্যায়ালয়ে৷ অৱশ্যে মৌখিক পৰীক্ষা অনুষ্ঠিত কৰিলেও চূড়ান্ত ফলাফল ন্যায়ালয়ৰ অনুমতি অবিহনে ঘোষণা কৰিব নোৱাৰিব অসম লোকসেৱা আয়োগে৷