বিশাল ৰেলীৰে ৰঞ্জিত দাসক আদৰণি বিজেপি জিন্দাবাদ ধ্বনিৰে মুখৰ কোকৰাঝাৰ
বিটিআৰৰ সদৰত আৰম্ভ বিজেপিৰ অনুসূচিত জনজাতি ৰাজ্যিক মর্চাৰ কার্যনির্বাহক
নিয়মীয়া বাৰ্তা ১৩ অক্টোবৰঃ কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় খেলপথাৰত সোমবাৰৰ পৰা আৰম্ভ হৈছে ৰাজ্যিক বিজেপিৰ অনুসূচিত জনজাতি মর্চাৰ কার্যনির্বাহক৷ তদুপলক্ষে সোমবাৰে সমগ্র কোকৰাঝাৰ চহৰৰ অলি–গলি, মূল পথ, উৰণীয়া সেতু পদুম ফুলৰ চিহ্ণ থকা পতাকাৰে সজাই–পৰাই তোলা হয়৷ হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিপিএফৰ ভেটিত কঁপনি তুলি বিটিআৰ দখলৰ লক্ষ্যৰে কোকৰাঝাৰত সোমবাৰৰ পৰা ১৪ অক্টোবৰলৈ বিজেপিৰ ৰাজ্যিক অনুসূচিত জনজাতি মর্চাৰ কার্যনির্বাহক আয়োজন কৰা বুলি সৰৱ চর্চা চলিছে৷ কার্যনির্বাহকৰ প্রথম দিনা অর্থাৎ সোমবাৰৰ পৰা অনুষ্ঠিত কোকৰাঝাৰ জিলা বিজেপিৰ কার্যনির্বাহক সভালৈ এক বিশাল কনভয়েৰে অহা বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসক পোনপ্রথমবাৰৰ বাবে জিলা বিজেপিৰ মূল আৰু মহিলা মর্চাৰ কর্মকর্তাসকলে পথৰ দুয়োকাষে নিয়োজিত আৰক্ষী, সেনা, অর্ধসামৰিক বাহিনীৰ কটকটীয়া নিৰাপত্তাৰ মাজেৰে জিলা কার্যালয়লৈ দলীয় পতাকা উৰুৱাই বিজেপি জিন্দাবাদ ধ্বনি দি আদৰি আনে৷ তাৰ পৰা পোনে পোনে আৱর্ত ভৱনত কিছু সময় জিৰণি লৈ জিলা বিজেপিৰ কার্যালয়ৰ গাতে লাগি থকা জুগামী ভৱনত অনুষ্ঠিত কোকৰাঝাৰ জিলা বিজেপিৰ জনজাতি মর্চাৰ কার্যনির্বাহকত অধ্যক্ষতা কৰি কার্যনির্বাহকত অংশগ্রহণ কৰে অসম ৰাজ্যিক বিজেপিৰ সভাপতি দাসে৷ পৰিষদীয় নির্বাচন সম্পর্কে সাংবাদিকে জানিব বিচৰাত ৰাজ্যিক বিজেপিৰ সভাপতি দাসে কয় যে বিটিচিৰ ২৬ সমষ্টিত দলে প্রতিদ্বন্দ্বিতা কৰিব৷ বিজেপিয়ে পূর্বৰ তুলনাত অধিক আসন লাভ কৰি চৰকাৰ গঠন কৰাটো নিশ্চিত৷ তাৰ বাবে বিটিচিৰ চাৰি লাখকৈ কর্মকর্তাই দলৰ সাংগঠনিক স্থিতি শক্তিশালী কৰাৰ বাবে কাম কৰি আছে৷ বিপিএফৰ সৈতে থকা মিত্রতা সন্দর্ভত পুনৰ জানিব বিচৰাত দাসে কয়– পঞ্চায়ত নির্বাচনত যেনেদৰে বিপিএফ, অগপ নিজাববীয়াকৈ নির্বাচনত অৱতীর্ণ হৈছিল, বিটিআৰ নির্বাচনতো বিজেপিয়ে অকলে প্রতিদ্বন্দ্বিতাত অৱতীর্ণ হৈছে৷ দুটা অংকবিশিষ্ট আসন লাভ কৰিব বুলি উল্লেখ কৰি পৰিষদীয় চৰকাৰত বিজেপি দল অংশীদাৰ হ’বই বুলিও ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে দাবী কৰে৷ বিটিআৰ চুক্তিৰ দফাসমূহ ৰূপায়ণৰ ক্ষেত্রত দলৰ কেন্দ্রীয় নেতৃবর্গই যেনেদৰে ভূমিকা গ্রহণ কৰিছে, ঠিক তেনেদৰে বিপিএফৰ সৈতে বিজেপিয়ে আগন্তুক সময়ত মিত্রতা অক্ষুণ্ণ ৰাখিব নে নাই সেই বিষয় সন্দর্ভত কেন্দ্রীয় নেতৃবর্গইহে সিদ্বান্ত ল’ব বুলি বিজেপিৰ সভাপতিগৰাকীয়ে মন্তব্য কৰে৷ ইফালে আবেলি কোকৰাঝাৰ উচ্চতৰ আৰু বহুমুখী মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজিত এখন সংবাদ মেলত বিজেপিৰ ৰাজ্যিক অনুসূচিত জনজাতি মর্চাৰ সভাপতি হৰেণ দেউৰীয়ে তিনিদিনীয়া কার্যসূচীৰে অনুষ্ঠিত অনুসূচিত জনজাতি মর্চাৰ কার্যনির্বাহক বৈঠকত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, বিজেপিৰ ৰাষ্ট্রীয় সাধাৰণ সম্পাদক তথা সাংসদ দিলীপ শইকীয়া, উত্তৰ–পূব ক্ষেত্রীয় সাংগঠনিক সম্পাদক অজয় জামৱাল, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্র নাথ শর্মা আদিকে ধৰি বহুসংখ্যক বিজেপি নেতাই পর্যায়ক্রমে অংশগ্রহণ কৰিব বুলি জানিবলৈ দিছে৷ লগতে বিজেপিৰ পাঁচখনকৈ স্বায়ত্ত পৰিষদৰ মুখ্য কার্যবাহী, কার্যবাহী সদস্য, জনজাতীয় সাংসদ, মন্ত্রী, বিধায়কে অংশ গ্রহণ কৰিব বুলি সংবাদ মেলখনত জানিবলৈ দিয়ে৷ উল্লেখ্য যে ৰাজ্যখনৰ ছয় জনগোষ্ঠীৰ জনজাতিৰ মর্যাদা প্রদান সম্পর্কে সাংবাদিকে জানিব বিচৰাত বিজেপিৰ ৰাজ্যিক অনুসূচিত জনজাতি মর্চাৰ সভাপতি দেউৰীয়ে ইতিপূর্বে জনজাতি হিচাপে স্বীকৃতিপ্রাপ্ত ৰাজ্যখনৰ জনজাতিসকলে ভোগ কৰি থকা অধিকাৰ আৰু স্বার্থত আঘাত নকৰাকৈ ছয় জনগোষ্ঠীক জনজাতিৰ মর্যাদা প্রদানৰ ব্যৱস্থা কৰিলে ছয় জনগোষ্ঠীক জনজাতিকৰণত কোনো আপত্তি নাই বুলি প্রকাশ কৰে