উপযুক্ত হিতাধিকাৰীৰ নাম নাই অৰুণোদয় আঁচনিত, উত্তপ্ত ঢকুৱাখনা
নিয়মীয়া বাৰ্তা, ১৩ অক্টোবৰঃ উপযুক্ত হিতাধিকাৰীক অৰুণোদয় আচঁনিত নাম অন্তৰ্ভুক্ত নকৰাক লৈ উত্তপ্ত হ’ল এখন পঞ্চায়তৰ শতাধিক ৰাইজ ৷ ঢকুৱাখনা মহকুমা অন্তগৰ্ত পূব ঢকুৱাখনা পঞ্চায়তৰ একাংশ সচেতন লোক এতিয়া এই দুৰ্নীতিৰ বিৰুদ্ধে ওলাই আহিছে ৰাজপথলৈ ৷ কিয়নো বিজেপিৰ চৰকাৰখনে শূন্য সহনশীলতাৰ কথা কৈ থকাৰ মাজতে কিন্তু এতিয়া একাংশ বিজেপি নেতা-পালিনেতাই কৰিছে ভয়ানক দুৰ্নীতি-অনিয়ম৷
বিশেষকৈ পঞ্চায়তটোৰ একাংশ মহিলা, দিব্যাংগ, আবিয়ৈ, বিধৱা, বিবাহ বিচ্ছেদিত আৰু ৰেচম কাৰ্ড নথকা দুখীয়া পৰিয়ালৰ মহিলাক তালিকাৰ পৰা বাদ পেলাই কেৱল বিজেপিকেন্দ্ৰিক কৰাৰ অভিযোগ উথাপন হৈছে , যাৰ বাবে আজি পূব ঢকুৱাখনাবাসী ৰাইজে ঢকুৱাখনাৰ স্থানীয় বিধায়ক তথা মন্ত্ৰী নৱ কুমাৰ দলেৰ প্ৰতিকৃতি দাহ কৰাৰ লগতে গাঁৱৰ একাংশ পুৰুষ-মহিলাই হাতত প্লেকাৰ্ড লৈ মন্ত্ৰী নৱ দলে গো বেক, নৱ দলে হুচিয়াৰ আদি শ্লোগান দিয়ে পূব ঢকুৱাখনা পঞ্চায়ত কাৰ্যালয় চৌহদ ৷