নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিটিচিত বিজেপিক প্রতিষ্ঠা কৰাটোৱে আমাৰ লক্ষ্যঃ মন্ত্রী ড০ শর্মা

কোকৰাঝাৰত বিজেপি এছ টি মর্চাৰ কার্যনির্বাহক

নিয়মীয়া বাৰ্তা ১৪ অক্টোবৰঃ   ভাৰতীয় জনতা পার্টীয়ে আর্য সভ্যতা–সংস্কৃতিৰ লগতে জাতি–মাটি আৰু ভেটিৰ সুৰক্ষা আৰু জনজাতীয় লোকসকলৰ ভাষা–সংস্কৃতি, ধর্ম, কৃষ্টিৰ ৰক্ষণাবেক্ষণ আৰু উন্নয়নৰ বাবেও সমানে দায়বদ্ধ৷ জনজাতিসকলৰ উন্নয়ন অবিহনে অসম আৰু ভাৰতৰ উন্নয়ন আধৰুৱা হৈ ৰ’ব৷ –এই মন্তব্য কৰিছে ৰাজ্যৰ স্বাস্থ্য, বিত্ত তথা শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ বিটিআৰৰ সদৰ কোকৰাঝাৰ চহৰত মঙলবাৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত ৰাজ্যিক বিজেপিৰ অনুসূচিত জনজাতি মর্চাৰ কার্যনির্বাহকত ভাষণ দি ড০ শর্মাই লগতে কয় যে বিটিচিত এবাৰ বিজেপিৰ চৰকাৰ হ’লে বাৰে বাৰে বিজেপিৰে চৰকাৰ গঠন কৰিব৷ বিজেপিৰ লক্ষ্য বিটিচিত বিজেপিক প্রতিষ্ঠা কৰা৷ প্রতিটো জনজাতি পৰিয়ালৰ হূদয়লৈ বিজেপিক লৈ যোৱা৷ জনজাতি সমাজক বিকাশৰ পথেৰে লৈ যোৱাৰ বাবে বিজেপি সদায় প্রস্তুত৷ ইফালে বডো ভাষাক ৰাজ্যখনৰ সহযোগী চৰকাৰী ভাষা হিচাপে স্বীকৃতি প্রদান কৰাটো জনজাতীয় ভাষা–সংস্কৃতিৰ প্রতি সন্মান প্রদর্শনৰ এটা উৎকৃষ্ট উদাহৰণ৷ তেনেদৰে ৰাভা হাছং, তিৱা স্বায়ত্ত পৰিষদ, মিচিং স্বায়ত্ত পৰিষদৰ লগতে ৰাজ্যখনৰ আন কেইবাখনো স্বায়ত্ত পৰিষদক ষষ্ঠ অনুসূচীৰ আওতালৈ আনি জনজাতিসকলক ন্যায় প্রদানৰ চিন্তা–চর্চা কৰি থকা হৈছে৷ বিটিআৰ চুক্তিমর্মে আজি নৰেন্দ্র মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে বিটিআৰত বসবাস কৰি থকা বড়োসকলৰ উপৰি বিটিআৰৰ বাহিৰত বসবাস কৰি থকা বডোসকলৰ বাবে বড়ো কছাৰী কল্যাণ স্বায়ত্ত পৰিষদ গঠন কৰি দিয়া হৈছে৷ এতিয়াৰে পৰা বিটিআৰৰ লগতে বিটিআৰৰ বাহিৰৰ বডোসকলেও সমানে নিজৰ ভাষা–সাহিত্যক লৈ জীয়াই থকাৰ অধিকাৰ পালে৷ তাকেই নকৰি বড়ো–বড়ো ৰাজনীতি কৰি থাকিলে বিটিআৰৰ কোনো জাতি–জনগোষ্ঠীৰ উন্নয়ন নহ’ব৷ নামনি অসম আৰু মধ্য অসমৰ পৰা জনজাতিসকলক যেনেকৈ এটা বিশেষ শক্তিয়ে খেদি নিজৰ প্রভাৱ বিস্তাৰ কৰাৰ বাবে উঠিপৰি লাগিছে বিটিআৰবাসী যদি সকলো মিলিজুলি নাথাকে একেই দশা হ’ব৷ আজি বিটিআৰ চুক্তিৰ পিছত বডো ভাষাক সহকাৰী ৰাজ্যিক চৰকাৰী ভাষা হিচাপে মান্যতা প্রদানৰ বাবে বিজেপিয়ে আগভাগ লৈছিল৷ বিটিচি শাসন কৰা কোনোবা উগ্র জাতীয়তাবাদী দলে উদ্যোগ লোৱা নাছিল৷ তেওঁ কয় যে কংগ্রেছ আৰু এআইইউডিএফ দলে একত্রিতভাৱে চৰকাৰ গঠন কৰিলে খিলঞ্জীয়া ভূমিপুত্র জনজাতিসকলৰ সলনি আন বিশেষ শ্রেণীৰহে উন্নতি হ’ব৷

‘যিটো ৰাজনৈতিক দলে নিজৰ সভাত নিজৰ দেশত স্থানীয় ভাষাক হেয়জ্ঞান কৰি আৰবী ভাষা ব্যৱহাৰ কৰে তেনে দলৰে কংগ্রেছে মিত্রতা কৰি কাৰ উন্নয়ন আনিব বিচাৰিছে? আজি অসমত আৰবী শিক্ষা প্রদানৰ গইনা লৈ হাজাৰ হাজাৰ মাদ্রাছা স্থাপন হ’ল৷ সত্র, জনজাতি বেষ্টনী–খণ্ডৰ ভূমিত বহু সন্দেহজনক লোকৰ বেদখল হ’ল৷ মৌলানা বৃদ্ধি হ’ল৷অসমৰ জীয়ৰী–বোৱাৰীৰ সুৰক্ষা নোহোৱা হ’ল৷ সেয়েহে বিজেপিয়ে জাতি–মাটি, ভেটি সুৰক্ষাৰ মন্ত্রৰে ৰাজ্যখনৰ সকলো জাতি–জনগোষ্ঠীক একেলগে লগত লৈ এখন সমন্বয়ৰ অসম গঢ়িব বিচাৰিছে৷ বিটিচিতো বিজেপি দলে চৰকাৰ গঠন কৰিবই’৷ –ড০ শর্মাই কয়৷ তেওঁ ভাষণত লগতে কয় যে ৰাজ্যখনৰ আন আন স্বায়ত্ত পৰিষদসমূহতো শাসক দলৰ পৰিৱর্তন হৈছে৷ অর্থাৎ ডিমা হাছাওৰ পৰা আৰম্ভ কৰি সোণোৱাল কছাৰী পৰিষদলৈকে বিজেপিয়ে শাসন চলাইছে৷ সাংবাদিকৰে হোৱা এক মুখামুখিত বিটিআৰৰ নির্বাচন সম্পর্কে কয় যে বিটিআৰতো পৰিৱর্তন হোৱাটো আমি বিচাৰিছোঁ৷ আমি বিচাৰিছোঁ বিটিআৰত পৰৱর্তী চৰকাৰ বিজেপি দলে গঠন কৰক৷ ইপিনে, বিপিএফ আৰু বিজেপিৰ মাজত মিত্রতা অব্যাহত থকা সত্ত্বেও শেহতীয়াকৈ উভয় দলৰ মাজত ফাট মেলা বিষয়ৰ ওপৰত সাংবাদিকে জানিব বিচৰাত ‘নেডা’ৰ আহ্বায়ক ড০ শর্মাই কয় যে বিপিএফৰ সৈতে বিজেপিয়ে পাঁচ বছৰৰ বাবেহে মিত্রতা স্থাপন কৰিছিল৷ পৰৱর্তী সময়ত সেই মিত্রতা অক্ষুণ্ণ থাকিবনে নাই সেয়া সময় আৰু পৰিস্থিতিৰ ওপৰত নির্ভৰ কৰিব৷ আনহাতে বিপিএফৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতাই বিজেপিত যোগদান কৰিব বুলি চর্চিত বিষয়ৰ ওপৰত মন্তব্য কৰি ড০ শর্মাই কয়– যিসকল বিপিএফৰ নেতাই বিজেপিত যোগদান কৰিব বুলি গুণাগঁথা কৰি আছে বিষয়টো তেওঁলোকৰ ওপৰতহে নির্ভৰ কৰিব৷ লগতে বিটিআৰৰ নির্বাচন অহা ডিচেম্বৰ মাহতেই অনুষ্ঠিত হ’ব বুলি তেওঁ স্পষ্ট কৰি দিয়ে৷ ইপিনে, অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল সন্দর্ভত তেওঁ কয়– অসমত যিমানকেইটা নতুন আঞ্চলিক ৰাজনৈতিক দলে আত্মপ্রকাশ কৰি বিজেপিক ওফৰোৱাৰ পৰিকল্পনা কৰিছে সেই আটাইবোৰ আঞ্চলিক দলৰ উপৰি বিৰোধী দলসমূহক একগোট হ’ব লাগে বুলি মই কৈ আহিছেছা৷ ইপিনে, কোকৰাঝাৰ আৱর্ত ভৱনত মন্ত্রীগৰাকীক ইউপিপিএলৰ সভাপতি প্রমোদ বডো, এনডিএফবি(প্র)ৰ প্রাক্তন সভাপতি গোবিন্দ বসুমতাৰী, এবছুৰ সাধাৰণ সম্পাদক লৰেন্স ইছলাৰী আদিয়ে আৰনাই, ফুলাম গামোচা, ফুলৰ থোপা আদিৰে সম্বর্ধনা জনাই এক চমু সৌজন্যমূলক বার্তালাপত মিলিত হয়৷ উল্লেখ্য যে উক্ত বার্তালাপৰ পিছত ইউপিপিএলৰ সভাপতি প্রমোদ বডোৱে দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু বিজেপিয়ে বিটিআৰ চুক্তিৰ প্রতিটো দফা ৰূপায়ণৰ বাবে প্রদান কৰা আশ্বাসক আদৰণি জনায়৷

You might also like