নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিধায়ক হোৱাৰ লোভত একাংশই আছুৰ মজিয়া কলুষিত কৰিছে

নিয়মীয়া বাৰ্তা ১৪ অক্টোবৰঃ ‘সদৌ অসম ছাত্র সন্থাই ৰাজনৈতিক দল গঠন কৰিলে৷ শুনি আচৰিত হোৱাৰ লগতে অন্তৰত বহু দুখ পাইছিলোঁ৷ কাৰণ ময়ো সদৌ অসম ছাত্র সন্থাৰ সাধাৰণ সম্পাদক আছিলোঁ৷ কিন্তু পৱিত্র ছাত্র সন্থাৰ মজিয়া কলুষিত নকৰাকৈ ছাত্র সন্থাৰ পৰা বিদায় লৈ অভিবর্তনৰ জৰিয়তে আঞ্চলিক ৰাজনৈতিক দল লৈ আহিলোঁ৷ এতিয়া একাংশই বিধায়ক–মন্ত্রী হোৱাৰ লোভত সদৌ অসম ছাত্র সন্থাৰ মজিয়া কলুষিত কৰিছে৷’ জননেতা তথা অসম চৰকাৰৰ প্রাক্তন মন্ত্রী প্রয়াত প্রবীণ কুমাৰ গগৈৰ পঞ্চম মৃত্যু বার্ষিকী উপলক্ষে গোলাঘাট জিলাৰ গণকপুখুৰীত স্থায়ী আৱক্ষ মূর্তি উন্মোচন কৰি এখন ৰাজহুৱা সভাত অংশগ্রহণ কৰি এই মন্তব্য কৰে অগপ সভাপতি অতুল বৰাই৷

মন্ত্রী অতুল বৰাই আৰু কয় যে প্রবীণ কুমাৰ গগৈৰ বিয়োগত অগপৰ বহু ক্ষতি হ’ল৷ অসম আন্দোলনৰ বহু সৈনিক আজি নাই দলটোত নাই৷ অগপ দলটোক সেই সকলৰ আদর্শৰে আগুৱাই লৈ যোৱাৰ বাবে আপ্রাণ চেষ্টা কৰা হৈছে৷ দলটোৰ প্রগতিৰ বাবে নতুন মুখৰ আমদানি কৰা হৈছে বুলি উল্লেখ কৰে মন্ত্রী বৰাই প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কৈছিল বিদেশী খেদাৰ কথা৷ প্রধান মন্ত্রীৰ লগত অগপ মত মিলিছিল৷ সেয়ে দলটো জীয়াই ৰখাৰ স্বার্থত বিজেপিৰ লগত মিত্রতা কৰিছিলোঁ৷ আৰু এতিয়া ৬ নং দফাৰ কাম কার্যকৰী কৰাৰ দিশে আগবাঢ়িছে কেন্দ্রীয় চৰকাৰ৷ অগপক বিজেপিৰ নেগুৰত ধৰা বুলি উপলুঙা কৰাসকলে এতিয়া কংগ্রেছ এআইইউডিএফৰ লগত মিত্রতা কৌশল ৰচনা কৰিছে বুলি মন্তব্য কৰি মন্ত্রী অতুল বৰাই কয় যে নতুন আঞ্চলিক দল গঠন কৰিছে কৰক, কিন্তু অগপৰ পিঠিত এচাপৰ নমৰাকৈ কোনেও কথা ক’ব নোৱাৰে৷

মন্ত্রী বৰাই কয় যে অগপ জয়ঢ়োল নহয়৷ অগপ জন্ম হোৱাৰ অত বছৰৰ পাছত দলটোত ছাত্র পৰিষদৰ জন্ম দিয়া হৈছে৷ কাৰণ অগপত নতুন তেজৰ সন্ধান লাগে৷ নির্বাচন অহাৰ লগে লগে অভিযোগ হয়, ছাত্র সন্থাই অগপৰ হৈ ৰাজনীতি কৰিছে৷ সদৌ অসম ছাত্র সন্থাক আমি কোনো দিনে ৰাজনীতিত জডিত কৰা নাই৷ প্রয়াত জননেতা প্রবীণ কুমাৰ গগৈৰ স্থায়ী আৱক্ষ মূর্তি উন্মোচনী সভাত অংশগ্রহণ কৰি মন্ত্রী কেশৱ মহন্তই আঞ্চলিক ৰাজনৈতিক দলটোক অধিক শক্তিশালী ৰূপত পুনৰ গঢ়ি তুলিবলৈ ৰাইজক আহ্বান জনায়৷ এই অনুষ্ঠানত প্রাক্তন মন্ত্রী বিনোদ গুৱলা, অগপ মহিলা পৰিষদ, যুৱ পৰিষদ, ছাত্র পৰিষদৰ বিষয়ববীয়াৰ লগতে জিলাখনৰ বহু অগপ নেতাই অংশগ্রহণ কৰে৷

You might also like