অসমত নির্বাচনৰ পৰিৱেশ ৰচনা হোৱাৰ লগে লগে বদৰুদ্দিন আজমলৰ নামটো লৈ কংগ্রেছ অথবা আন দলবোৰে টনা–আঁজোৰা কৰি থকাটো এটি পৰম্পৰা হৈ পৰিছে৷ কিয়নো তেওঁ ধর্মীয় সংখ্যালঘুসকলৰ প্রতিনিধি আৰু তেওঁলোকৰ দল এ আই ইউ ডি এফৰ মুৰব্বী৷
এসময়ত পূর্বৰ মুখ্যমন্ত্রী তৰুণ গগৈয়ে বদৰুদ্দিন আজমলৰ নাম ওলালেই ‘হু ইজ বদৰুদ্দিন?’ বুলি গৰজি উঠিছিল৷ সেই একেজন গগৈয়ে বদৰুদ্দিন আজমলক বুকুৰ আপোন কৰি ক্ষমতা দখলৰ বাবে উঠিপৰি লাগিছে৷বহু তথাকথিত বুদ্ধিজীৱীও কংগ্রেছৰ লগ হৈ বৃহৎ জেজাটবন্ধনৰ প্রচেষ্টা চলাইছে৷ সকলোৰে উদ্দেশ্য মাথোঁ এটাই– যেন তেন প্রকাৰে বিজেপি (ভাৰতীয় জনতা পার্টী)ক অসমৰ শাসনৰ গাদীৰ পৰা উৎখাত কৰা৷
আমি এটা কথা বুজি পোৱা নাই যে অসমৰ ৰাজনীতিত বদৰুদ্দিন আজমলক দলসমূহে বা ৰাজনীতিকসকলে ইমান গুৰুত্ব দিয়াৰ অন্তৰালত কি ৰহস্য লুকাই আছে৷ আমাৰ বোধেৰে সংখ্যালঘুসকলৰ ভোট আহৰণ কৰি নির্বাচনী বৈতৰণী পাৰ হোৱাৰ অভিসন্ধি যেন অনুমান হয়৷ ফলত অসমৰ ৰাজনীতিত আজমলৰ প্রাধান্য ইমান বাঢ়িছে যে তেওঁ অসমৰ কাকো গুৰুত্ব নিদিয়া হৈছে৷ নিজ খেয়ালখুচি মতে যি মন যায় কৰি থাকি ৰাজনৈতিক ক্ষেত্রখন কলুষতাৰে ভৰাই পেলাইছে৷ শেহতীয়াকৈ অসমতে আৰবী ভাষাত লিখা বেনাৰ আঁৰি ৰাজহুৱা সভা অনুষ্ঠিত কৰি অসম তথা অসমীয়াৰ স্বাভিমানত আঘাত হানিছে৷
অসমৰ বায়ু–পানী সেৱন কৰি অসমীয়া ভাষাৰ প্রতি তিলমানো শ্রদ্ধা– ভক্তি দেখুৱাব নোৱাৰিলে ‘অচমৰ অচমীয়া আমাৰ ভাচা’ বুলি কোৱাৰ কিবা অর্থ থাকিব পাৰেনে? সাম্প্রদায়িক ভাবনাৰে অসমৰ ভাষা–সংস্কৃতিৰ প্রতি ভাবুকিৰ সৃষ্টি কৰিব পৰাকৈ ইমান স্পর্ধা কিয়, ই চিন্তা কৰি চাবলগীয়া বিষয়৷ তাৰ পিছতো এই দলটোৰ সৈতে মিতিৰালি পাতি নির্বাচনত বিজয়ী হোৱাৰ সপোন দেখি কটাইছে অসমৰ তথাকথিত কংগ্রেছ তথা বাঁওপন্থী ৰাজনীতিকসকলে৷
এনে প্রেক্ষাপটতে হিমন্ত বিশ্ব শর্মাই ক’বলৈ প্রয়াস কৰিছে এইবুলি– ‘২০২১ চনৰ নির্বাচনত কংগ্রেছৰে মিত্রতা গঢ়ি বিজেপিক ক্ষমতাচ্যুত কৰাৰ লক্ষ্য লোৱা এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলে অসমখন ভাগ ভাগ কৰাৰ ষডযন্ত্রত লিপ্ত হৈছে৷’ এনে দুর্ঘোৰ ষডযন্ত্র প্রতিহত কৰিবলৈ অসমৰ সমূহ ৰাইজে ঐক্যবদ্ধ হৈ থিয় দিয়াৰ সময় আহি পৰিছে৷ অসমখন প্রতি পদে পদে বিদেশী ষডযন্ত্রকাৰীৰ কূট–কৌশলৰ বলি হৈ আহিছে৷ আমাৰ এষাৰ কথা আছে– ‘মাউখে উটিলে গুৰি পৰুৱাৰ মৰণ নাই৷’ এই আপ্তবাক্যশাৰী সাৰোগত কৰি অসমীয়াই অস্তিত্ব ৰক্ষাৰ আবে মৰণপণ যুঁজ দিয়া অতীব প্রয়োজন৷ আমাৰ ভাষা–সংস্কৃতি নিঃশেষ হৈ যোৱাৰ উপক্রম হৈছে৷ ইয়াৰ বাবে বহিঃশক্তিবোৰ ঘাইকৈ জগৰীয়া৷ তাতে হাত উজান দিছে আমাৰ এচাম অদূৰদর্শী লোকে৷ কেৱল জানো সেয়ে আমাৰ ভৰিৰ তলৰ মাটিখিনিও নোহোৱা হোৱাৰ উপক্রম হৈছে৷ ব্রিটিছ শাসনৰ সময়ছোৱাৰ পৰা মহম্মদ ছাদুল্লাৰ ৰাজত্ব কাললৈকে অসম বিদেশীৰ ৰম্যভূমি হৈ পৰিছে৷ খাদ্য শস্য উৎপাদন বৃদ্ধিৰ নামত পূর্বৰ পূব পাকিস্তান বর্তমান বাংলাদেশৰ পৰা পমুৱা মুছলমান আনি অসমত সংস্থাপিত কৰিছিল৷ অসমৰ বৃহৎসংখ্যক ভূমিত তেওঁলোকক সংস্থাপন দিয়া হৈছিল৷ সেই ধাৰাবাহিকতা আজিও বর্তি আছে৷ সেই সময়তে ছাদুল্লাৰ খিলঞ্জীয়াবিৰোধী মনোভাব প্রত্যক্ষ কৰি ব্রিটিছ বৰলাট লর্ড বেভেলে ছাদুল্লা মন্ত্রীসভাই অসমত ‘অধিক শস্য গজোৱাৰ অজুহাতত অধিক মুছলমান গজোৱাৰ অভিযান’ চলোৱা বুলি মন্তব্য কৰিছিল৷ একেই ষডযন্ত্র আজিও বর্তি আছে৷ কেৱল মানুহখিনিহে সলনি হৈছে৷
অসমীয়া ভাষা–সংস্কৃতিৰ সৈতে জীন যাব নোখোজা এটা সম্প্রদায়ৰ সৈতে আমাৰ হাডে– হিমজুৱে অসমীয়াখিনিয়ে হাত মিলাই নিজকে লঘু কৰি পেলালে৷ আৰু দলটোক আসৈ দি ৰাজনৈতিক ক্ষেত্রখন কলুষতাৰে ভৰাই পেলালে৷ এই কথা উপলব্ধি হোৱা নাইনে? ৰাজনীতিকসকলৰ বোধশক্তি থকাহেঁতেন আজি অসমীয়াৰ অসমতে এনে দুৰৱস্থা নহ’লহেঁতেন ‘এইখন লাচিতৰ দেশ, আমাৰ সিৰাই সিৰাই লাচিতৰ তেজ প্রৱাহিত হৈ আছে’ বুলি উদাত্ত কণ্ঠৰে চিঞৰি চিঞৰি ভাষণ দিয়াসকলে বিদেশীৰ শৰণাপন্ন হোৱাৰ কিবা যুক্তি আছে বুলি আমি অন্ততঃ নাভাবোঁ৷
এইখন চাওলুং চ্যুকাফাৰ দেশ৷ সকলো জনগোষ্ঠীৰ সমন্বয়ৰ থলী৷ ইয়াত বিদেশীকবৰপীৰা পাৰি বহুওৱাৰ কিবা যুক্তি আছেনে? দেখ দেখকৈ আজমলে বিদেশীক প্রতিনিধিত্ব কৰে৷ গতিকে বদৰুদ্দিন আজমলক অসমৰ ৰাজনীতিত গুৰুত্বপূর্ণ ভূমিকা লোৱাৰ পৰা নিলগত ৰখাৰ প্রয়াস কৰা অতীব প্রয়োজন৷ অন্যথা অসম বিদেশী লোকৰ চৰণীয়া পথাৰ হ’বলৈ সৰহ দিন নালাগিব৷ অসমৰ ৰাজনীতিকসকলৰ অদূৰদর্শিতাৰ বাবে অসমত নোহোৱা–নোপজা কথা–কাণ্ডৰ সৃষ্টি হ’বলৈ পাইছে৷ এনে কথা–কাণ্ড বন্ধ হোৱা আৱশ্যক৷ মুঠৰ ওপৰত অসমৰ ৰাজনীতিত বদৰুদ্দিন আজমলৰ প্রাসংগিকতা থাকিব নালাগে৷ অসমৰ সকলো জনগোষ্ঠী ঐক্যবদ্ধ হৈ বহিঃদেশৰ ষডযন্ত্র প্রতিহত কৰাৰ বাবে এইবাৰ নির্বাচনতেই সংকল্প লোৱা আৱশ্যক৷ অন্যথা অসমতে অসমীয়া ভগনীয়া হ’বলৈ সৰহ পৰ নালাগিব৷