নলবাৰী–মঙলদৈত বিজেপিৰ নৱনিযুক্ত ৰাষ্ট্রীয় সম্পাদক শইকীয়াক সম্বর্ধনা
দলীয় কর্মীৰ সহায়–সহযোগত ৰাষ্ট্রীয় নেতৃত্বই দিয়া গুৰু দায়িত্ব নিষ্ঠাৰে পালনৰ অংগীকাৰ
নিয়মীয়া বাৰ্তা ১৪ অক্টোবৰঃ বিজেপিৰ ৰাষ্ট্রীয় সাধাৰণ সম্পাদকৰ দৰে গুৰুত্বপূর্ণ পদৰ দায়িত্ব লাভৰ পাছত মঙলবাৰে মঙলদৈত বিপুলভাৱে সম্বর্ধিত হ’ল যুৱ সাংসদ দিলীপ শইকীয়া৷ সমষ্টিৰ দুই সহস্রাধিক লোকে শইকীয়াক সমর্ধনা জনায়৷ মঙলদৈ আৰু ছিপাঝাৰৰ ২ বিধায়কক কাষত বহুৱাই শইকীয়াই কয়– ‘সমাগত নির্বাচনত কংগ্রেছ আৰু এআইইউডিএফৰ মিত্রতাই কংগ্রেছৰ ক্ষতিহে কৰিব৷ বিজেপিৰ প্রতি ৰাইজৰ আস্থা, সমর্থন আজিও অব্যাহত আছে৷’ লক্ষণীয় যে মঙলদৈত বিজেপিৰ দৰং জিলা যুৱ মর্চাৰ প্রথমখন কার্যনির্বাহকৰ সৈতে আয়োজিত হৈছিল শইকীয়াক ৰাষ্ট্রীয় সাধাৰণ সম্পাদক নিযুক্ত কৰাক লৈ সম্বর্ধনা সভা৷ সভাত অংশগ্রহণ কৰি সাংসদ শইকীয়াই কংগ্রেছ দলে এআইইউডিএফৰ সৈতে মিত্রতা কৰি নিজৰ ভৰিৰ কুঠাৰ নিজে মৰা বুলি মন্তব্য কৰে৷ এআইইউডিএফৰ সৈতে মিত্রতাৰ কথা পোহৰলৈ অহাৰ লগে লগে খিলঞ্জীয়া অসমীয়াই কংগ্রেছ দলক প্রত্যাখ্যান কৰা বুলি তেওঁ মন্তব্য কৰে৷ ৰিপুণবৰাই অলীক কল্পনাৰে অধিক আসন লাভ কৰাটো এক দিবাস্বপ্ণ বুলি সাংসদ শইকীয়াই মন্তব্য কৰে৷ তেওঁ কয় যে ভাৰতীয় জনতা পার্টীয়ে দেশৰ স্বার্থত কাম কৰি আহিছে আৰু ভাৰতীয় সংস্কৃতি, সনাতনী ধর্ম আৰু ৰাষ্ট্রীয় ভাবাদর্শত বিশ্বাসী দল হিচাপে ৰাইজে আকোৱালি লৈছে৷ দৰং জিলা বিজেপিৰ যুৱ মর্চাৰ সভাপতি দিব্যজ্যোতি শর্মাৰ সভাপতিত্বত অনুস্থিত সভাখনৰ আঁত ধৰে সাধাৰণ সম্পাদকদ্বয় বিতোপন ডেকা আৰু জোতি প্রসাদ ডেকাই৷ সভাখনত শইকীয়াই আৰু কয় যে দেশত বহু দল জন্ম হ’ল আৰু বহু নোহোৱা হ’ল ৷ বহু দল বহুবাৰ বিভাজিত হৈছে কিন্তু ভাৰতীয় জনতা পার্টীৰ ইতিহাসত ৰাষ্ট্রীয় দল হিচাপে এবাৰো বিভাজিত হোৱা নাই৷ দলৰ সদস্যসকলেও দেশ সেৱাৰ মনোভাবেৰে কাম কৰি অহাৰ বাবেই আজি দলটো শক্তিশালী হৈ পৰিছে৷ আনহাতে, সাংসদগৰাকীয়ে মঙলদৈ চহৰৰ সোঁমাজেৰে যোৱা ১৫নং ৰাষ্ট্রীয় ঘাইপথৰ বাইপাছৰ কাম অহা মাহতেই শুভাৰম্ভ কৰা হ’ব বুলিও জানিব দিয়ে৷ চহৰৰ দক্ষিণ দিশেৰে নির্মাণ হ’বলগীয়া পথছোৱাৰ বাবে ইতিমধ্যে ভূমি অধিগ্রহণ আৰু জৰীপ সম্পন্ন হৈছে৷ ইয়াৰ লগে লগে মঙলদৈবাসীৰ দীর্ঘদিনীয়া এক সমস্যাৰ সমাধান হোৱাৰ পথত৷ সভাত শইকীয়াই মঙলদৈবাসীৰ বাবে শীঘ্রে আৰু ভাল খবৰ আহিব বুলি জানিব দিয়ে৷ ইতিমধ্যে ছিংগাপুৰ চৰকাৰৰ সৈতে চুক্তিবদ্ধ হোৱা প্রস্তাৱিত স্কিল বিশ্ববিদ্যালয়ৰ কামো অতিশীঘ্রে আৰম্ভ হ’ব বুলি তেওঁ দাবী কৰে৷ উক্ত সভাত ৰাজ্যিক সাধাৰণ সম্পাদক ফণীন্দ্র শর্মা, মঙলদৈৰ বিধায়ক গুৰুজ্যেতি দাস, ছিপাঝাৰৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়া, মিডিয়া পেনেলিষ্ট প্রণৱ বৰুৱা, দৰং জিলা পৰিষদৰ সভাপতি ধীৰেন ডেকা, দৰং জিলা বিজেপিৰ সভাপতি অমৰেন্দ্র শর্মা, সাধাৰণ সম্পাদকদ্বয় মিহিৰ চহৰীয়া আৰু মণ্টু ডেকা, ৰাজ্যিক কার্যনির্বাহক নীলিমা দেৱীয়ে অংশগ্রহণ কৰে৷ মঙলদৈৰ সাংসদগৰাকীয়ে দলৰ ৰাষ্ট্রীয় সাধাৰণ সম্পাদক হিচাপে নির্বাচিত হোৱাৰ পাছত কেৱল দলীয় কর্মীয়েই নহয়, মঙলদৈৰ বিভিন্ন অনুষ্ঠান–প্রতিষ্ঠানেও বিপুল সম্বর্ধনা জ্ঞাপন কৰে৷
নলবাৰীত বিজেপিৰ ৰাষ্ট্রীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াক বিপুল সম্বর্ধনা
মঙলবাৰে সন্ধিয়া সাংসদ তথা বিজেপিৰ নৱনিযুক্ত ৰাষ্ট্রীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াক বিজেপিৰ নলবাৰী জিলা সমিতিয়ে সম্বর্ধনা জ্ঞাপন কৰে৷ উল্লেখ্য যে জিলাখনৰ ৫৯নং নলবাৰী বিধানসভা সমষ্টিৰ দেহাৰকুছি গাঁও পঞ্চায়তৰ অন্তর্গত পূর্ণকামদেৱ গাঁওৰ শিক্ষক প্রবীণ শইকীয়াৰ বৰপুত্র দিলীপ শইকীয়া৷ নিজৰ কর্মদক্ষতা, দলৰ বাবে কষ্ট– ত্যাগ আৰু আত্মবলিদানৰ বাবেই আজি জিলিকি উঠা শইকীয়াক প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাই ৰাষ্ট্রীয় সাধাৰণ সম্পাদক হিচাপে দায়িত্ব দিয়ে৷ নলবাৰী জিলা বিজেপিৰ উদ্যোগত জিলা যুৱ মর্চাৰ কার্যকর্তাসকলে সন্ধিয়া ৬.৩০ বজাত সাংসদ শইকীয়াক ৩১নং ৰাষ্ট্রীয় ঘাইপথৰ পৰা বাইক ৰেলীৰে আদৰি আনে নলবাৰী নাট্য মন্দিৰলৈ৷ বিজেপিৰ জিলা সাধাৰণ সম্পাদক পুলক কুমাৰ শর্মাই আঁত ধৰা অনুষ্ঠানটোত আদৰণি ভাষণ দিয়ে জিলা সভাপতি ডাঃ মৃগাংক তালুকদাৰে৷ সম্বর্ধনা সভাখনত উপস্থিত থাকে নলবাৰী জিলাৰ ধর্মপুৰ সমষ্টিৰ বিধায়ক তথা মন্ত্রী চন্দ্রমোহন পাটোৱাৰী, নলবাৰী সমষ্টিৰ বিধায়ক অশোক শর্মা, নলবাৰী জিলা প্রভাৰী মনোজ বৰুৱা, নলবাৰী জিলা উন্নয়ন প্রাধিকৰণৰ অধ্যক্ষ তথা বঙাইগাঁও জিলা বিজেপিৰ প্রভাৰী বনদ্বীপ ডেকা, নলবাৰী জিলা পৰিষদৰ অধ্যক্ষ নিতুল ডেকা, ৰাজ্যিক সমবায় কোষৰ সহঃ আহ্বায়ক দিলজিৎ বর্মন, ৰাজ্যিক নেতা ত্রিনয়ন বর্মন, শৰৎ বর্মন, জিলা মহিলা মর্চাৰ সভানেত্রী অঞ্জনা বর্মন আদিকে ধৰি বিজেপিৰ নেতা–কর্মীসকলৰ উপৰি দলীয় সমর্থকসকল৷ আনহাতে, জিলা সম্পাদক পুলক কুমাৰ শর্মাই আঁত ধৰা সম্বর্ধনা অনুষ্ঠানত সাংসদগৰাকীক জিলা বিজেপিৰ আঠখন মণ্ডল সমিতিৰ সভাপতি–সম্পাদকৰ উপৰি মণ্ডল সমিতিসমূহৰ বিভিন্ন মর্চা, জিলা মহিলা মর্চা, জিলা কিষাণ মর্চা, জিলা যুৱ মর্চা, জিলা সংখ্যালঘু মর্চা, জিলা এছটি মর্চা, জিলা অ’বিচি মর্চা, নলবাৰী শ্রীশ্রী হৰিমন্দিৰ সমিতি, মটৰ পৰিবহণ সন্থা, নলবাৰী নাট্য মন্দিৰ, শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়কে ধৰি শতাধিক সংগঠন, অনুষ্ঠান–প্রতিষ্ঠানে সম্বর্ধনা জ্ঞাপন কৰে৷ দলীয় কার্যকর্তাৰ সম্বর্ধনা আৰু বিভিন্ন অনুষ্ঠানৰ আন্তৰিক অভিনন্দন তথা সম্বর্ধনা গ্রহণ কৰি ৰাষ্ট্রীয় সাধাৰণ সম্পাদক শইকীয়াই কয়– এই সকলো সম্ভৱ হৈছে বিজেপি দলৰ নিষ্ঠাৱান নেতা–কর্মীসকলৰ বাবে৷ আজি মই আপোনালোকৰ পৰা সম্বর্ধনা গ্রহণ কৰি গৌৰৱান্বিত হোৱা নাই৷ মই অকলে দল নহয়৷ মই সৰুৰে পৰা সংঘৰ আদর্শৰে অনুপ্রাণিত হৈ আহি দলৰ হৈ তৃণমূল পর্যায়ৰ পৰা কাম কৰিছেছা৷ বহুত ধুমুহা পাৰ হৈ গৈছে মোৰ মুৰৰ ওপৰেদি৷ বহু ভাবুকি পাইছিলোঁ৷ কিন্তু মই নিষ্ঠা সহকাৰে সংগঠনৰ কাম কৰি পৰৱর্তী সময়ত দলৰ কাম কৰিছেছা৷ দলে যেনেদৰে বিচাৰিছে তেনেদৰে কাম কৰিছোঁ৷ এতিয়া দলৰ ৰাষ্ট্রীয় নেতৃত্বতই মোৰ ওপৰত গুৰুদায়িত্ব দিছে৷ গতিকে এই দায়িত্ব সুচাৰুৰূপে চলাই নিবলৈ যত্নৰ ত্রুতি নকৰোঁ৷ কেৱল লাগে আপোনালোকৰ সমর্থন আৰু সহায়–সহযোগ৷