লম্পট অধ্যক্ষৰ শাস্তিৰ দাবীত উত্তাল বিদ্যাপুৰ
কার্যালয়তে ছাত্রীক যৌন নির্যাতনৰ চেষ্টা তমছেৰ আলী আহমেদৰ
নিয়মীয়া বাৰ্তা ১৪ অক্টোবৰঃ বঙাইগাঁও জিলাৰ বিদ্যাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ তমছেৰ আলী আহমেদে এগৰাকী ছাত্রীৰ শ্লীলতা হানিৰ অপচেষ্টা চলোৱাক লৈ অঞ্চলটোত তীব্র উত্তেজনাৰ সৃষ্টি হৈছে৷ সোমবাৰে বিদ্যালয়ত পাঠদান চলি থকাৰ সময়তে সংঘটিত হয় ঘটনাটো৷ অভিযুক্ত অধ্যক্ষ আহমেদক শাস্তিৰ দাবীত নিশাই স্থানীয় শতাধিক পুৰুষ–মহিলাই আৰক্ষী চকী ঘেৰাও কৰে৷ মঙলবাৰে পুনৰ পুৱাই অঞ্চলৰ বিভিন্ন দল–সংগঠন, মহিলা সমিতিৰ উদ্যোগত স্থানীয় ৰাইজৰ উপৰি বিদ্যালয়খনৰ ছাত্র–ছাত্রীয়ে তালগুৰি–বাসুগাঁও গড়কাপ্টানী পথ অৱৰোধ কৰে৷ উল্লেখ্য যে সোমবাৰে দিনৰ ১২ মান বজাত বিদ্যালয়খনৰ পাঠদান অৱ্যাহত থকাৰ সময়তে এগৰাকী নৱম শ্রেণীৰ ছাত্রীয়ে নিজৰ পৰিচয়–পত্রখনত অধ্যক্ষৰ স্বাক্ষৰ ল’বলৈ যায়৷ সেই সময়তে আন এগৰাকী মহিলাই একে কামত অধ্যক্ষৰ কোঠালিত প্রৱেশ কৰে৷ অধ্যক্ষ আহমেদে ছাত্রীগৰাকীক ৰবলৈ দি পিছত প্রৱেশ কৰা মহিলাগৰাকীৰ কামটো লগে লগে সম্পাদন কৰি যাবলৈ দিয়ে৷ ইয়াৰ পিছতে অধ্যক্ষগৰাকীয়ে ছাত্রীগৰাকীয়ে পৰিধান কৰি থকা মাস্কখন খুলিবলৈ দি অশ্লীল ইংগিত দিয়ে৷ আনকি অধ্যক্ষ আহমেদে ছাত্রীগৰাকীৰ শৰীৰত হাত দি যৌন নির্যাতনৰ চেষ্টা চলায়৷ ছাত্রীগৰাকীয়ে নিজৰ শিক্ষাগুৰুৰ এনে কু–কাণ্ড প্রত্যক্ষ কৰি ভয়ত কম্পমান হৈ পৰে৷ পিছত ছাত্রীগৰাকী কোনোমতে বিদ্যালয়ৰ পৰা ওলাই আহি সমস্ত ঘটনাৰ বিষয়ে পৰিয়ালক অৱগত কৰে৷ লগে লগে ছাত্রীগৰাকীৰ পৰিয়ালে ঘটনা সংক্রান্তত বিদ্যাপুৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰে৷
ইফালে, এই ঘটনা বিয়পি পৰাত সোমবাৰে নিশাই শতাধিক পুৰুষ–মহিলা ওলাই আহি বিদ্যাপুৰ আৰক্ষী চকী ঘেৰাও কৰি অধ্যক্ষ আহমেদক গ্রেপ্তাৰৰ দাবী তুলি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷ উত্তৰ শালমাৰা মহকুমাৰ মহকুমা আৰক্ষী বিষয়াগৰাকী আৰক্ষী চকীটোত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণ কৰে৷ আজি পুনৰ আক্রাছু, কে আৰ এছ এছ, মহিলা সমিতি আদি বিভিন্ন সংগঠনৰ উদ্যোগত স্থানীয় ৰাইজ আৰু বিদ্যালয়খনৰ ছাত্র–ছাত্রীয়ে অভিযুক্ত অধ্যক্ষগৰাকীৰ উপযুক্ত শাস্তিৰ দাবীত তালগুৰি– বাসুগাও গড়কাপ্টানী পথ অৱৰোধ কৰি তীব্র প্রতিবাদ সাব্যস্ত কৰে৷ বিদ্যালয়খনৰ সন্মুখত ৰূপায়ণ হোৱা অৱৰোধস্থলীত পিছত বঙাইগাঁও জিলা বিদ্যালয়সমূহৰ পৰিদর্শক উপস্থিত হৈ অধ্যক্ষগৰাকীক আজিৰ ভিতৰত তাৎক্ষণিকভাৱে নিলম্বনৰ প্রতিশ্রুতি দিয়াত প্রতিবাদকাৰীসকলে অৱৰোধ কার্যসূচীৰ সামৰণি পেলায়৷ ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰা অধ্যক্ষ আহমেদক বর্তমানলৈ আৰক্ষীয়ে গ্রেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই৷ অৱশ্যে অধ্যক্ষ আহমেদৰ ধনতোলাৰ বাসভৱনত অভিযান চলাই তেওঁৰ এখন চাৰিচকীয়া বাহন জব্দ কৰিছে আৰক্ষীয়ে৷ উল্লেখ্য যে শিক্ষক আৰু ছাত্র–ছাত্রীৰ পৱিত্র সম্পর্কক কলংকিত কৰা আহমেদ ইয়াৰ পূর্বেও এনে কুকর্ম সংঘটিত কৰি শাস্তিৰ সন্মুখীন হৈছিল৷ শেহতীয়াভাৱে চাপৰত অভিযুক্ত অধ্যক্ষক আৰক্ষীয়ে গ্রেপ্তাৰ কৰে৷