মৰিগাঁৱত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ আবক্ষ মূর্তি–মুকলি মঞ্চ উন্মোচন
১৫৬সংখ্যক জন্মদিনত সাহিত্যৰথীক স্মৰণঃ ওপজা ভূমি আঁহতগুৰিত সাহিত্য পূজাৰীক শ্রদ্ধার্ঘ্য
নিয়মীয়া বাৰ্তা ১৫ অক্টোবৰঃ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই আজিৰ দিনটোত যদিহে জন্ম নহ’লহেঁতেন আমি এজন সাহিত্যৰ খনিকৰ তথা প্রবাদমান পুৰুষ নাপালোঁহেঁতেন৷ মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ পিছতেই অসমীয়া ভাষা সাহিত্যৰ ক্ষেত্রখনত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ স্থান আমি দিব লাগিব৷ সাহিত্যৰথী বেজবৰুৱাই অসমীয়া জাতীয় জীৱনলৈ যি অৱদান আগবঢ়ালে সেৱা আমি সকলোৱে স্বীকাৰ কৰিব লাগিব৷ –এই মন্তব্য অসম সাহিত্য সভাৰ প্রধান সম্পাদক যাদৱ শর্মাৰ৷ আজি মৰিগাঁৱত অসমৰ জাতীয় জীৱনৰ প্রবাদমান পুৰুষ, কুৰি শতিকাৰ শ্রেষ্ঠ অসমীয়া সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ পৱিত্র জন্ম দিৱসত মৰিগাঁও সাহিত্য সভাৰ কার্যালয় শশীকান্ত হাজৰিকা ভৱন প্রাংগণত লক্ষ্মীনাথ বেজবৰুৱাৰ এক আবক্ষমূর্তি উন্মোচন কৰি অসম সাহিত্য সভাৰ প্রধান সম্পাদক শর্মাই কয়– জোনাকী যুগত যদি ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই মৌখিক সাহিত্য, লোকসাহিত্যক এটা সুন্দৰভাৱে আধুনিক পর্যায়লৈ নিনিলে হয় আমি অসমীয়া ভাষা– সাহিত্যপ্রেমীসকলে অসমীয়া সাহিত্যৰ পৰা বঞ্চিত হ’লোঁহেঁতেন৷ তেওঁ কয় যে বেজবৰুৱাই গল্প, কবিতা, নাট্য, সাহিত্যৰ ক্ষেত্রখনলৈ এক নতুন মাত্রা প্রদান কৰি গৈছে৷ উল্লেখ্য যে লক্ষ্মীনাথ বেজবৰুৱাৰ ১৫৭সংখ্যক ওপজা দিনৰ লগত সংগতি ৰাখি মৰিগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত মৰিগাঁও জিলা পৰিষদৰ পুঁজিৰে শশীকান্ত হাজৰিকা ভৱন প্রাংগণত স্থাপন কৰা ৰসৰাজৰ আবক্ষ মূর্তি উন্মোচন অনুষ্ঠানটো দিনজোৰাকৈ আজি অনুষ্ঠিত হয়৷ পুৱাৰ কার্যসূচী অনুসৰি মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি প্রতাপ হাজৰিকাই পতাকা উত্তোলনেৰে অনুষ্ঠানৰ শুভাৰম্ভণি কৰে৷ পর্যায়ক্রমে মৰিগাঁও জিলা সাহিত্য সভাৰ প্রাক্তন সভাপতি বুবুমণি গোস্বামীয়ে স্মৃতি তর্পণ কৰাৰ পিছতেই সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ আবক্ষমূর্তিৰ বেদীত বন্তি প্রজ্বলন কৰে অসম সাহিত্য সভাৰ কেন্দ্রীয় কার্যনির্বাহক মহেন্দ্র শইকীয়াই৷ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম দিৱসৰ লগত সংগতি ৰাখি আবক্ষ মূর্তি উন্মোচনৰ লগতে ধৰণী গোহঁায়ে আগবঢ়োৱা আর্থিক সাহায্যৰে কার্যালয় প্রাংগণত স্থাপন কৰা নৱনির্মিত মুকলি মঞ্চ উদ্বোধন কৰে মৰিগাঁও জিলা সাহিত্য সভাৰ প্রাক্তন সভাপতি তথা প্রতিষ্ঠাপক সম্পাদক হৰেন্দ্র বৰাই৷ পুৱা ১০.৪৫ বজাৰ পৰা মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি প্রতাপ হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত সন্মানীয় অতিথি হিচাপে অংশগ্রহণ কৰি সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্য সংস্কৃতিলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ ওপৰত ভাষণ দিয়ে অসম সাহিত্য সভাৰ প্রধান সম্পাদক যাদৱ শর্মা, মৰিগাঁও জিলা সাহিত্য সভাৰ প্রাক্তন সভাপতি হৰেন্দ্র বৰা, মৰিগাঁও জিলা পৰিষদৰ মুখ্য কার্যবাহী বিষয়া ক্ষীতিশ পেগু, অসম সাহিত্য সভাৰ কোষাধ্যক্ষ, বিশিষ্ট কবি প্রেমনাৰায়ণ নাথ আৰু অসম সাহিত্য সভাৰ নগাঁও আঞ্চলিক কার্যালয়ৰ সম্পাদক মৃণাল হাজৰিকাই৷ মৰিগাঁও জিলা সাহিত্য সভাৰ সম্পাদক পিনাকী ভূষণ মহন্তই আঁত ধৰা মুকলি সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্রহণ কৰে মৰিগাঁও জিলা উপায়ুক্ত লীনা দাস আৰু অতিৰিক্ত উপায়ুক্ত দেৱযানী চৌধুৰীয়ে৷ অনুষ্ঠানটোত আমন্ত্রিত অতিথি হিচাপে মৰিগাঁও জিলা সাহিত্য সভাৰ প্রাক্তন উপ–সভাপতি সৎৰাম দাস, বিৰিঞ্চি কুমাৰ শর্মা, চন্দ্রলেখা গোহঁাই লাহন, যুগল কিশোৰ চৌধুৰীৰ লগতে প্রাক্তন সম্পাদক ক্রমে লক্ষেশ্বৰ ডেকা, জয়ন্ত ডেকা, অজিত শর্মাই অংশগ্রহণ কৰে৷ সভাপতিৰ ভাষণত প্রতাপ হাজৰিকাই সাহিত্যৰথী বেজবৰুৱা জাতীয়তাবাদৰ প্রবক্তা বুলি উল্লেখ কৰি মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ পিছতেই বেজবৰুৱাৰ অৱদানৰ কথা ইতিমধ্যে সর্বজন স্বীকৃত হৈছে বুলি মন্তব্য কৰে৷ সভাপতি হাজৰিকাই মৰিগাঁও জিলা সাহিত্য সভাই ইতিপূর্বে ৰূপায়ণ কৰা কাম–কাজৰ সন্দর্ভতো এক বিস্তৃত প্রতিবেদন আগবঢ়ায়৷ জিলা সভাৰ সহকাৰী সম্পাদক তথা শিল্পী ভদ্রেশ্বৰ ডেকাৰ গীতে জীপাল কৰি তোলা অনুষ্ঠানটোত ৰোহিণী হাজৰিকা আৰু শিল্পী ৰাজু দাসকো আদৰণি জনোৱা হয়৷ আজিৰ সভাখনতেই মৰিগাঁও জিলা সাহিত্য সভাই মৰিগাঁৱত এটা জনগোষ্ঠীয় গৱেষণা কেন্দ্রৰ লগতে বেজবৰুৱাৰ ওপজা ভূমি আঁহতগুৰিত বেজবৰুৱাৰ নামত এক প্রকল্প গঢ়ি তুলিবলৈ অসম সাহিত্য সভাৰ ওচৰত আবেদন জনায়৷ সন্ধিয়া ভাগত মৰিগাঁও জিলা সাহিত্য সভাৰ দুগৰাকীকৈ উপ–সভাপতি মিহিৰ হাজৰিকা, চিমল দেউৰীৰ লগতে দুগৰাকীকৈ সহকাৰী সম্পাদক ভদ্রেশ্বৰ ডেকা আৰু প্রমোদ দাসে বন্তি প্রজ্বলনেৰে বেজবৰুৱাৰ ১৫৭সংখ্যক ওপজা দিনৰ অনুষ্ঠানটো সফল সামৰণি পেলায়৷ ইপিনে, বেজবৰুৱাৰ ওপজা ভূমি আহঁতগুৰিতো আজি আহঁতগুৰি আঞ্চলিক সাহিত্য সভা আৰু বেজবৰুৱা স্মৃতিৰক্ষা সমিতিয়েও সাহিত্যৰ পুজাৰীগৰাকীলৈ শ্রদ্ধা জ্ঞাপন কৰে৷ অনুষ্ঠানত অসম সাহিত্য সভাৰ হৈ প্রধান সম্পাদক যাদৱ শর্মা আৰু কেন্দ্রীয় নেতৃবৃন্দই অংশগ্রহণ কৰে৷
নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত সাহিত্যৰথীক স্মৰণ
নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত আজি ত্রৈলোক্যনাথ গোস্বামী পুথিভঁৰালত অসমীয়া সাহিত্যৰ কাণ্ডাৰী– সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ১৫৬সংখ্যক জন্ম দিৱস নান্দনিকভাৱে উদ্যাপন কৰা হয়৷ অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা কৰে নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই৷ সহকাৰী সম্পাদক শ্বাহ আলম আহমেদে আঁত ধৰা অনুষ্ঠানত সাহিত্যৰথীৰ প্রতিচ্ছবিৰ সন্মুখত বন্তি প্রজ্বলন কৰে অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক গোবিন্দ কলিতাই৷ মাল্যার্পণ কৰি নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্রুৱজ্যোতি শর্মাই কয় যে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাক বাদ দি অসমীয়া ভাষা আৰু সাহিত্যৰ নক্সা আঁকিব নোৱাৰি৷ অসমীয়া ভাষাৰ প্রতিটো দিশ তেওঁ বাৰুকৈয়ে চহকী কৰি থৈ গৈছে বুলিও সভাপতিয়ে ভাষণত উল্লেখ কৰে৷ স্মৃতি তর্পণ অনুষ্ঠান মুকলি কৰে নলবাৰী সাহিত্য সমাজৰ সম্পাদক নৱ কুমাৰ তালুকদাৰে৷ অনুষ্ঠানত নলবাৰী জিলা সাহিত্য সভাৰ সহকাৰী সম্পাদক নৰেশ্বৰ কলিতা আৰু কার্যালয় সম্পাদক মৃণ্ময় শর্মা, সাহিত্যানুৰাগী অংকিতা কলিতা, নৱদীপ বৰকটকী আৰু কংকণ বৈশ্যয়ো ভাগ লৈ বেজবৰুৱালৈ শ্রদ্ধার্ঘ্য নিবেদন কৰে৷ শেষত অসমীয়া জাতিৰ মহাপ্রাণ সাহিত্যৰথীৰ প্রতি শ্রদ্ধা নিবেদন কৰি অসম সংগীত পৰিৱেশন কৰা হয়৷