মুখ্যমন্ত্রী–বিত্তমন্ত্ৰী ঘোষণাক প্রত্যাহ্বান জনাই বিটিচি দখলৰ লক্ষ্য বিপিএফৰ
ৰাইজৰ কাষ চাপিবলৈ দলীয় কর্মীক আহ্বান হাগ্রামাৰ
নিয়মীয়া বাৰ্তা ১৬ অক্টোবৰঃ বাক্সা জিলাৰ বৰমাৰ জুলী মৈদামত বৃহস্পতিবাৰে বি পি এফৰ কেন্দ্রীয় কার্যনির্বাহক বৈঠক অনুষ্ঠিত হয়৷ অৱশ্যে এই বৈঠকত উপস্থিত নাছিল দলটোৰ কার্যকৰী সভাপতি তথা ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী৷ বি পি এফৰ সভাপতি তথা প্রাক্তন বিটিচিপ্রধান হাগ্রামা মহিলাৰীয়ে উক্ত কার্যনির্বাহক বৈঠকত অংশগ্রহণ কৰি আসন্ন বিটিচি নির্বাচনৰ প্রতি লক্ষ্য ৰাখি দলটোক ৰাইজৰ মাজলৈ লৈ যোৱাৰ বাবে চাৰিটা কার্যসূচী হাতত লোৱাৰ আহ্বান জনায়৷ সেই চাৰিটা কার্যসূচী হৈছে– ব্লক পর্যায়ত মহিলা সমাৱেশ অনুষ্ঠিত কৰা, বিদ্যালয়ত ছেনিটাইজেচনৰ ব্যৱস্থা কৰা, ধর্মীয় অনুষ্ঠানত অংশগ্রহণ কৰা আৰু মাস্ক বিতৰণ৷ দলৰ নেতা–কর্মীসকলক এই চাৰিটা কার্যসূচী গ্রহণ কৰিবলৈ মহিলাৰীয়ে নির্দেশ দিয়ে৷ তদুপৰি বিটিচিত ৰাজ্যপালৰ শাসনৰ প্রথম ছমাহ অন্ত পৰাৰ পূর্বে নির্বাচন অনুষ্ঠিত কৰিবলৈ বি পি এফৰ তৰফৰ পৰা কোনো সময়সীমা বান্ধি দিয়া নাই বুলিও মহিলাৰীয়ে প্রকাশ কৰে৷ দলৰ কার্যকৰী সভাপতি বিশ্বজিৎ দৈমাৰীৰ অনুপস্থিতিৰ প্রসংগত মহিলাৰীয়ে কয় যে বিশেষ কামৰ বাবে দৈমাৰী আজি সভাত উপস্থিত হ’ব পৰা নাই৷ দৈমাৰীয়ে এতিয়াও বি পি এফ দল ত্যাগ কৰা নাই বুলি তেওঁ তাৎপর্যপূর্ণ মন্তব্য কৰে৷ সেইদৰে কোকৰাঝাৰত অনুষ্ঠিত বিজেপিৰ জনজাতি মর্চাৰ বৈঠকত ‘নেডা’ৰ আহ্বায়ক তথা মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বিটিচি পৰিষদ এইবাৰ বিজেপিয়ে দখল কৰিব বুলি কৰা মন্তব্যত প্রতিক্রিয়া ব্যক্ত কৰি মহিলাৰীয়ে কয় যে বিজেপিৰ সভাপতি ৰঞ্জিত দাসে আগৰে পৰাই বিটিচি দখল কৰিব বুলি কৈ আহিছে৷ এইটো নতুন কথা নহয়৷ আনহাতে, বি পি এফ দলত থাকি বিৰোধী দলৰ সভা–সমিতিত একাংশ বি পি এফ নেতা উপস্থিত থকা সন্দর্ভত মহিলাৰীয়ে তেনে নেতাক দলৰ পৰা বহিষ্কাৰ কৰা হৈছে বুলি কয়৷
ইপিনে মহিলাৰীৰ সভাপতিত্বত অনুষ্ঠিত উক্ত বৈঠকত দলৰ উপ–সভাপতি তথা ভৈয়াম জনজাতি আৰু পিছপৰা শ্রেণী কল্যাণ বিভাগৰ মন্ত্রী চন্দন ব্রহ্মই কয় যে ইউ পি পি এলে বি টি আৰ সম্পর্কে বড়ো সমাজত প্রচাৰ চলাইছে যদিও অসমীয়াভাষী লোকৰ মাজত এই প্রচাৰে বিশেষ আকৃষ্ট কৰিব পৰা নাই৷ বি টি আৰ চুক্তিয়ে কোনো লোকৰ একো উপকাৰ সাধন কৰিব নোৱাৰে৷ তদুপৰি বিটিচি নির্বাচনৰ প্রক্রিয়া চলি থকাৰ মাজতে অসম চৰকাৰে অঞ্চলটোত বি টি আৰ হিচাপে ঘোষণা কৰা কার্যত মন্ত্রী ব্রহ্মই আশ্চর্য প্রকাশ কৰে৷ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দীর্ঘদিনীয়া দাবীৰ প্রসংগত ব্রহ্মই কয় যে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্রত বি পি এফৰ কোনো আপত্তি নাই, বৰং সমর্থনহে আছে৷ এই প্রসংগত অসম চৰকাৰৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ লগতে কোচ ৰাজবংশী সন্মিলনীৰ উপৰি কেইবাটাও সংগঠনৰ সৈতে সৌহার্দ্যপূর্ণ আলোচনা অনুষ্ঠিত হৈছে৷ এই আলোচনাত বি পি এফৰ সম্পূর্ণ সমর্থন আছে৷ সেইদৰে বিটিচি নির্বাচনৰ প্রসংগত ব্রহ্মই কয় যে ডিচেম্বৰ মাহত নির্বাচন অনুষ্ঠিত হোৱাটো খাটাং৷ আনহাতে, বিজেপিৰ নাম নোলোৱাকৈ তেওঁ কয় যে ইউ পি পি এলৰ সভাপতি প্রমোদ বড়োৱে কোনোবা দলৰ ছত্রছায়াত বি পি এফৰ বিৰুদ্ধে মন্তব্য কৰি আহিছে৷ কিন্তু সকলো জাতি–জনগোষ্ঠীৰ লগত সম্পর্ক ৰক্ষা কৰি অহা বি পি এফ এতিয়াও শক্তিশালী৷ বি পি এফক কোনোৱে ক্ষতি কৰিব নোৱাৰে৷ দুই–চাৰিজন লোকে বি পি এফ এৰি কংগ্রেছ বা বিজেপিকে ধৰি আন দলত যোগদান কৰিলেও পাছত পুনৰ বি পি এফলৈ ঘূৰি অহা বুলি তাৎপর্যপূর্ণ মন্তব্য কৰে৷ বি পি এফৰ আন এগৰাকী জ্যেষ্ঠ নেতা তথা বিটিচিৰ প্রাক্তন উপ–মুখ্য কার্যবাহী সদস্য খাম্ফা বৰগয়াৰীয়ে কয় যে ২০০৫ চনত গঠিত বি পি এফ দলে সকলো জাতি–জনগোষ্ঠীক লগত লৈ উন্নয়ন কৰি আহিছে৷ ইউ পি পি এলে জনগোষ্ঠীসমূহৰ মাজত বিভাজন আনিবলৈ চেষ্টা কৰিছে যদিও সফল নহয়৷ প্রমোদ বড়োৱে বি টি আৰ চুক্তিৰ কথা কৈ বড়ো জনগোষ্ঠীৰ মাজত যি কথা কৈছে, সেয়া পৰৱর্তী সময়তহে ৰাইজে বুজিব বুলি কটাক্ষ কৰে৷ ইপিনে দলৰ আন এগৰাকী উপ–সভাপতি তথা ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্রী ৰিহণ দৈমাৰীয়ে কয় যে কালি কোকৰাঝাৰত বিজেপিৰ এখন সভাত এইবাৰ বিটিচি বিজেপিয়ে দখল কৰিব বুলি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ঘোষণা কৰিছে৷ বিজেপিৰ সেই ঘোষণাক বি পি এফে প্রত্যাহ্বান হিচাপে গ্রহণ কৰিব লাগে বুলি তেওঁ মন্তব্য কৰে৷ সভাপতি মহিলাৰীৰ উপস্থিতিতে মন্ত্রী দৈমাৰীয়ে আৰু কয় যে ইতিহাসৰ পৰা চালে একেৰাহে ১৫ বছৰ শাসন কৰাৰ পাছত এটা দলে কাচিৎহে ২০ বছৰ শাসন কৰিব পাৰে৷ বি পি এফ দলেও ইতিমধ্যে বিটিচি শাসন কৰাৰ ১৫ বছৰ কাল সম্পূর্ণ হৈছে৷ সেয়ে আসন্ন বিটিচি নির্বাচনত প্রকৃততে বি পি এফৰ বিজয় হ’ব নে নহ’ব, সেইটোহে কথা৷ দলে জনসাধাৰণৰ কাষ চাপিবলৈ নির্ধাৰণ কৰা চাৰিটা কার্যসূচীৰ ভিতৰত এটা হৈছে ধর্মীয় অনুষ্ঠানত অংশগ্রহণ৷ এই কার্যসূচী ৰূপায়ণ কৰিবলৈ যাওঁতে কাৰো ধর্মৰ প্রতি আঘাত নকৰাকৈ নির্বাচন সম্পর্কে আলোচনা কৰাটো ভাল বুলি তেওঁ মন্তব্য কৰে৷ আজিৰ এই সভাত দলৰ বিধায়ক থানেশ্বৰ বসুমতাৰী, মনেশ্বৰ ব্রহ্ম, কেন্দ্রীয় সাধাৰণ সম্পাদক প্রবীণ বড়ো, সম্পাদিকা অঞ্জলি দৈমাৰী, প্রাক্তন কার্যবাহী সদস্য অংশুমৈ খুংগুৰ বড়ো, প্রাক্তন বিধায়ক হিতেশ বসুমতাৰী, চণ্ডী বসুমতাৰী আদি উপস্থিত থাকে৷