নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বলাৎকাৰী চিডিআই বসন্ত সিঙক গ্রেপ্তাৰ

প্রশিক্ষার্থী মহিলাক ধর্ষণ

নিয়মীয়া বাৰ্তা ১৬ অক্টোবৰঃ   প্রশিক্ষার্থী নৱবিবাহিত মহিলাক ধর্ষণকাৰী দেৰগাঁওস্থিত অসম আৰক্ষী প্রশিক্ষণ মহাবিদ্যালয়ৰ চি ডি আই বসন্ত সিঙক অৱশেষত গ্রেপ্তাৰ কৰা হৈছে৷ দীঘলীয়া সময়ৰ সোধা–পোছাৰ অন্তত অসম আৰক্ষীৰ খাকী পোছাকত কলংকৰ চেকা লগোৱা জ্যেষ্ঠ বিষয়াজনক বুধবাৰে নিশা দেৰগাঁও থানাতে গ্রেপ্তাৰ কৰা হয়৷ বৃহস্পতিবাৰে দুপৰীয়াৰ ভাগত সিঙক দেৰগাঁও আৰক্ষীয়ে প্রেৰণ কৰে গোলাঘাটৰ আদালতলৈ৷ লক্ষণীয়ভাৱে আদালতলৈ নিয়াৰ সময়ত আৰক্ষীয়ে ধর্ষণৰ অভিযোগত অভিযুক্ত সিঙক সংবাদ মাধ্যমৰ পৰা আঁতৰাই ৰাখিবলৈ সকলো ধৰণৰ চেষ্টা কৰা পৰিলক্ষিত হয়৷ অসম আৰক্ষী প্রশিক্ষণ মহাবিদ্যালয়ৰ সশস্ত্র আৰক্ষী প্রশিক্ষণ কেন্দ্র, চমুকৈ এ পি টি চিৰ চি ডি আই পদত কর্মৰত সিঙৰ বিৰুদ্ধে উত্থাপিত ধর্ষণৰ অভিযোগ সন্দর্ভত ইতিমধ্যে আৰক্ষীয়ে যথেষ্ট তথ্য–প্রমাণ সংগ্রহ কৰিবলৈ সক্ষম হৈছে৷ এই কথা প্রকাশ কৰিছে স্বয়ং দেৰগাঁও থানাৰ ভাৰপ্রাপ্ত বিষয়া কুলেশ ভূঞাই৷ ভাৰপ্রাপ্ত বিষয়াজনে কয়– তদন্তকালত আমি সিঙৰ বিৰুদ্ধে যথেষ্ট তথ্য সংগ্রহ কৰিবলৈ সক্ষম হৈছোঁ৷ তদুপৰি ভুক্তভোগী প্রশিক্ষার্থী মহিলাগৰাকীয়ে উত্থাপন কৰা অভিযোগ অনুসৰি চি ডি আই সিঙৰ কার্যালয় কক্ষৰ কাষত থকা এটা বাথৰুমৰ ভিতৰত এখন বিছনা আজি সাংবাদিকৰ দৃষ্টিগোচৰ হয়৷

উল্লেখ্য যে চি ডি আই সিঙে যোৱা ২ অক্টোবৰৰ পুৱা প্রায় ৭ বজাত কোনো নথকাৰ সময়তে ভুক্তভোগী মহিলা প্রশিক্ষার্থীগৰাকীক নিজৰ কার্যালয় কক্ষলৈ মাতি আনি উপর্যুপৰি ধর্ষণ কৰে৷ চি ডি আই সিঙৰ যৌন নির্যাতন আৰু উপর্যুপৰি ধর্ষণৰ ফলত মহিলা প্রশিক্ষার্থীগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটে৷ তেতিয়া চি ডি আই সিঙে কৌশলেৰে মহিলা প্রশিক্ষার্থীগৰাকীক ছুটী দি গুৱাহাটীৰ ঘৰলৈ পঠিয়াই দিয়ে৷ ঘৰত উপস্থিত হোৱাৰ পাছতে নির্যাতিত মহিলাগৰাকীয়ে স্বামীক সকলো কথা বিৱৰি কোৱাৰ লগতে গুৱাহাটীতে স্বাস্থ্য পৰীক্ষা কৰোৱা হয়৷ তদুপৰি ঘটনা সন্দর্ভত অসম আৰক্ষীৰ গুৱাহাটীস্থিত জ্যেষ্ঠ বিষয়াৰ ওচৰত মহিলা প্রশিক্ষার্থীগৰাকীয়ে অভিযোগ দাখিল কৰে৷ সমান্তৰালভাৱে দুর্ভগীয়া মহিলা প্রশিক্ষার্থীগৰাকী আৰু তেওঁৰ স্বামীয়ে দেৰগাঁও থানাৰ লগতে গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙকো অভিযোগ দিয়ে৷ এই অভিযোগৰ ভিত্তিত চি ডি আই সিঙৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩৫৪ এ/৫০৬/৩২৩ আৰু ৩৭৬ ধাৰাৰ অধীনত ২১৩/২০২০ নম্বৰৰ এটা গোচৰ পঞ্জীয়ন কৰে৷ ইয়াৰ সমান্তৰালভাৱে অভিযুক্ত চি ডি আই সিঙক ঘটনা সম্পর্কত দেৰগাঁও আৰক্ষীয়ে মাৰাথন সোধা–পোছা কৰাৰ অন্তত কালি নিশা গ্রেপ্তাৰ কৰে৷ ইফালে এই ঘটনাক নিন্দনীয় আৰু লজ্জাজনক আখ্যা দিছে অসম আৰক্ষী প্রশিক্ষণ মহাবিদ্যালয়ৰ চাৰিওটা কেন্দ্রৰে দায়িত্বত থকা ডি আই জি মইনুল ইছলাম মণ্ডলে৷ সাংবাদিকৰ প্রশ্ণৰ উত্তৰত শীর্ষ আৰক্ষী বিষয়াজনে কয় যে আইন সকলোৰে বাবে সমান৷ বসন্ত সিঙে যি জঘন্য কাণ্ড সংঘটিত কৰিছে, আইনে নিশ্চিতভাৱে আইনৰ কাম কৰিব৷

You might also like