নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে যুঁজিব কংগ্রেছ বাঁওপন্থী দলে

মহাজোঁট গঠনক লৈ গুৰুত্বপূর্ণ বৈঠক

নিয়মীয়া বাৰ্তা ১৬ অক্টোবৰঃ  আসন্ন বিধানসভা নির্বাচনত বিজেপিক উৎখাতৰ লক্ষ্যৰে কংগ্রেছে মহাজোঁট গঠনৰ বাবে জনোৱা আহ্বানৰ প্রতি সাংসদ বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইইউডিএফ দলে সঁহাৰি দিয়াৰ  পিছত এইবাৰ কংগ্রেছৰে মিত্রতাপাশত আবদ্ধ হ’ল বাঁওপন্থী দল চিপিআই, চিপিআই (এমএল)৷ উল্লেখ্য যে গুৱাহাটীৰ হোটেল গেটৱে’ত বৃহস্পতিবাৰে দিনৰ ১১ বজাত কংগ্রেছ, চিপিআই আৰু চিপিআই (এমএল)ৰ এখন গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত হয়৷ এক সৌহার্দ্যপূর্ণ পৰিৱেশত অনুষ্ঠিত হোৱা এই বৈঠকত বিজেপিক পৰাভূত কৰাৰ স্বার্থত তিনিওটা দলে ঐক্যবদ্ধভাৱে যুঁজ দিয়াৰ পোষকতা কৰে৷ বিজেপিৰ জনবিৰোধী নীতি, সাগৰসম দুর্নীতি, সাম্প্রদায়িক ৰাজনীতিৰ বিৰুদ্ধে তথা জনসাধাৰণৰ স্বার্থৰ সৈতে জড়িত বিষয়সমূহক লৈ ঐক্যবদ্ধভাৱে ৰাজপথত সংগ্রাম কৰাৰ ক্ষেত্রতো তিনিওটা দলে সহমত প্রকাশ কৰে৷ এইক্ষেত্রত বিজেপি, আৰএছএছবিৰোধী তথা সাম্প্রদায়িকতাবিৰোধী সকলো সৰু–বৰ শক্তিক একগোট কৰাৰ ক্ষেত্রত সভাই গুৰুত্ব প্রদান কৰে৷  এই বৈঠকত কংগ্রেছ দলৰ হৈ প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰা, কংগ্রেছ বিধায়িনী দলৰ নেতা তথা বিৰোধী দলপতি দেৱব্রত শইকীয়া, উপ–দলপতি ৰকিবুল হুছেইন, সাধাৰণ সম্পাদক ৰঞ্জন বৰাৰ লগতে সমন্বয়ক হিচাপে মুখপাত্র কমল কুমাৰ মেধি, প্রফুল্ল কুমাৰ দাস উপস্থিত থকাৰ বিপৰীতে চিপিআই দলৰ হৈ দলটোৰ ৰাজ্যিক সম্পাদক মুনীন মহন্ত, ডম্বৰু বৰা, প্রমোদ ভূঞা, আৰু চক্রেশ্বৰ কলিতা আৰু চিপিআই (এমএল) দলৰ হৈ দলটোৰ ৰাজ্যিক সম্পাদক ৰুবুল শর্মা, বিবেক দাস, পংকজ কুমাৰ দাস, বলীন্দ্র শইকীয়া আৰু জ্যোতিপ্রকাশ বৰা উপস্থিত থাকে৷

You might also like