মহানগৰীত অবৈধ বিলাতী সুৰাৰ কাৰখানা উচ্ছেদ
নিয়মীয়া বার্তা, ১৬ অক্টোবৰঃ গুৱাহাটীত বাহৰ পাতি সুৰা মাফিয়াই চলাইছে অবৈধ সুৰাৰ ৰমৰমীয়া বেহা৷ নিজকে ৰাজনৈতিক নেতাৰ ঘনিষ্ঠ বুলি পৰিচয় দি সুৰা মাফিয়াই ৰাজহ ফাঁকিৰে কোটি কোটি টকাৰ বিলাতী সুৰাৰ অবৈধ বেহা চলাই আহিছে৷ সুৰাৰ ছিণ্ডিকেট চক্রটোৱে অৰুণাচলী সুৰাৰ চোৰাং বেহাৰ সমান্তৰালকৈ গুৱাহাটীৰ সমীপৱর্তী চৈধ্য মাইলৰ মৰকদলাত অবৈধ সুৰাৰ কাৰখানা স্থাপন কৰি অসমৰ বিভিন্ন স্থানৰ লগতে নাগালেণ্ডলৈও সুৰাৰ সৰবৰাহ কৰি আহিছে৷
আবকাৰী চোৰাংচোৱা শাখাই সোণাপুৰৰ তেতেলীয়াত অভিযান চলাই এএছ–০১–জিজি–৪১৯৭ নম্বৰৰ চোৰাং সুৰাভর্তি ট্রাকখন জব্দ কৰাৰ পিছতে পোহৰলৈ আহিছে সুৰা ছিণ্ডিকেট চক্রটোৰ ন ন তথ্য৷ কৰফাঁকিৰে ভুৱা চালানেৰে সুৰা সৰবৰাহ কৰাৰ অভিযোগত ৰঞ্জন দৈমাৰী আৰু হবিবুল হক নামৰ দুজন লোকক আবকাৰী বিভাগে গ্রেপ্তাৰ কৰে৷
কালি কামৰূপ সদৰ আবকাৰী বিভাগে গুৱাহাটীৰ ১৪ মাইলৰ মৰকদলাত অভিযান চলাই এটা অবৈধ সুৰাৰ কাৰখানা উচ্ছেদ কৰিবলৈ সক্ষম হয়৷ মৰকদলাৰ এটা বিশাল কেম্পাছত বিলাতী সুৰাৰ অবৈধ কাৰাখানা স্থাপন কৰি দিগন্ত নেওগৰ নেতৃত্বত দীনেশ, পংকজ আৰু ওমে বিলাতী সুৰাৰ বেহা চলাই আহিছিল৷
বিগত চাৰি মাহ ধৰি এই ছিণ্ডিকেট চক্রটোৱে অবৈধ বিলাতী সুৰাৰ কাৰখানাটোৰ পৰা কোটি কোটি টকাৰ সুৰাৰ ব্যৱসায় চলোৱাৰ তথ্য লাভ কৰিছে আবকাৰী বিভাগে৷ অধীক্ষক দেৱজিৎ নাথৰ নেতৃত্বত যোৱা আবকাৰী বিভাগৰ দলটোৱে অবৈধ বিলাতী সুৰাৰ কাৰখানাটোৰ পৰা ৯১৮ কেছ বিভিন্ন ব্রেণ্ডৰ সুৰা, কেইবাহাজাৰ খালী বটল, কাগ, ৪ হাজাৰ লিটাৰ সুৰা প্রস্তুতৰ বাবে ব্যৱহাৰ কৰা বিশেষ এলকহল, অৰুণাচল, মেঘালয় আৰু অসমৰ লেবেল, বিলাতী সুৰা প্রস্তুত কৰা যন্ত্রপাতি, এএছ–০১–কেচি–৮৯৯৯ আৰু এমএল–০৫–এইচ–৬২৭১ নম্বৰৰ দুখন বাহনসহ প্রায় ৮০ লাখ টকাৰ সামগ্রী জব্দ কৰিবলৈ সক্ষম হয়৷
অভিযানকাৰী দলটোৱে সুৰা কাৰখানাটোত কাম কৰা তিলক নেওগ, জয়ন্ত ৰায় দিহিঙীয়া, বিপ্লৱ ভূঞা আৰু ৰাজকুমাৰ দলেক গ্রেপ্তাৰ কৰে৷ উল্লেখ্য যে ছিণ্ডিকেট চক্রটোৱে দীর্ঘদিন ধৰি হিমালয়ান ডিষ্টিলেৰীৰ ভুৱা চালান ব্যৱহাৰ কৰি চোৰাং সুৰাৰ বেহা চলাই আহিছিল৷