শিৱসাগৰৰ শিক্ষক কৃতজ্ঞতা সভাত শিক্ষামন্ত্রী
নিয়মীয়া বাৰ্তা ১৭ অক্টোবৰঃ দিনজোৰা কার্যসূচী হাতত লৈ শুকুৰবাৰে শিৱসাগৰত উপস্থিত হোৱা অসম চৰকাৰৰ শিক্ষা, বিত্ত, লোকনির্মাণ আদি বিভাগৰ মন্ত্রী ড০ শর্মাই শিৱসাগৰ নগৰৰ যুৱদ’লত এক শিক্ষকৰ কার্যসূচীত অংশগ্রহণ কৰে৷ বিগত প্রায় আঠ বছৰে দৰমহাৰ পৰা বঞ্চিত হৈ থকা ৰাজ্যখনৰ প্রায় ১২ হাজাৰ শিক্ষকৰ সমস্যা সমাধানত শিক্ষামন্ত্রীগৰাকীয়ে লোৱা ভূমিকাক প্রশংসা কৰি শিৱসাগৰ মহকুমা প্রাথমিক শিক্ষক সন্মিলনে আয়োজন কৰা বিশেষ কৃতজ্ঞতা অনুষ্ঠানত তেওঁ উপস্থিত থাকি চলিত সময়ত শিক্ষকসকলৰ সমস্যা সমাধানৰ ক্ষেত্রত গ্রহণ কৰা ব্যৱস্থাসমূহ সম্পর্কে অৱগত কৰে৷ উল্লেখ্য যে ৰাজ্যখনৰ প্রায় ১২ হাজাৰ শিক্ষকে বিগত প্রায় ৮ বছৰ ধৰি বেতনৰ পৰা বঞ্চিত হৈ থকাৰ লগতে এইসকল শিক্ষকৰ চাকৰি নিয়মীয়াকৰণো হোৱা নাছিল৷ যাৰ বাবে কংগ্রেছ চৰকাৰৰ দিনৰ পৰা বিভিন্ন দাবী–আন্দোলনৰ কার্যসূচী ৰূপায়ণ কৰি আহিছিল এইসকল শিক্ষকে৷ অৱশেষত শেহতীয়াকৈ অনুষ্ঠিত কেবিনেট বৈঠকত অসম চৰকাৰে শিক্ষকসকলৰ এই সমস্যাৰ আংশিক সমাধানৰ সিদ্ধান্ত গ্রহণ কৰে৷ শিক্ষামন্ত্রী ড০ শর্মাৰ উদ্যোগত গ্রহণ কৰা এই সিদ্ধান্তক আদৰণি জনাই শিক্ষক সন্মিলনীয়ে আজি এই কৃতজ্ঞতা অনুষ্ঠান অনুষ্ঠিত কৰে৷ স্থানীয় যুৱদ’লৰ প্রৱেশদ্বাৰৰ পৰা পুষ্প বৃষ্টিৰে শিক্ষামন্ত্রীগৰাকীক আদৰণি জনাই শিক্ষকসকলে সঁফুৰা, গামোচা, চেলেং চাদৰ, সম্বর্ধনা–পত্র আদিৰে মন্ত্রী ড০ শর্মাক উষ্ম সম্বর্ধনা জনায়৷ ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগৰ স্বতন্ত্র ৰাজ্যিক মন্ত্রী যোগেন মহন উপস্থিত থকা সভাখনত মন্ত্রী ড০ শর্মাই ৰাজ্য চৰকাৰে শিক্ষকসকলৰ সমস্যা সমাধানৰ ক্ষেত্রত গ্রহণ কৰা পদক্ষেপসমূহ সদৰী কৰে৷ তেওঁ ভাষণ প্রসংগত কয় যে ৰাজ্যৰ বিজেপি চৰকাৰে সকলো সময়তে শিক্ষকসকলৰ সমস্যা সমাধানত চেষ্টা কৰি আহিছে৷ বিদ্যালয়সমূহৰ প্রাদেশিকীকৰণ, টেট শিক্ষকসকলৰ নিযুক্তি, বিদ্যালয়ৰ খালী পদ পূৰণ আদিকে কৰি বেতনবঞ্চিত শিক্ষকসকলৰ বহুদিনীয়া সমস্যা সমাধানৰ চেষ্টা কৰিছে৷ যাৰ বাবে ৰাজ্যৰ এইসকল শিক্ষকৰ সমস্যা সমাধানৰ বাবে বিগত কেবিনেটত অসম চৰকাৰে এক গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰে৷ এই সিদ্ধান্ত অনুসৰি ১৯৯১ চনৰ পৰা ২০০১ চনলৈ নিযুক্তিপ্রাপ্ত বেতনবঞ্চিত তথা অনিয়মীয়া শিক্ষকসকলৰ বছৰ বছৰজোৰা সমস্যাৰ আংশিক সমাধানসূত্র উলিওৱা হয়৷ এই অনুসৰি নিয়ুক্তিৰ পাছত দৰমহা লাভ কৰা তথা প্রশিক্ষণপ্রাপ্ত শিক্ষকসকলক নিয়মীয়াকৰণৰ লগতে চলিত হাৰৰ বেছিক পে’ত দৰমহা প্রদানৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ কেবিনেটৰ বৈঠক অনুষ্ঠিত হোৱাৰ দিনৰ পৰা এই সিদ্ধান্ত বলৱৎ হ’ব৷ সেইদৰে নিয়োগৰ পাছত দৰমহা লাভ কৰা কিন্তু প্রশিক্ষণ নথকা শিক্ষকসকলক এক ফিক্সড পে’ প্রদানৰ লগতে প্রশিক্ষণৰ ব্যৱস্থা কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ প্রশিক্ষণৰ অন্তত তেওঁলোকৰ পদ নিয়মীয়াকৰণৰ ব্যৱস্থা চৰকাৰে কৰিব বুলি মন্ত্রী ড০ শর্মাই জানিবলৈ দিয়ে৷ আনহাতে, যিসকলে নিয়োগৰ পাছৰ পৰা দৰমহা লাভ কৰা নাই তথা প্রশিক্ষণ লোৱা নাই, তেওঁলোকৰ ক্ষেত্রত চৰকাৰে বর্তমান কোনো ব্যৱস্থা ল’ব পৰা নাই যদিও ভৱিষ্যতে এই সমস্যাসমূহ সমাধানৰ চেষ্টা কৰা হ’ব বুলি তেওঁ সদৰী কৰে৷ বিগত প্রায় ৮ বছৰ ধৰি শিৱসাগৰ জিলাৰ প্রায় ১,৫৩৫গৰাকী শিক্ষকৰ এনে সিদ্ধান্তৰ ফলত সমস্যা সমাধান হ’ব বুলিও মন্ত্রীগৰাকীয়ে আশা প্রকাশ কৰে৷ আজিৰ কৃতজ্ঞতা সভাত ৰাজ্যসভাৰ সাংসদ কামাখ্যাপ্রসাদ তাছা, থাওৰা সমষ্টিৰ বিধায়ক কুশল দুৱৰী, প্রাথমিক শিক্ষক সন্মিলনীৰ ৰাজ্যিক সভাপতি বীৰেন বৰা, সম্পাদক ৰাতুল গোস্বামী, জিলা উপায়ুক্ত লক্ষীনন্দন গগৈ, সমাজকম্ ভবেন্দ্র নাথ মহন, অনুপ সিং ৰাজপুৰোহিত, ময়ূৰ বৰগোহাঁই, বিনীতা শইকীয়া আদি উপস্থিত থাকে৷ আনহাতে, আজিৰ কতৃজ্ঞতা সভাত শিৱসাগৰ জিলা বেতনবঞ্চিত প্রাথমিক শিক্ষক সন্থাই মন্ত্রী ড০ শর্মাৰ লগতে উপস্থিত থকা সাংসদ তথা বিধায়কক ধন্যবাদ পত্রৰ লগতে আগন্তুক দিনত নিয়মীয়াকৰণৰ সময়ত থাকি যোৱা আসোঁৱাহসমূহ পূৰণ কৰিবলৈ এখন স্মাৰক–পত্র প্রদান কৰে৷