ৰাজ্যৰ বনাঞ্চলত বন মাফিয়া–চোৰাং ব্যৱসায়ীৰ সমান্তৰাল শাসন
নিয়মীয়া বাৰ্তা ১৭ অক্টোবৰঃ দৰঙত শুকুৰবাৰে ২টা অবৈধ কাঠফলা মিল জব্দত সফল হয় বন বিভাগ৷ বিভাগটোৱে এমাহত এয়া চতুর্থটো অবৈধ মিল জব্দ কৰাৰ লগতে কাঠফুলাৰ দৰে দৰঙৰ প্রান্তে প্রান্তে গঢ় লৈ উঠা অবৈধ মিল আৰু এনে মিলৰ ছিণ্ডিকেট উৎখাতৰ ইংগিত দিছে৷ লক্ষণীয় যে উত্তৰ কামৰূপ সংমণ্ডল বিষয়া দীপক ডেকাৰ নির্দেশমর্মে ৰঙিয়া বনাঞ্চলিক বিষয়াৰ তৎপৰতাত দলগাঁৱৰ বাঢ়ৈপাৰা আৰু খাৰুপেটীয়া ঘেনামাৰীৰ পৰা অবৈধ কাঠমিল দুটা পুৱতিনিশা অভিযান চলাই জব্দ কৰে৷ অবৈধ মিল দুটা ক্রমে দলগাঁও থানা আৰু খাৰুপেটীয়া থানা এলেকাত গোপনে চলাই থকা হৈছিল৷ মন কৰিবলগীয়া যে খাৰুপেটীয়া আৰু দলগাঁও থানা এলেকাত বিগত সময়ত ২৫–৩০টাকৈ কাঠমিল গঢ় লৈ উঠিছিল যদিও মিলবোৰ জব্দ কৰাৰ পূর্বেই কৌশলেৰে আঁতৰাই থোৱা হৈছিল৷ নিশাৰ ভিতৰতে স্থান সলনি কৰি বিভ্রান্ত কৰিছিল অবৈধ চক্রটোৱে৷ কিন্তু ইয়াৰ মাজতে ডিএফ’ দীপক ডেকাই বিশেষ সূত্রৰ পম খেদি দুটা মিল জব্দ কৰোৱাত সফল হয়৷ অৱশ্যে এতিয়াও ওদালগুৰি জিলাৰ প্রান্তে প্রান্তে বিভিন্ন অবৈধ কাঠমিল চলিয়েই আছে মুকলিভাৱে৷ এন কে ডিভিজনৰ অন্তর্গত খণ্ড বন বিষয়াৰ কর্মচাৰীসকলে চকুৰ আগত দেখিও প্রশাসনিক সীমাবদ্ধতাৰ বাবে এনে অপকর্ম ৰোধ কৰিব পৰা নাই৷ দৰঙৰ সীমামূৰীয়া এনে মিলসমূহ মাহিলি বিশাল পৰিমাণৰ হাপ্তা লৈ ওদালগুৰি জিলা বন বিভাগে চলাই থকাৰ অভিযোগ উঠিছে যদিও কোনো তৎপৰতা নাই বিটিআৰৰ বন বিভাগৰ৷
পর্বতঝোৰা বন সংমণ্ডলৰ অন্তর্গত খোৰাঘাট বনাঞ্চলিক কার্যালয়ৰ বনকর্মীৰ এটা দলে কালি এক গোপন সূত্রৰ ভিত্তিত অভিযান চলাই বৃহৎ আকাৰৰ অবৈধ কাঠফলা মিল আৰু বুজন পৰিমাণৰ চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হয়৷ প্রাপ্ত তথ্য অনুসৰি, খোৰাঘাট বনাঞ্চলিক বিষয়া উত্তমানন্দ গোস্বামীৰ তৎপৰতাত কালি খোৰাঘাট বনাঞ্চলিকৰ ডেপুটী বন বিষয়া বাবুল চন্দ্র দাসৰ নেতৃত্বত বন বিভাগৰ দলে পর্বতঝোৰা মহকুমাৰ অন্তর্গত খুটাবাগ্রা অঞ্চলত চোৰাং কাঠ সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলাওঁতে চোৰাং কাঠ সৰবৰাহকাৰীয়ে ব্যৱহাৰ কৰা বৃহৎ আকাৰৰ অবৈধ কাঠ ফলা মিল আৰু উক্ত ঠাইত মজুত ৰখা বৃহৎ পৰিমাণৰ শাল আৰু ননশালৰ কুণ্ডা জব্দ কৰে৷ খাৰাঘাট বনাঞ্চলিকৰ বনকর্মীৰ অভিযানকালত চোৰাং কাঠ সৰবৰাহকাৰীসকলে ঘটনাস্থলীৰ পৰা পলাই পত্রং দিয়ে৷ জব্দ কৰা কাঠফলা মিলসহ কাঠখিনিৰ দাম কেইবালাখ টকা হব বুলি জানিব পৰা গৈছে৷
যোৱানিশা ৰঙিয়া বন সংমণ্ডল প্রাধিকাৰী দীপক ডেকা আৰু বনপালক দেৱব্রত শর্মাৰ নেতৃত্বত অভিযান চলাই বন বিভাগে মূল্যৱান গমাৰি কাঠসহ দুখন ডি আই গাডী জব্দ কৰিবলৈ সক্ষম হয়৷ জব্দ কৰা বাহন দুখনৰ নম্বৰ হৈছে এ এছ–১৪ চি–৯৭৩৭ আৰু এএছ–১৪ চি–৮২৭৭৷ আনহাতে, বন বিভাগে কাছিমপুৰ, সৰিয়হতলী অঞ্চলৰ পৰা দুটা অবৈধ কাঠ ফলা মিলো জব্দ কৰে বুলি জনা গৈছে৷