নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাকেশ পালসহ ৪৪জনৰ বিৰুদ্ধে দাখিল চার্জশ্বীট

কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰি

নিয়মীয়া বাৰ্তা ১৭ অক্টোবৰঃ  কৃষি উন্নয়ন বিষয়া (এ ডি অ’) নিযুক্তি সন্দর্ভত অসম লোকসেৱা আয়োগত (এ পি এছ চি) সংঘটিত বিয়াগোম কেলেংকাৰিত ষষ্ঠখন পৰিপূৰক চার্জশ্বীট দাখিল কৰিছে তদন্তকাৰী আৰক্ষীয়ে৷ আয়োগৰ প্রাক্তন অধ্যক্ষ ৰাকেশ পালসহ মুঠ ৪৪গৰাকীৰ বিৰুদ্ধে এই চার্জশ্বটী দাখিল কৰা হৈছে৷ চার্জশ্বীটত অভিযুক্তসকলৰ ভিতৰত বর্তমানলৈ ৯জনক গ্রেপ্তাৰ কৰা হৈছিল৷ সম্প্রতি এই গোচৰতে কাৰাগাৰত আছে অসম লোকসেৱা আয়োগক কলংকিত কৰা প্রাক্তন অধ্যক্ষ ৰাকেশ পাল৷ তদুপৰি এই গোচৰত আয়োগৰ বসন্ত কুমাৰ দলে, চামেদুৰ ৰহমান, বিনীতা ৰিনজাকে ধৰি একাংশ মধ্যভোগীৰ ভূমিকা লোৱা ৰাজপত্রিত বিষয়াক গ্রেপ্তাৰ কৰা হৈছিল৷ অৱশ্যে চার্জশ্বীটত নাম অন্তর্ভুক্ত হোৱা আন অভিযুক্তসকলক এতিয়ালৈ গ্রেপ্তাৰ কৰা হোৱা নাই৷ ভঙাগড় আৰক্ষীয়ে অব্যাহত ৰখা এই বিয়াগোম নিযুক্তি কেলেংকাৰিৰ তদন্তত পোহৰলৈ অহা বহু বিস্ফোৰক তথ্য সন্নিৱিষ্ট হৈছে ১৯ পৃষ্ঠাৰ চার্জশ্বীটখনত৷ কিদৰে একাংশ মন পছন্দৰ প্রার্থীক সংশ্লিষ্ট পৰীক্ষাত উত্তীর্ণ কৰোৱাই দিবলৈ নীতি বহির্ভূতভাৱে নম্বৰ প্রদান কৰা হৈছিল, সেয়া পোহৰলৈ আহিছে গোচৰটোৰ তদন্তকালত৷ ইতিমধ্যে গ্রেপ্তাৰ হোৱা আয়োগৰ সদস্য বিনীতা ৰিনজাই এইক্ষেত্রত বিশেষ ভূমিকা গ্রহণৰ কথাও উল্লেখ কৰা হৈছে৷ ধৃত চামেদুৰ ৰহমানেও একাংশ প্রার্থীক মার্কশ্বীটত নম্বৰ বৃদ্ধি কৰিছিল৷ যাতে তেওঁলোকে এ ডি অ’ পদবীত নিযুক্তি লাভ কৰিব পাৰে৷ ইতিমধ্যে আদালতৰ মজিয়াত দিয়া জবানবন্দীত ধৃত বিনীতা ৰিনজাই স্পষ্টভাৱে উল্লেখ কৰিছে যে তেওঁ একাংশ প্রার্থীৰ নম্বৰ বঢ়া–টুটা কৰিছিল৷ উল্লেখ্য যে এই গোচৰটোত ৰাকেশ কুমাৰ পাল, মোছাৰক হুছেইন, কুনাল দাস, বিকাশ কুমাৰ পিন্সা, কৌশিক কলিতা আৰু মৃগেন হালৈৰ বিৰুদ্ধে গোচৰ চলোৱাৰ অনুমতি প্রদান কৰা হৈছে৷ এতিয়াও বসন্ত কুমাৰ দলে, চামেদুৰ ৰহমান আৰু বিনীতা ৰিনজাৰ বিৰুদ্ধে গোচৰ চলোৱাৰ অনুমতি বিচাৰিছে৷ তদন্তকাৰী আৰক্ষীয়ে বিশেষ আদালতত দাখিল কৰা চার্জশ্বীটখনত উল্লেখ কৰা অনুসৰি ৰাকেশ কুমাৰ পাল, বসন্ত দলে আৰু চামেদুৰ ৰহমানৰ সৈতে ঘনিষ্ঠ সম্পর্ক ৰক্ষা কৰিছিল কুনাল দাস, বিকাশ কুমাৰ পিন্সা আৰু কৌশিক কলিতাই৷ তিনিওৱে বিভিন্ন প্রার্থীৰ পৰা এ ডি অ’ হিচাপে নিযুক্তি দিয়াৰ নামত ধন সংগ্রহ কৰি ৰাকেশ কুমাৰ পালক দি আহিছিল৷ উৎকোচ হিচাপে লাভ কৰা ধনসমূহ ৰাকেশ পালৰ একাউণ্টত জমা হৈছিল৷ ইতিমধ্যে আৰক্ষীৰ জেৰাত এই কথা সদৰী কৰিছে ধৃত অধ্যক্ষজনে৷

You might also like