ছয়গাঁও আৰক্ষীৰ বৃহৎ সাফল্য, একে নিশাই গ্ৰেপ্তাৰ কৰিলে দুজন বাইক চোৰ আৰু তিনিজন আই পি এলৰ জুৱাৰী
নিয়মীয়া বাৰ্তা, ১৭ অক্টোবৰ : ছয়গাঁও আৰক্ষীৰ বৃহৎ সাফল্য ৷ একে নিশাই গ্ৰেপ্তাৰ কৰিলে দুজন বাইক চোৰ আৰু তিনিজন আই পি এলৰ জুৱাৰী ৷ ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নিৰ্দেশত চলোৱা এক অভিযানত যোৱা নিশা সন্ধিয়া ছয়গাঁও গুমি পথত জেল হক নামৰ এজন বাইক চোৰক এখন নাম্বাৰ প্লেটবিহীন বাইক সহ আটক কৰে ৷ জেল হকৰ স্বীকাৰোক্তিৰ ভিত্তিত নিশা আৰক্ষীয়ে গৰৈমাৰীৰ ঘোৰামাৰাৰ পৰা ৰকিবুল হুছেইন নামৰ লোকজনক নিজ ঘৰৰ পৰা আটক কৰে ৷ আৰক্ষীয়ে জানিবলৈ দিয়ামতে গৰৈমাৰীৰ কালাতলী পথাৰৰ জেল হক নামৰ লোকজনক ইতিমধ্যে বাইক চুৰিৰ অভিযোগত তিনিমাহ পূৰ্বে ছয়গাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৷ জেলৰ পৰা পুনৰ ওলাই আহি জেল হকে বাইক চুৰি কাৰ্যত জড়িত হৈ পৰে আৰু পুনৰবাৰ আৰক্ষীৰ হাতত ধৰা পৰে ৷
আনহাতে ৰকিবুল হুছেইন নামৰ চোৰজনে ইতিমধ্যে ৪ খন চুৰি কৰা বাইক মেঘালয়ত বিক্ৰী কৰা বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰিছে ৷ আনহাতে আৰক্ষীয়ে প্ৰকাশ কৰামতে জেল হকে চোৰ কৰা গাড়ী সমূহ ৰকিবুল হুছেইনৰ জৰিয়তে বিক্ৰী কৰে ৷ দুয়োজন চোৰেই বিভিন্ন ডকাইটি কাণ্ডৰ লগতে বহু অপৰাধ মূলক কামত জড়িত থকা বুলিও আৰক্ষীয়ে জানিবলৈ দিছে ৷ ইফালে যোৱা নিশাই ছয়গাঁও আৰক্ষীয়ে চলোৱা এক অভিযানত ছয়গাঁৱৰ গুমিৰ পৰা তিনিজন আই পি এলৰ জুৱাৰীক গ্ৰেপ্তাৰ কৰে ৷ গুমি চ’কৰ মাইনুদ্দিন আহমেদ নামৰ দোকানীজনৰ দোকানত আই পি এলক লৈ জুৱাৰ বজাৰ চলাই থকা আগগুমিৰ আবুজাহান আলী আৰু মজুন্দাৰ আলীৰ লগতে মাইনুদ্দিন আহমেদ সহ তিনিজনক গ্ৰেপ্তাৰ কৰে ৷ আৰক্ষীয়ে তেওঁলোকৰ পৰা আই পি এলৰ বিভিন্ন নথি পত্ৰৰ লগতে ১০২৫০ টকাৰ লগতে দুটা ম’বাইল জব্দ কৰে ৷ এই তিনিওজনে চলিত আই পি এলক লৈ এক বৃহৎ জুৱা চলাই আছিল বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷ উল্লেখযোগ্য যে ছয়গাঁও আৰক্ষী থানাত কপিল পাঠক নামৰ আৰক্ষী বিষয়া গৰাকীয়ে যোগদান কৰাৰ প্ৰায় আঠ মাহ হ’ল ৷ এই আঠ মাহত আৰক্ষী বিষয়া গৰাকীৰ নেতৃত্বত ২৪ জন বাইক চোৰ গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে ২৫ খন বাইক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷ আনহাতে ড্ৰাগছ,ব্ৰাউন চুগাৰ আৰু নিচাজাতীয় সামগ্ৰীৰ ব্যৱসায়ত জড়িত থকাৰ অপৰাধত ১৬ জন লোকক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে ১০ টা গোচৰ পঞ্জীয়ন হৈছে ৷ আনহাতে জালি নোট ব্যৱসায়ৰ লগত জড়িত ৪ জন লোকক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে ৫ লাখ টকা জালি নোট জব্দ কৰিবলৈ সক্ষম হয় ৷ আৰক্ষী বিষয়া গৰাকীৰ এই সাফল্যক সচেতন মহলে ভূয়সী প্ৰশংসা কৰিছে ।